--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নগালেণ্ডৰ গণহত্যাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই৷ ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক কেন্দ্ৰ কৰি উত্তাল হৈ আছে সমগ্ৰ দেশ৷ পুনৰ আফস্পা বাতিলৰ দাবী উঠিছে সৰ্বত্ৰ৷ এনে সময়তে আজি নগালেণ্ডত পুৱা দহ বজাত অনুষ্ঠিত হয় নগালেণ্ড চৰকাৰৰ জৰুৰী কেবিনেট বৈঠক৷ কেবিনেটে ৰাজ্যখনৰ পৰা ‘আফস্পা’ প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰলৈ প্ৰস্তাৱ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে নগালেণ্ডত চলি থকা ‘হৰ্ণবিল উৎসৱ’ৰ বাকী থকা সমূহ কাৰ্যসূচী কেবিনেটত বাতিল কৰা হৈছে৷

ঘটনা সংক্ৰান্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত এক বিবৃতিযোগে ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি পৰিচয় নজনাৰ বাবেহে তেনে ঘটনা সংঘটিত হ’ল বুলি মন্তব্য কৰিছিল৷ আকৌ, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই কালি ৰাজ্যখনৰ পৰা ‘আফস্পা’ আইন বাতিল কৰিবই লাগিব বুলি মন্তব্য কৰিছিল৷ নগালেণ্ডৰ গুলীচালনাৰ ঘটনাত নিহতসকলৰ অন্ত্যেষ্টিক্ৰিয়াত বক্তব্য ৰাখি ‘আফস্পা’ আইনখনক দেশৰ ভাৱমূৰ্তিত ক’লা দাগ বুলি তেওঁ অভিহিত কৰিছিল৷ কালি মুখ্যমন্ত্ৰীৰ নেফিঅ’ ৰিঅ’ৰ বক্তব্য ইতিমধ্যে দেশজুৰি চৰ্চিত হৈছে৷ বিজেপিৰ সহযোগী আৰু এনডিএৰ অন্যতম অংশীদাৰ ৰিঅ’ৰ মন্তব্য তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ো কালি ‘আফস্পা’ প্ৰত্যাহাৰৰ দাবী তোলে৷ ইতিমধ্যে, নগালেণ্ড আৰক্ষীয়ে সেনা গোটটোৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক