--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰেগিঙৰ জ্বালা বৰ দুৰ্বিষহ। শিক্ষানুষ্ঠানসমূহত ৰেগিং কঠোৰভাৱে নিষিদ্ধ যদিও আজিও বহু শিক্ষানুষ্ঠানত ৰেগিং কাণ্ড অব্যাহত আছে৷ ৰেগিং ছাত্ৰ সমাজৰ বাবে মহাব্যাধি স্বৰূপ। শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে মানৱীয় গুণ, সংস্কাৰ, শালীনতাবোধৰ পাঠ গ্ৰহণ কৰিবলৈ আহে৷ কিন্তু তেনে বহু ছাত্ৰ-ছাত্ৰীয়ে শালীনতা পাহৰি লিপ্ত হয় নিৰ্যাতনকাৰী কাণ্ডত। জ্যেষ্ঠসকলে কনিষ্ঠসকলক মৰম, আদৰ পাঠ শিকোৱাৰ সলনি শিকায় কেনেকৈ অত্যাচাৰী হ'ব পাৰি।

কেৱল মেধাৱী হলেই নহ'ব, থাকিব লাগিব মানৱীয়সম্পন্ন গুণ। নিজ সন্তানক সম্পদৰূপে গঢ় দিবলৈ পিতৃ-মাতৃয়ে অলেখ সপোন লৈ একো একোখন শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰে৷ কিন্তু এই সপোন আধাতে সামৰি বহু ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিব লগা হয়, আত্মহত্যা কৰিব লগা হয়৷ তাৰ কাৰণ হল ৰেগিং৷ ৰেগিঙৰ বিৰুদ্ধে বহু সজাগতা আনিলেও মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিত আজিও ৰেগিঙৰ সন্মুখীন হয় বহু ছাত্ৰ ছাত্ৰী আৰু শেষত ৰেগিঙত অতিষ্ঠ হৈ বাচি লয় নিজকে শেষ কৰি দিয়াৰ চূড়ান্ত সিদ্ধান্ত। শেহতীয়াকৈ এজন ছাত্ৰই ৰেগিঙৰ আতিশয্য সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰিবলৈ চেষ্টা চলায়।

এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত। ছিনিয়ৰ ছাত্ৰৰ ৰেগিঙত অতিষ্ঠ হৈ আত্মহত্যাৰ কৰাৰ সিদ্ধান্ত লয় এগৰাকী ছাত্ৰই। কিন্তু কোনোমতে অচেতন অৱস্থাত ছাত্ৰগৰাকীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমানে জীৱন মৃত্যুৰে হাস্পতালৰ আই চি ইউত যুঁজ দি আছে ছাত্ৰগৰাকীয়ে। তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই অঘটন। চিকিৎসা মহাবিদ্যালয়খনৰ দ্বিতীয় বৰ্ষৰ সৰবনন নামৰ ছাত্ৰ গৰাকীয়ে ৰেগিঙত অতিষ্ঠ হৈ হাতৰ সিৰ কাটি দিছিল। কোঠাৰ ভিতৰত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰি সতীৰ্থ ছাত্ৰই মহাবিদ্যালয়ৰ প্ৰশাসনক খবৰ দিয়াৰ লগতে আৰক্ষীকো ঘটনা সন্দৰ্ভত খবৰ দিয়ে। সৰবননকো ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। ছাত্ৰজনৰ অৱস্থা বৰ্তমানেও সংকটজনক। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি