--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰসংগ বেংক ব্যক্তিগতকৰণ৷ দেশত বৰ্তমান সৰ্বত্ৰে চৰ্চিত এক বিষয় বেংক ব্যক্তিগতকৰণ৷ সংসদৰ অধিৱেশন চলি থকা সময়তে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব লগা এখন বিৰ্তকিত বিধেয়ক বেংকিং আইন(সংশোধনী) বিধেয়ক ২০২১৷

এই বিধেয়কখনক লৈ সমগ্ৰ দেশত ইতিমধ্যে সৰ্বভাৰতীয় বেংক বিষয়া মহাসংঘই প্ৰতিবাদ সাব্যস্ত কৰিছে৷ মহালংঘৰ সাধাৰণ সম্পাদক সৌম্য দত্তই এক বিবৃতিত কয় যে, এই আইন সংশোধনে ৰাষ্ট্ৰীয়কৃত বেংকসমূহত চৰকাৰী অংশীদাৰিত্ব কমাই আনিব আৰু চৰকাৰী বেংকসমূহক ব্যক্তিগত পুঁজিপতিৰ হাতত তুলি দিয়াৰ পথপ্ৰশস্ত কৰিব৷


উল্লেখ্য যে, ১৯৬৪ চনত ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ভাৰতৰ ১৪টা ব্যক্তিগত খণ্ডৰ বেংক ৰাষ্ট্ৰীয়কৃত বেংকলৈ উন্নীত কৰিছিল৷ ইন্দিৰা গান্ধীয়ে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা যথেষ্ট সুস্থিৰ পৰ্যায়লৈ আনিবলৈ সক্ষম হৈছিল৷ কিন্তু ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ কৰিবলৈ এক প্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতাতহে নামিলে৷

পুঁজিপতিক ৰঙা দলিচা পাৰি দিয়া মোদী চৰকাৰে এতিয়া ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰীয়কৃত কৰা আটাইবোৰ বেংক পুনৰ ব্যক্তিগতকৰণ কৰিবলৈ যো-জা চলাইছে৷উল্লেখ্য যে, নীৰৱ মোদী, ললিত মোদীৰ দৰে ডাঙৰ ব্যৱসায়ীয়ে বেংকৰ পৰা কোটি টকা লৈ দেশৰ পৰা উধাও হোৱাৰ পাছত দেশৰ প্ৰধান বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰাত চৰকাৰে কোনো সঠিক তথ্য দাঙি নধৰিলে৷ উল্লেখ্য যে, ৰাজহুৱা খণ্ডৰ বেংক পুঁজিপতিৰ হাতলৈ গ’লে সাধাৰণ ৰাইজৰ জমা পুঁজি নিৰাপত্তা নোহোৱা হ’ব৷ কৃষি, গ্ৰাম্যদ্যোগ, ক্ষুদ্ৰ বা মজলীয়া উদ্যোগলৈ পঁজি গমন বন্ধ হ’ব আৰু চৰকাৰী কৰ্ম সংস্থাপনতো বাধাৰ সৃষ্টি হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?