--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত গাঁঠিৰ বিষ হোৱাটো সাধাৰণ কথা। কিন্তু এই সমস্যা যদি সঘন হৈ পৰে, তেন্তে ই চিন্তাৰ কাৰণ হৈ পৰে। এনে পৰিস্থিতিত পৰিৱৰ্তিত বতৰ অনুসৰি নিজৰ জীৱনশৈলী আৰু খাদ্যৰ সালসলনি কৰাটো প্ৰয়োজন হৈ পৰে। এই ৪টা ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে।

* যদি আপুনি ব্যায়াম কৰি ভাল পায় তেন্তে ঠাণ্ডাত বাহিৰলৈ ওলাই যোৱাৰ লগে লগে দৌৰা বা গধুৰ ব্যায়াম নকৰি প্ৰথমে লাহে লাহে শৰীৰটো গৰম কৰক আৰু তাৰ পাছত লঘু ব্যায়ামৰ দ্বাৰা আৰম্ভ কৰক। যদি আপুনি Joint Pain Remedies অৰ্থাৎ Arthritis ৰোগত আক্ৰান্ত, তেন্তে ব্যায়াম কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।

* খাদ্যাভ্যাসত এই পৰিৱৰ্তন কৰক-

শীতকালত Joint Pain Remedies আঁতৰাই ৰাখিবলৈ আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। আপুনি খাদ্যত ভিটামিন-ডিৰ সৈতে জড়িত বস্তু গ্ৰহণ কৰাৰ লগতে ৰ’দ ল’ব পাৰে। ইয়াৰ লগতে মাছ, শাক-পাচলি, গাখীৰ, ফলমূল, বাদাম সেৱন কৰাটোও বাতবিষৰ নিৰ্মূলৰ উপায় বুলি বিবেচিত হয়।

* শৰীৰটো ভালদৰে ঢাকি ৰাখক-

শীতকালত যেতিয়াই ঘৰৰ পৰা ওলাই যায় (Winter Care Remedies) তেতিয়াই প্ৰথমে শৰীৰটো ঢাকিবলৈ নাপাহৰিব। মূৰত টুপী আৰু ভৰিত জোতা পিন্ধক কাৰণ এই ঠাইবোৰৰ পৰাহে ঠাণ্ডা আপোনাৰ শৰীৰত প্ৰৱেশ কৰে। শৰীৰৰ গাঁঠিৰ অংশবোৰ ভালদৰে ঢাকি ৰাখক। এনে কৰিলে আপুনি বহু পৰিমাণে সমস্যাৰ পৰা মুক্তি পাব।

* মদ আৰু ধূমপানৰ পৰা আঁতৰি থাকক-

যিসকল লোকৰ শীতকালত গাঁঠিৰ বিষৰ সমস্যা বেছি হয় (Cold Remedies), এনে লোকে ধূমপান আৰু মদ্যপানৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। সেৱন কৰিলে শৰীৰৰ কলাবোৰ যথেষ্ট টান হয়, যাৰ ফলত শৰীৰৰ গাঁঠিবোৰত প্ৰভাৱ পৰে আৰু বিষ হয়। তাৰ পৰিৱৰ্তে শৰীৰক উষ্ণ কৰি ৰখা পুষ্টিকৰ উপাদান খাদ্যত অন্তৰ্ভুক্ত কৰক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন