--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নগালেণ্ডৰ গণহত্যাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই৷ ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক কেন্দ্ৰ কৰি উত্তাল হৈ আছে সমগ্ৰ দেশ৷ পুনৰ আফস্পা বাতিলৰ দাবী উঠিছে সৰ্বত্ৰ৷ এনে সময়তে আজি নগালেণ্ডত পুৱা দহ বজাত অনুষ্ঠিত হয় নগালেণ্ড চৰকাৰৰ জৰুৰী কেবিনেট বৈঠক৷ কেবিনেটে ৰাজ্যখনৰ পৰা ‘আফস্পা’ প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে নগালেণ্ডত চলি থকা ‘হৰ্ণবিল উৎসৱ’ৰ বাকী থকা সমূহ কাৰ্যসূচী কেবিনেটত বাতিল কৰা হৈছে৷

ঘটনা সংক্ৰান্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত এক বিবৃতিযোগে ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি পৰিচয় নজনাৰ বাবেহে তেনে ঘটনা সংঘটিত হ’ল বুলি মন্তব্য কৰিছিল৷ আকৌ, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই কালি ৰাজ্যখনৰ পৰা ‘আফস্পা’ আইন বাতিল কৰিবই লাগিব বুলি মন্তব্য কৰিছিল৷ নগালেণ্ডৰ গুলীচালনাৰ ঘটনাত নিহতসকলৰ অন্ত্যেষ্টিক্ৰিয়াত বক্তব্য ৰাখি ‘আফস্পা’ আইনখনক দেশৰ ভাৱমূৰ্তিত ক’লা দাগ বুলি তেওঁ অভিহিত কৰিছিল৷ কালি মুখ্যমন্ত্ৰীৰ নেফিঅ’ ৰিঅ’ৰ বক্তব্য ইতিমধ্যে দেশজুৰি চৰ্চিত হৈছে৷ বিজেপিৰ সহযোগী আৰু এনডিএৰ অন্যতম অংশীদাৰ ৰিঅ’ৰ মন্তব্য তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ো কালি ‘আফস্পা’ প্ৰত্যাহাৰৰ দাবী তোলে৷ ইতিমধ্যে, নগালেণ্ড আৰক্ষীয়ে সেনা গোটটোৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি