--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহু মানুহেই নিজৰ ফিটনেছৰ ওপৰত গুৰুত্ব দিয়ে। তাৰবাবে বহুতে বহু কষ্ট কৰে আৰু কিছুমানে কম কষ্ট কৰিয়ে ওজন হ্ৰাস কৰিব বিচাৰে আৰু বহুত মানুহ আছে যিয়ে ঘৰত এনেই শুই-বহি থাকিয়ে ওজন কম হোৱাৰ সপোন দেখি থাকে। আপুনিও যদি ব্যায়াম কৰি বেয়া পায় বা আন যিকোনো শাৰীৰিক কচৰত কৰি বেয়া পায় তেন্তে সহজ উপায়েৰে কেনেদৰে নিজৰ ওজন হ্ৰাস কৰিব পাৰি জানি লওক। 

পুৱা খালীপেটত সেৱন কৰক এইসমূহ বস্তু

১) গৰম পানীৰ সৈতে মৌঃ প্ৰতিদিনে পুৱা খালী পেটত গৰম পানীৰ সৈতে মৌ সেৱন কৰিলে ওজন কমোৱাত সহায় হয়। ইয়াৰ বাবে শৰীৰত ছুগাৰৰ মাত্ৰা অটুট থাকে আৰু ছালখনো জিলিকি উঠে।

২) নেমুৰ পানীঃ প্ৰতিদিনে পুৱা খালী পেটত নেমুৰ পানী সেৱন কৰাটোও ওজন কমোৱাৰ এক ফলপ্ৰসূ সমাধান। শীতকালত ঠাণ্ডা বা চাইনাছৰ সমস্যা থকা লোকসকলে কুহুমীয়া বা গৰম পানীত নেমুৰ ৰস দি খাব পাৰে।

৩) বিলাহী-দৈ শ্বেকঃ একাপ দৈ (ফেট ফ্ৰী), আধা চামুচ নেমুৰ ৰস, মিহিকৈ কটা আদা, জালুক আৰু নিমখ ৰুচি অনুসৰি একাপ বিলাহীৰ ৰসত মিহলাই মিহলাই লওক। দৈনিক এক গিলাচ এই শ্বেক খালে আপোনাৰ ওজন দ্ৰুতগতিত কমি যাব।

৪) প্ৰচুৰ পৰিমাণে পানী খাব লাগেঃ দিনটোত আঠৰ পৰা ন গিলাচ পানী খালেও ওজন কমে। বহু গৱেষণাৰ মতে দিনটোত আঠৰ পৰা ন গিলাচ পানী খাই ২০০ৰ পৰা ২৫০ কেলৰি জ্বলাব পাৰি।

৫) গ্ৰীণ টিঃ ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড মেডিকেল চেণ্টাৰৰ গৱেষকসকলে তেওঁলোকৰ গৱেষণাত গ্ৰীণ টিত বিশেষ ধৰণৰ পলিফিনল পোৱা যায়, যিয়ে শৰীৰৰ চৰ্বি জ্বলোৱাত সহায় কৰে।

৬) ক্ৰেনবেৰীৰ ৰসঃ ওজন কমাবলৈ ক্ৰেনবেৰীৰ ৰসো অতি উপকাৰী। ইয়াৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া সুক্ষ্ম হৈ থাকে আৰু চৰ্বি কমোৱাত সহজ হয়।

৭) ধনীয়া আৰু নেমুৰ ৰসঃ উপকৰণ: ৬০ গ্ৰাম সেউজীয়া ধনীয়া(পিহি লোৱা), এটা নেমু, ৪ গিলাচ পানী। নেমু দুটা ভাগত কাটি এটা পাত্ৰত চেপি লওক। তাত ধনীয়া গুড়ি আৰু পানী মিহলাই লওক। ভালদৰে মিহলাই লওক। আপোনাৰ স্বাস্থ্যকৰ ৰস সাজু হৈছে।  এই ৰস খালী পেটত একেৰাহে ৫ দিন খাব লাগে। সেউজীয়া ধনীয়াই কেৱল পাচন শক্তি বৃদ্ধি কৰাই নহয় শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ই তেজৰ পৰা অশুদ্ধি আঁতৰায়। নেমুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। এই ৰস খালী পেটত ৫ দিন অবিৰতভাৱে সেৱন কৰি ওজন কমাব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক