--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰেগিঙৰ জ্বালা বৰ দুৰ্বিষহ। শিক্ষানুষ্ঠানসমূহত ৰেগিং কঠোৰভাৱে নিষিদ্ধ যদিও আজিও বহু শিক্ষানুষ্ঠানত ৰেগিং কাণ্ড অব্যাহত আছে৷ ৰেগিং ছাত্ৰ সমাজৰ বাবে মহাব্যাধি স্বৰূপ। শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে মানৱীয় গুণ, সংস্কাৰ, শালীনতাবোধৰ পাঠ গ্ৰহণ কৰিবলৈ আহে৷ কিন্তু তেনে বহু ছাত্ৰ-ছাত্ৰীয়ে শালীনতা পাহৰি লিপ্ত হয় নিৰ্যাতনকাৰী কাণ্ডত। জ্যেষ্ঠসকলে কনিষ্ঠসকলক মৰম, আদৰ পাঠ শিকোৱাৰ সলনি শিকায় কেনেকৈ অত্যাচাৰী হ'ব পাৰি।

কেৱল মেধাৱী হলেই নহ'ব, থাকিব লাগিব মানৱীয়সম্পন্ন গুণ। নিজ সন্তানক সম্পদৰূপে গঢ় দিবলৈ পিতৃ-মাতৃয়ে অলেখ সপোন লৈ একো একোখন শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰে৷ কিন্তু এই সপোন আধাতে সামৰি বহু ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিব লগা হয়, আত্মহত্যা কৰিব লগা হয়৷ তাৰ কাৰণ হল ৰেগিং৷ ৰেগিঙৰ বিৰুদ্ধে বহু সজাগতা আনিলেও মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত আজিও ৰেগিঙৰ সন্মুখীন হয় বহু ছাত্ৰ ছাত্ৰী আৰু শেষত ৰেগিঙত অতিষ্ঠ হৈ বাচি লয় নিজকে শেষ কৰি দিয়াৰ চূড়ান্ত সিদ্ধান্ত। শেহতীয়াকৈ এজন ছাত্ৰই ৰেগিঙৰ আতিশয্য সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিবলৈ চেষ্টা চলায়।

এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত। ছিনিয়ৰ ছাত্ৰৰ ৰেগিঙত অতিষ্ঠ হৈ আত্মহত্যাৰ কৰাৰ সিদ্ধান্ত লয় এগৰাকী ছাত্ৰই। কিন্তু কোনোমতে অচেতন অৱস্থাত ছাত্ৰগৰাকীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমানে জীৱন মৃত্যুৰে হাস্পতালৰ আই চি ইউত যুঁজ দি আছে ছাত্ৰগৰাকীয়ে। তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই অঘটন। চিকিৎসা মহাবিদ্যালয়খনৰ দ্বিতীয় বৰ্ষৰ সৰবনন নামৰ ছাত্ৰ গৰাকীয়ে ৰেগিঙত অতিষ্ঠ হৈ হাতৰ সিৰ কাটি দিছিল। কোঠাৰ ভিতৰত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰি সতীৰ্থ ছাত্ৰই মহাবিদ্যালয়ৰ প্ৰশাসনক খবৰ দিয়াৰ লগতে আৰক্ষীকো ঘটনা সন্দৰ্ভত খবৰ দিয়ে। সৰবননকো ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। ছাত্ৰজনৰ অৱস্থা বৰ্তমানেও সংকটজনক। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক