--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহুতে গাখীৰ খাই ভাল পায়। কিন্তু গাখীৰ খোৱা স্বাস্থ্য পক্ষে ভাল হ’লেও কিছুমান বস্তু লগত খাব নালাগে। গতিকে প্ৰতিজন ব্যক্তিয়ে গাখীৰ খোৱাৰ সময়ত কিছুমান বিশেষ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। অন্যথা জটিল ৰোগত আক্ৰান্ত হ’ব পাৰে। গাখীৰ এবিধ জুলীয়া পদাৰ্থ। গাখীৰত বহুতো পুষ্টিকৰ উপাদান থাকে। গতিকে প্ৰতিজন ব্যক্তিয়ে গাখীৰৰ বিষয়ে বিতংভাৱে জনা উচিত।

 উল্লেখ্য যে কলকাতাৰ বিশিষ্ট পুষ্টিবিদ ৰাখী চট্টোপাধ্যায়ে কয় যে গাখীৰ এক উপকাৰী পানীয়। গাখীৰত যথেষ্ট পৰিমাণে প্ৰটিন থাকে। সেই প্ৰটিন শৰীৰৰ বাবে অতি উপযোগী। কিন্তু দেখা গৈছে যে ইয়াত থকা লেক্ট’জ চেনি শৰীৰৰ বাবে অতি উত্তম। লগতে গাখীৰত থকা এমিনো এচিড অতি ফলপ্ৰসূ।

 ৰাখী চেটাৰ্জীয়েও কয় যে কিছুমান বিশেষ খাদ্যৰ লগত গাখীৰ খাব নালাগে। ইয়াৰ ফলত সমস্যাটো আৰু অধিক বৃদ্ধিৰ আশংকা থাকে। সেয়েহে কিছু খাদ্য খোৱাৰ পাছত গাখীৰ খোৱাৰ পৰা বিৰত থকা উচিত। জানো আহক কি কি?

 ১. মাংসঃ-পুষ্টিবিদ ৰাখী চেটাৰ্জীয়ে কয় যে আচলতে মাংসত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়। এই প্ৰটিন খালে শৰীৰ সুস্থ কৰি ৰাখে। কিন্তু মাংস কেতিয়াও গাখীৰৰ সৈতে খাব নালাগে। গাখীৰত আচলতে ট্ৰিপ্ট’ফেন থাকে। এই উপাদানে শৰীৰত ফিল-গুড হৰম’ন নিৰ্গত কৰে। কিন্তু আনফালে মাংসত থকা প্ৰ’টিনে শৰীৰ উষ্ণ কৰাত সহায় কৰে। এই দুবিধ খাদ্যৰ কাম সম্পূৰ্ণ বেলেগ। গতিকে এই দুটা বস্তু একেলগে খোৱা উচিত নহয়। ইয়াৰ ফলত সমস্যা আৰু অধিক বৃদ্ধি পায়।

 ২. তৰমুজঃ-তৰমুজ খাবলৈ বৰ সোৱাদ। এইবিধ ফলত আঁহৰ পৰা আৰম্ভ কৰি বিভিন্ন অত্যাৱশ্যকীয় পদাৰ্থ থাকে। গতিকে নিয়মিতভাৱে তৰমুজ খালে শৰীৰ সুস্থ হৈ থাকে। এই খাদ্যত ৰেচক উপাদান থাকে। ফলত কোষ্ঠকাঠিন্য দূৰ কৰা সহায়ক হয়। কিন্তু এইবিধ ফল গাখীৰৰ লগত খালে সমস্যা হ’ব পাৰে। গতিকে গাখীৰ সেৱন কৰি এইবিধ ফলৰ পৰা আঁতৰি থাকক অন্যথা সমস্যা বঢ়াৰ আশংকা প্ৰবল।

 ৩. নেমুঃ-পুষ্টিবিদৰ মতে নেমুত ভিটামিন-চি পোৱা যায়। সেয়েহে নেমু স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াত থকা ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে। কিন্তু এই কথা মনত ৰখা উচিত যে গাখীৰৰ লগত নেমু কেতিয়াও সেৱন কৰিব নালাগে। কাৰণ নেমুত থকা ছাইট্ৰাছে গাখীৰৰ লগত বিক্ৰিৰণ ঘটনাই পেটৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে।

 ৪. জামুঃ-বহুতে জামু খাবলৈ ভাল পায়। ব্লুবেৰীৰ পৰা ব্লেকবেৰীলৈকে সঁচাকৈয়ে অতি উপকাৰী খাদ্য। এই ফলত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্টেৰে ভৰপূৰ। কিন্তু মনত ৰাখিব যে গাখীৰ খোৱাৰ আগত বা পাছত এই খাদ্য খোৱা উচিত নহয়। ইয়াৰ ফলত সমস্যাটো আৰু অধিক বৃদ্ধি পায়।

 ৫. নিমখীয়া, তেলীয়া খাদ্যঃ-দৰাচলতে বেছি নিমখ বা তেল খোৱাটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। নিমখ আৰু তেলে শৰীৰত বহু সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ নিমখ বা তেলে ৰক্তচাপৰ পৰা আৰম্ভ কৰি উচ্চ কলেষ্টেৰলৈকে সকলো হ’ব পাৰে। গাখীৰৰ লগত নিমখ খাব নালাগে। কাৰণ ইয়াৰ জৰিয়তে গাখীৰত প্ৰটিনৰ পৰিমাণ কমি যায়। তদুপৰি তেল খোৱাৰ পাছতো শৰীৰত বিক্ৰিয়া আৰম্ভ হৈ সমস্যা অধিক বৃদ্ধি হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ