--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰসংগ বেংক ব্যক্তিগতকৰণ৷ দেশত বৰ্তমান সৰ্বত্ৰে চৰ্চিত এক বিষয় বেংক ব্যক্তিগতকৰণ৷ সংসদৰ অধিৱেশন চলি থকা সময়তে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব লগা এখন বিৰ্তকিত বিধেয়ক বেংকিং আইন(সংশোধনী) বিধেয়ক ২০২১৷

এই বিধেয়কখনক লৈ সমগ্ৰ দেশত ইতিমধ্যে সৰ্বভাৰতীয় বেংক বিষয়া মহাসংঘই প্ৰতিবাদ সাব্যস্ত কৰিছে৷ মহালংঘৰ সাধাৰণ সম্পাদক সৌম্য দত্তই এক বিবৃতিত কয় যে, এই আইন সংশোধনে ৰাষ্ট্ৰীয়কৃত বেংকসমূহত চৰকাৰী অংশীদাৰিত্ব কমাই আনিব আৰু চৰকাৰী বেংকসমূহক ব্যক্তিগত পুঁজিপতিৰ হাতত তুলি দিয়াৰ পথপ্ৰশস্ত কৰিব৷


উল্লেখ্য যে, ১৯৬৪ চনত ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ভাৰতৰ ১৪টা ব্যক্তিগত খণ্ডৰ বেংক ৰাষ্ট্ৰীয়কৃত বেংকলৈ উন্নীত কৰিছিল৷ ইন্দিৰা গান্ধীয়ে দেশৰ অৰ্থনৈতিক মন্দাৱস্থা যথেষ্ট সুস্থিৰ পৰ্যায়লৈ আনিবলৈ সক্ষম হৈছিল৷ কিন্তু ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ কৰিবলৈ এক প্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতাতহে নামিলে৷

পুঁজিপতিক ৰঙা দলিচা পাৰি দিয়া মোদী চৰকাৰে এতিয়া ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰীয়কৃত কৰা আটাইবোৰ বেংক পুনৰ ব্যক্তিগতকৰণ কৰিবলৈ যো-জা চলাইছে৷উল্লেখ্য যে, নীৰৱ মোদী, ললিত মোদীৰ দৰে ডাঙৰ ব্যৱসায়ীয়ে বেংকৰ পৰা কোটি টকা লৈ দেশৰ পৰা উধাও হোৱাৰ পাছত দেশৰ প্ৰধান বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰাত চৰকাৰে কোনো সঠিক তথ্য দাঙি নধৰিলে৷ উল্লেখ্য যে, ৰাজহুৱা খণ্ডৰ বেংক পুঁজিপতিৰ হাতলৈ গ’লে সাধাৰণ ৰাইজৰ জমা পুঁজি নিৰাপত্তা নোহোৱা হ’ব৷ কৃষি, গ্ৰাম্যদ্যোগ, ক্ষুদ্ৰ বা মজলীয়া উদ্যোগলৈ পঁজি গমন বন্ধ হ’ব আৰু চৰকাৰী কৰ্ম সংস্থাপনতো বাধাৰ সৃষ্টি হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক