--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদয়ক সুস্থ ৰখাটো অতি জৰুৰী কথা।  হৃদৰোগসমূহৰ ভিতৰত অতি ভয়াৱহ হৈছে হাৰ্ট এটেক। হাৰ্ট এটেক হোৱা লোকে আক্ৰান্ত হোৱাৰ পিছতে চিকিৎসাৰ সুবিধা লাভ নকৰিলে জীৱনৰ বাবে সেয়া ভয়াৱহ হৈ উঠিব পাৰে। কম বয়সীয়া লোকৰ মাজতো বৰ্তমান হাৰ্ট এটেকৰ চিকাৰ হৈ অহা দেখিবলৈ পোৱা গৈছে।

চিকিৎসকলে হাৰ্ট এটেকৰ কাৰণ হিচাপে অনিয়মিত জীৱন প্ৰণালীকে দায়ী কৰে। জীৱন প্ৰণালীৰ অলপ পৰিৱৰ্তন কৰিলেই হাৰ্ট এটেকৰ আশংকাৰ পৰা বহুখিনি আঁতৰি থাকিব পাৰি।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত হাৰ্ট এটেক হৈছে মৃত্যুৰ দ্বিতীয় বৃহৎ কাৰণ।

আমাৰ দৈনন্দিন জীৱনত কেত বোৰ কথাৰ পৰিৱৰ্তন সাধিলে আমি এনে গুৰুতৰ সমস্যাৰ পৰা ভালে খিনি হাতসাৰি থাকিব পাৰো।

শৰীৰত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পোৱাটো মুঠেও স্বাস্থ্যসন্মত কথা নহয়। ডায়েবেটিছৰ সমস্যা হ্ৰাস পালে হাৰ্ট এটেকৰ সম্ভাৱনাও ভালে খিনি কমি যায়।

শৰীৰৰ ওজন নিয়ন্ত্ৰণ ৰাখক। নিয়মিত যোগাসন-ব্যায়াম কৰিলে হাৰ্ট সুস্থ থাকে। সদায় আধাঘন্টা খোজকঢ়াটো প্ৰয়োজন। সপ্তাহটোত কমেও পাঁচদিন যোগ-ব্যায়াম কৰা উচিত।

মদ্যপান আৰু ধূমপান সম্পূৰ্ণ পৰিত্যাগ কৰিব লাগিব।
 
স্বাস্থ্যসন্মত খাদ্য খোৱাটো আন এক গুৰুত্বপূৰ্ণ বিষয়। প্ৰতিদিনিৰ খাদ্য তালিকাত প্ৰ’টিন, কাৰ্ব’হাইড্ৰেইট আৰু চৰ্বিৰ পৰিমাণৰ সমতা ৰক্ষা কৰিব লাগে।

সতেজ ফল-মূল, শাক-পাচলি খাওক। প্ৰতিদিনে খোৱাৰ সাজত অমেগা -৩ফেটি এচিড থকা মাছ খাবলৈ চেষ্টা কৰক। ছাগলীৰ মাংস (ৰেড মিট), নিমখ, মিঠাই আদি খোৱাটো কমাই দিয়ক।

হাৰ্ট সুস্থ ৰাখিবলৈ পৰ্যাপ্ত টোপনি অত্যন্ত প্ৰয়োজনীয় বিষয়। সুস্থ থাকিবলৈ প্ৰতিদিনে ছয়-সাত ঘন্টা টোপনি মৰাটো দৰকাৰী কথা।

সেইদৰে মানসিক চাপৰ পৰা নিজকে মুক্ত ৰখাৰ চেষ্টা কৰা উচিত। ইয়াৰ বাবে নিয়মিত যোগাভ্যাস কৰা উচিত। প্ৰাণায়ামেও হৃদয় সুস্থ ৰখাত সহায় কৰে। নিয়মিত  প্ৰাণায়াম কৰিলে আনকি হৃদযন্ত্ৰ ব্ল'কো খোল খাই যায় বুলি বিশেষজ্ঞসকলে কৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক