--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহৰ হৃদযন্ত্ৰ দুৰ্বল হোৱাটো সঘনাই দেখিবলৈ পোৱা গৈছে। সুস্থ জীৱন-যাপন কৰিবলৈ হ’লে হৃদযন্ত্ৰ সুস্থ হৈ থকাটো অতি প্ৰয়োজন। আমি দৈনিক খোৱা বস্তুবোৰে আমাৰ শৰীৰত বিভিন্ন প্ৰভাৱ পেলায়। আঁহযুক্ত বিভিন্ন ধৰণৰ শাক-পাচলি সহজে পোৱা যায়, যিয়ে কৰি ৰাখে। কলেষ্টেৰলো নিয়ন্ত্ৰণ কৰে। এনে কিছুমান শাক-পাচলিৰ বিষয়ে জানো আহক।

১) বীটঃ নাইট্ৰেট, দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ বীটত পোৱা যায়, যিয়ে শৰীৰৰ সিৰাবোৰ মুকলি কৰাৰ কাম কৰে। ইয়াৰ ফলত ৰক্ত সঞ্চালন ভাল হয়। বীট খালে বেয়া কলেষ্টেৰল কমি যায়। ইয়াৰ উপৰিও বীট নিয়মীয়াকৈ সেৱন কৰিলেও হৃদযন্ত্ৰ সুস্থ হৈ থাকে।

২) পালেংশাকঃ  আমি সকলোৱে জানো যে পালেং শাক এবিধ স্বাস্থ্যকৰ শাক। এই সেউজীয়া সতেজ পাতত ভিটামিন আৰু খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ পদাৰ্থ পোৱা যায়। বিশেষজ্ঞসকলৰ মতে খাদ্যত পালেং শাক অন্তৰ্ভুক্ত কৰিলে হৃদযন্ত্ৰ সুস্থ হৈ থাকে।

৩) ব্ৰকলিঃ ব্ৰকলিয়ে বেয়া কলেষ্টেৰলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ভিটামিন চি আৰু ডায়েটাৰী ফাইবাৰ ইয়াত অধিক পৰিমাণে পোৱা যায়, যাৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে। আঁহে শৰীৰত জমা হোৱা কলেষ্টেৰল শোষণ কৰাৰ কাম কৰে।

৪) গাজৰঃ প্ৰায়বোৰ মানুহৰ প্ৰিয় পাচলি গাজৰ। গাজৰৰ হালোৱা খাই মানুহে বৰ ভালপায়। বিটা-কেৰটিনৰ লগতে ডায়েটেৰী ফাইবাৰো গাজৰত পোৱা যায়, যাৰ ফলত শৰীৰত সুস্থতাৰ মাত্ৰা বাঢ়ি  যায়। গাজৰ খালে হৃদযন্ত্ৰ সুস্থ হয়, তেজ পৰিষ্কাৰ হয় আৰু লগতে বহু ৰোগৰ সম্ভাৱনাও কম হয়।

৫) নহৰুঃ  নহৰুক আয়ুৰ্বেদিক ঔষধ বুলিও গণ্য কৰা হয়, যিটো বহু স্বাস্থ্যজনিত সমস্যাত ব্যৱহাৰ কৰা হয়। নহৰুৰ এণ্টি-বেক্টেৰিয়েল, এণ্টি-ফেংগেল আৰু এণ্টি-মাইক্ৰ’বিয়াল গুণৰ বাবে জনাজাত আৰু কলেষ্টেৰল কমোৱাতো ইয়াৰ ফলপ্ৰসূতা পোৱা গৈছে। উচ্চ ৰক্তচাপ ৰোগীৰ বাবেও নহৰু উপকাৰী বুলি বিবেচিত হয় আৰু এইদৰে ই হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে