--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বহু মানুহেই নিজৰ ফিটনেছৰ ওপৰত গুৰুত্ব দিয়ে। তাৰবাবে বহুতে বহু কষ্ট কৰে আৰু কিছুমানে কম কষ্ট কৰিয়ে ওজন হ্ৰাস কৰিব বিচাৰে আৰু বহুত মানুহ আছে যিয়ে ঘৰত এনেই শুই-বহি থাকিয়ে ওজন কম হোৱাৰ সপোন দেখি থাকে। আপুনিও যদি ব্যায়াম কৰি বেয়া পায় বা আন যিকোনো শাৰীৰিক কচৰত কৰি বেয়া পায় তেন্তে সহজ উপায়েৰে কেনেদৰে নিজৰ ওজন হ্ৰাস কৰিব পাৰি জানি লওক। 

পুৱা খালীপেটত সেৱন কৰক এইসমূহ বস্তু

১) গৰম পানীৰ সৈতে মৌঃ প্ৰতিদিনে পুৱা খালী পেটত গৰম পানীৰ সৈতে মৌ সেৱন কৰিলে ওজন কমোৱাত সহায় হয়। ইয়াৰ বাবে শৰীৰত ছুগাৰৰ মাত্ৰা অটুট থাকে আৰু ছালখনো জিলিকি উঠে।

২) নেমুৰ পানীঃ প্ৰতিদিনে পুৱা খালী পেটত নেমুৰ পানী সেৱন কৰাটোও ওজন কমোৱাৰ এক ফলপ্ৰসূ সমাধান। শীতকালত ঠাণ্ডা বা চাইনাছৰ সমস্যা থকা লোকসকলে কুহুমীয়া বা গৰম পানীত নেমুৰ ৰস দি খাব পাৰে।

৩) বিলাহী-দৈ শ্বেকঃ একাপ দৈ (ফেট ফ্ৰী), আধা চামুচ নেমুৰ ৰস, মিহিকৈ কটা আদা, জালুক আৰু নিমখ ৰুচি অনুসৰি একাপ বিলাহীৰ ৰসত মিহলাই মিহলাই লওক। দৈনিক এক গিলাচ এই শ্বেক খালে আপোনাৰ ওজন দ্ৰুতগতিত কমি যাব।

৪) প্ৰচুৰ পৰিমাণে পানী খাব লাগেঃ দিনটোত আঠৰ পৰা ন গিলাচ পানী খালেও ওজন কমে। বহু গৱেষণাৰ মতে দিনটোত আঠৰ পৰা ন গিলাচ পানী খাই ২০০ৰ পৰা ২৫০ কেলৰি জ্বলাব পাৰি।

৫) গ্ৰীণ টিঃ ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড মেডিকেল চেণ্টাৰৰ গৱেষকসকলে তেওঁলোকৰ গৱেষণাত গ্ৰীণ টিত বিশেষ ধৰণৰ পলিফিনল পোৱা যায়, যিয়ে শৰীৰৰ চৰ্বি জ্বলোৱাত সহায় কৰে।

৬) ক্ৰেনবেৰীৰ ৰসঃ ওজন কমাবলৈ ক্ৰেনবেৰীৰ ৰসো অতি উপকাৰী। ইয়াৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া সুক্ষ্ম হৈ থাকে আৰু চৰ্বি কমোৱাত সহজ হয়।

৭) ধনীয়া আৰু নেমুৰ ৰসঃ উপকৰণ: ৬০ গ্ৰাম সেউজীয়া ধনীয়া(পিহি লোৱা), এটা নেমু, ৪ গিলাচ পানী। নেমু দুটা ভাগত কাটি এটা পাত্ৰত চেপি লওক। তাত ধনীয়া গুড়ি আৰু পানী মিহলাই লওক। ভালদৰে মিহলাই লওক। আপোনাৰ স্বাস্থ্যকৰ ৰস সাজু হৈছে।  এই ৰস খালী পেটত একেৰাহে ৫ দিন খাব লাগে। সেউজীয়া ধনীয়াই কেৱল পাচন শক্তি বৃদ্ধি কৰাই নহয় শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ই তেজৰ পৰা অশুদ্ধি আঁতৰায়। নেমুৱে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। এই ৰস খালী পেটত ৫ দিন অবিৰতভাৱে সেৱন কৰি ওজন কমাব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখিলে ভাৰতে পৰিণাম ভুগিব লাগিব! আমেৰিকাৰ সকীয়নি
ছালৰ যতন লওক দৈনিক, এই সমূহ অভ্যাসে আপোনাৰ ছাল সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব
ৰমেন দাই পুৱা পিন্ধা কাপোযোৰ গধূলি নিপিন্ধে,মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব: দ্বীপেন বৰুৱা
জে পি দাসলৈ জীৱনজোৰা সংগীত কর্ম বঁটা
নিজৰ মিছাইলৰ পৰাই ধ্বংস হোৱাৰ পৰা কোনোমতে বাচিল পাকিস্তান! পাৰমাণৱিক কেন্দ্ৰৰ ওচৰতে পৰিল শ্বাহীন-৩
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
য়েমেনত কেৰালাৰ নাৰ্ছ নিমিষাৰ মৃত্যুদণ্ড স্থগিত
শ্ৰীভূমিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ; গৃহস্থৰ হাত ভৰি বান্ধি তাণ্ডব ডকাইত দলৰ
এজোপা ঘিলা গছৰ বয়স ৬০০ বছৰ ; গোলাঘাটৰ মাজাৰত অসমৰ আটাইতকৈ পুৰণি গছ
বন্ধ হৈ যাব পাৰে  আপোনাৰ আধাৰ কাৰ্ড ! আধাৰ কাৰ্ডক লৈ জৰুৰী নিৰ্দেশনা জাৰী UIDAIৰ
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন