--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৫ হেক্টৰ মাটিকালি। তাৰ ওপৰত নিৰ্মাণ কৰা হৈছে ‘ভিলা লৰেনা’। তাত আনা জুলিয়া টৰেছ নামৰ মহিলাগৰাকীয়ে ৯০০ সন্তানৰ সৈতে থাকে। সকলো শিশু চাৰিঠেঙিয়া জন্তু। কেলিফৰ্ণিয়াৰ কালি নামৰ অঞ্চলটোত থকা আনাৰ বাসস্থানত এদল সিংহ আৰু হাতী ঘূৰি ফুৰা দেখা যায়। ঘৰতে পোহনীয়া বান্দৰৰ পৰা আৰম্ভ কৰি ‘ভিলা লৰেনা’ত বিভিন্ন প্ৰজাতিৰ প্ৰাণী দেখা পোৱা যায়।

আন্নাই এখন চাৰ্কাছৰ পৰা উদ্ধাৰ কৰি আনে জুপিটাৰ নামৰ এটা সিংহ। তেতিয়া সিংহটোৰ বয়স আছিল ৩ বছৰ। সিংহটোৰ অৱস্থা দুৰ্বিষহ আছিল। শৰীৰত ঘাঁ। এনে অৱস্থাত সিংহটোক আন্নাই তেওঁক উদ্ধাৰ কৰি নিজৰ ভিলালৈ লৈ আহিছিল।

আন্না আৰু জুপিটাৰৰ বন্ধুত্ব ক্ৰমান্বয়ে গভীৰ হৈ পৰে। তেওঁ নিজৰ হাতেৰে জুপিটাৰক প্ৰতিপাল কৰিব ধৰিলে। ঘৰৰ আন যিকোনো পোহনীয়া জন্তুৰ দৰে জুপিটাৰে আচৰণ আছিল। তেনেকৈয়ে ষোল্ল বছৰ কেতিয়া পাৰ হৈ গ’ল আন্নাই বুজি নাপালে।

ষোল্ল বছৰৰ পাছত জুপিটাৰ আৰু আন্নাৰ বন্ধুত্বৰ অন্ত পৰে। পৰিৱেশ বিভাগৰ বিষয়াসকলে আন্নাৰ ভিলা পৰিদৰ্শন কৰে। তেওঁলোকে সিদ্ধান্ত ল’লে যে এনে পৰিৱেশ সিংহৰ বাবে উপযোগী নহয়। তেওঁক অধিক মুকলি পৰিৱেশৰ প্ৰয়োজন। গতিকে তেওঁলোকে জুপিটাৰক লগত লৈ গ’ল।

তাৰ তিনি-চাৰি বছৰৰ মূৰত আন্নাই জুপিটাৰক লগ কৰিবলৈ গ’ল। কিন্তু সিংহটোৰ অৱস্থা দেখি তেওঁ কান্দি উঠিল। শেষবাৰৰ বাবে যেতিয়া তেওঁক জুপিটাৰক লগ পাইছিল তেতিয়া তাৰ ওজন আছিল ২৫০ কিলোগ্ৰাম। কিন্তু লক্ষ্য কৰে যে এই কেইবছৰতে সিংহটোৰ ওজন ৯০ কিলোগ্ৰামলৈ হ্ৰাস পাইছে।

জুপিটাৰ ইমানেই দুৰ্বল হৈ পৰিছিল যে সি উঠি বহিবও নোৱাৰিছিল। সি আন্নাকো চিনি নাপালে। আন্নাই আৰু নিজকে ধৰি ৰাখিব নোৱাৰিলে। সংবাদ মাধ্যমৰ সহায় লৈ তেওঁ সিংহটোক পুনৰ নিজৰ ওচৰলৈ ঘূৰাই আনিলে। আন্নাৰ পৰা যত্ন লোৱাৰ পিছত জুপিটাৰ লাহে লাহে সুস্থ হ’বলৈ ধৰিলে।

জুপিটাৰে পুনৰ স্বাভাৱিকভাৱে খাবলৈ আৰম্ভ কৰিলে। সি আন্নাকো চিনি পাবলৈ লয়। দুয়োজনে আকৌ বিচাৰি পায় নিজৰ হেৰুৱা বন্ধুত্ব। কিন্তু এই সুখ বেছি দিন উপভোগ কৰিব পৰা নাছিল। জুপিটাৰক ঘৰলৈ অনাৰ দুসপ্তাহৰ পিছতেই তাৰ মৃত্যু হয়। ২০ বছৰীয়া জুপিটাৰৰ আন্নাই এতিয়াও পাহৰিব পৰা নাই।

আন্নাৰ জীৱ-জন্তুৰ প্ৰতি প্ৰেম আৰম্ভ হৈছিল পেছাদাৰী কাৰণত। ২২ বছৰ পূৰ্বে তেওঁ শিক্ষকতাৰ সৈতে জড়িত আছিল। মাজে মাজে আন্নাই ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিক ভাল পাবলৈ কৈছিল। এদিন পঢ়োৱাৰ সময়ত তেওঁ ছাত্ৰ-ছাত্ৰীক ক'লে, "তোমালোকৰ যাৰ যাৰ ঘৰত পোহনীয়া জন্তু আছে, সকলোৱে নিজৰ পোহনীয়া জন্তুবোৰ স্কুললৈ লৈ আহিবা। কথা পাতিম।’’

যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পোহনীয়া জন্তুবোৰক শ্ৰেণীলৈ আনে, তেতিয়া আন্নাই উপলব্ধি কৰে যে কেনেকুৱা জীৱ-জন্তুক পোহনীয়া কৰিব পাৰি। কেইমাহমান পিছত আন্নাৰ বন্ধু এজনে তাইক এটা উইচ্ছু এটা দিলে। আন্নাৰ বন্ধুৱে অবৈধভাৱে জন্তুটো কিনিছিল। কিন্তু উইচ্ছুটোক লৈ সি বিৰক্ত হৈ পৰিছিল। আন্নাই জীৱ-জন্তু ভাল পায় বুলি জানি বন্ধুজনে নিজৰ পোহনীয়া জন্তুটো তাইৰ ওচৰলৈ লৈ আহিল।

আন্নাই ভাবে যে তাইৰ বন্ধুৰ দৰে বহুত মানুহ আছে যিয়ে আৰু নিজৰ পোহনীয়া জন্তুবোৰ লগত ৰাখিব নিবিচাৰে। আনকি কিছুমানে নিজৰ পোহনীয়া জন্তুক মাৰপিটো কৰে। আন্নাই পোহনীয়া জন্তুবোৰক তেওঁলোকৰ পৰা উদ্ধাৰ কৰাৰ সিদ্ধান্ত ল’লে।

কিন্তু ইমানবোৰ জীৱ-জন্তু একেলগে ৰাখিব ক’ত? আনাই কালি চহৰত সস্তীয়া মাটি বিচাৰি পায়। সেই মাটি তেওঁ জীৱ-জন্তুৰ আশ্ৰয়ৰ বাবে কিনে। 'ভিলা লৰেনা' নিৰ্মাণ কৰে।

আন্নাই জানিছিল যে চাৰ্কাছৰ তম্বুবোৰত জীৱ-জন্তুক আটাইতকৈ বেছি অত্যাচাৰ কৰা হয়। গতিকে চাৰ্কাছৰ টেণ্টৰ পৰা জীৱ-জন্তু উদ্ধাৰ কৰাৰ সিদ্ধান্ত লয় তেওঁ। সকলোৱে তেওঁৰ এই পদক্ষেপত সন্মতি দিলে। হঠাতে তেওঁ ‘য়েয়ো’ নামৰ বান্দৰ এটা পালে। তাৰ মালিকে গোটেই দিনটো মদ খাই দিন কটাইছিল। য়েয়োকো মাৰ-ধৰ কৰিছিল। খবৰটো পাই আনা খৰধৰকৈ য়েয়োক উদ্ধাৰ কৰিবলৈ গ’ল।

য়েয়োক লগ পোৱাৰ পিছত আনাই লক্ষ্য কৰে যে বান্দৰটোৰ গোটেই শৰীৰত তেজৰ দাগ আছে, আঘাতৰ চিন। চুবুৰীয়াইও আন্নাক অভিযোগ কৰে যে প্ৰতি নিশা ঘৰৰ পৰা বান্দৰৰ কান্দোন শুনিবলৈ পায়। আন্নাই পোহনীয়া জন্তুটোৰ মালিকৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ দাখিল কৰে। তদন্তত জানিব পৰা মতে, মদ্যপান কৰাৰ পিছত মালিকে বান্দৰটোক বাৰে বাৰে লাথি মাৰিছিল। অৱশেষত আন্নাই য়েয়োক উদ্ধাৰ কৰি নিজৰ ওচৰলৈ আনে।

আন্নাই চাৰ্কাছৰ তম্বুৰ পৰা এটা হাতীও উদ্ধাৰ কৰে। আন্নাই লক্ষ্য কৰে যে হাতীটােৰ ঠেং কাটি পেলোৱা হৈছে, ভৰি দুখনত ঘাঁ হৈছে, আনকি চকু এটাও নোহোৱা হৈছে। আন্নাই হাতীটোক লগত লৈ যাব বিচাৰিছিল যদিও চাৰ্কাছ কৰ্তৃপক্ষই মান্তি নহ’ল। তাৰ পিছত আন্নাই চিনাকি বন্ধু-বান্ধৱীৰ সৈতে চাৰ্কাছৰ তম্বুৰ সন্মুখত বহিল। ধাৰাবাহিক ধৰ্ণা কাৰ্যসূচীৰ অন্তত অৱশেষত চাৰ্কাছ কৰ্তৃপক্ষই আন্নাৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। চাৰ্কাছৰ তম্বুৰ ভিতৰৰ পৰা হাতীটো এৰি দিলে। হাতীটোৱে আন্নাক ডালৰে সাৱটি ধৰে। আন্নাইও সেই হাতীটোক কেলিফৰ্ণিয়ালৈ লৈ আহিছিল।

কেলিফৰ্ণিয়াৰ ভিলা লৰেনালৈ এতিয়াও বিভিন্ন প্ৰজাতিৰ প্ৰাণীয়ে ভ্ৰমণ কৰে। সকলোৰে সৈতে এটা সুখী পৰিয়াল গঢ়ি তোলাৰ পিছতো আন্নাৰ জীৱনত জুপিটাৰ নামৰ সিংহটোৰ স্মৃতিয়ে আমনি কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা