--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেপচিকাম এবিধ জনপ্ৰিয় পাচলি। পৃথিৱীৰ বিভিন্ন ঠাইত হালধীয়া, সেউজীয়া, কমলা, ৰঙা, বেঙুনীয়া আদি বিভিন্ন ৰঙৰ কেপচিকাম পোৱা যায়। কিন্তু আমাৰ বজাৰত এতিয়ালৈকে সেউজীয়া, ৰঙা আৰু হালধীয়া ৰঙৰ কেপচিকামহে উপলব্ধ। সেউজীয়াবিধ বেছিকৈ বজাৰত দেখিবলৈ পোৱা যায়।

কেপচিকাম চৰ্বি, প্ৰ’টিন, ভিটামিন এ, বিটা কেৰ’টিন, লিউটিন, জিয়াজেন্থিন, ভিটামিন বি১, বি২, বি৩, বি৫, বি৬, বি৯, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটাছিয়াম, ছ’ডিয়াম, জিংক আদি পুষ্টিতত্বৰে ভৰপূৰ। এসময়ত দক্ষিণ আৰু মধ্য আমেৰিকাত কেপচিকামৰ খেতি কৰা হৈছিল যদিও এতিয়া গোটেই বিশ্বজুৰি ইয়াৰ খেতি কৰা হয়।

কেপচিকামৰ ঔষধি গুণ

১) কেপচিকামে আমাৰ দেহৰ তেজত থকা ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ কমাই বিপাক কাৰ্য বৃদ্ধি কৰে আৰু ই কেল’ৰি হ্ৰাস কৰে।

২) কেপচিকামে হৈছে ভিটামিন ‘এ’ আৰু ‘চি’ৰ প্ৰয়োজনীয় উৎস আৰু এই দুবিধ ভিটামিন হৈছে শক্তিশালী এন্টিঅক্সিডেন্ট, যিয়ে আমাৰ দেহত থকা মুক্ত মূলকবোৰৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু ই হৃদৰোগ, ব্ৰঙ্কিয়েল এজমা, কেটেৰেক্ট আদি ৰোগীৰ বাবে উপকাৰী।

৩) কেপচিকামত থকা কেপচাইচিন নামৰ যৌদবিধে ছালৰপৰা ৰাজহাড়লৈ বিষ বিয়পি যোৱাত বাধা দিয়ে। সেয়েহে শল্য চিকিৎসা হৈ যোৱা বা হাৰ্পিছত ভোগা ব্যক্তিসকলে নিজৰ খাদ্য তালিকাত কেপচিকাম অন্তৰ্ভুক্ত কৰিলে ভাল ফল পায়।

৪) গৱেষণাতো পোৱা গৈছে যে কেপচিকামত কেন্সাৰ প্ৰতিৰোধকাৰী উপাদান আছে।

৫) কেচিকামত তেজ গোট মৰাত সহায় কৰা পদাৰ্থ থাকে।

৬) কেচিকামে খাদ্যত উন্নত হোৱা, দেহৰ বাবে অনিষ্টকাৰী বেক্টেৰিয়াৰ সৈতে যুঁজ কৰে।

৭) আৰ্থ্ৰাইটিছ ৰোগৰ চিকিৎসাত ব্যৱহাৰ হোৱা এবিধ ক্ৰীম প্ৰস্তুতকৰণত কেপচিকাম ব্যৱহাৰ কৰা হয়।

৮) কেপচিকামে পাকস্থলীৰ উৎসেচকৰ নিঃসৰণ বৃদ্ধি কৰি পাচন ক্ৰিয়া বৃদ্ধি কৰে।

৯) কেপচিকামত চৰ্বি, ক’লেষ্টেৰ’ল আৰু কেল’ৰি তেনেই কম পৰিমাণে থাকে।

১০) কেপচিকামে ত্বক পৰিষ্কাৰ কৰি ৰখাৰ লগতে ৰঙা দাগ আৰু শালমইনা হোৱাত বাধা দিয়ে। 

১১) ইয়াত থকা ভিটামিন ‘এ’ হৈছে চকুৰ বাবে উপকাৰী আৰু চকুৰ ৰোগ হোৱাত বাধা দিয়ে।

১২)  কেপচিকাম হাঁড়ৰ বাবেও অতি উপকাৰী।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে