--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মা লক্ষ্মী বাস কৰা ঘৰখনত সদায় সুখ, শান্তি উপচি থাকে আৰু টকা-পইচাৰ অভাৱ নহয় বুলি বিশ্বাস কৰা হয়।  মা লক্ষ্মী অসন্তুষ্ট হলে ঘৰ এৰি গুচি যায়। যাৰ বাবে বহু লোকে নিয়মীয়াকৈ পূজা কৰে আৰু বিভিন্ন উপায়েৰে লক্ষ্মীক নিজৰ ঘৰত ৰাখিবলৈ যত্ন কৰে। কিন্তু ইয়াৰ পিছতো লক্ষ্মীৰ আশীৰ্বাদৰ পৰা বঞ্চিত হৈ ৰয় বহুজন। অতি সৰু সৰু ভুল কিছুমানে ক্ৰিয়া কৰে বাবে এনেকুৱা হয়। মানুহৰ কিছুমান বেয়া অভ্যাসৰ বাবে লক্ষ্মীৰ খং উঠিব পাৰে। যাৰ ফলত জীৱনটো দুৰ্দশা আৰু দৰিদ্ৰতাই আগুৰি ধৰিব পাৰে। কি এই ৫ টা বেয়া অভ্যাস জানো আহক।

১.লেতেৰা কাপোৰঃ লেতেৰা মানুহ আৰু সদায় লেতেৰা কাপোৰ পিন্ধা মানুহৰ ওপৰত মা লক্ষ্মীয়ে সদায় খং কৰে। এনে ব্যক্তি বেমাৰত পৰি আনকো বেমাৰত পেলায়। এনে ব্যক্তিয়ে কেতিয়াও টকা জমা নকৰে। যাৰ বাবে দৰিদ্ৰতাত জীয়াই থাকিব লগা হয়।

২. লেতেৰা পৰিৱেশঃ জ্যোতিষ শাস্ত্ৰৰ মতে লেতেৰা ঘৰ আৰু চুবুৰীত বাস কৰা ব্যক্তিয়ে কেতিয়াও লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰে। তাৰোপৰি লক্ষ্মী তেওঁলোকৰ ঘৰলৈ নাহে। এইসকল লোকৰ গোটেই জীৱন দৰিদ্ৰতাত পাৰ হৈ যায়। সমাজত কোনো সন্মান নাপায়।

৩. এলাহঃ  যিসকল লোক এলেহুৱা, গোটেই দিনটো বিশেষকৈ দিন আৰু সন্ধিয়াৰ পিছত শুই থাকে, তেওঁলোকৰ মূৰত লক্ষ্মীৰ আশীৰ্বাদ নাথাকে। খৰচৰ তুলনাত তেওঁলোকৰ আয় বহুত কম। বেছি দিন পইচা নাথাকে। এইসকল লোক সদায় আৰ্থিক দুৰ্দশাৰ বলি হৈ থাকে।

৪. চাকি নজ্বলোৱাকে থকাঃ সনাতন ধৰ্মত চাকি জ্বলোৱাটো অতি শুভ। ঘৰৰ থাপনাত পুৱা আৰু গধূলি চাকি জ্বলাই দিলে লক্ষ্মীয়ে তাত স্থায়ীভাৱে বাস কৰে। কিন্তু যিসকলে পুৱা-গধূলি চাকি জ্বলাই পূজা নকৰে, তেওঁলোক লক্ষ্মীৰ আশীৰ্বাদৰ পৰা বঞ্চিত হৈ থাকে। এনে ব্যক্তিয়ে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে।

৫. অশ্লীল কথাঃ বহুতে মৌখিক গালি-গালাজ বা অশ্লীল মন্তব্য কৰে। লক্ষ্মী তেওঁলোকৰ ওপৰত সন্তুষ্ট নহয়।  বয়োজ্যেষ্ঠক সন্মান নকৰা আৰু তৰ্ক-বিতৰ্ক কৰা সকলৰ পৰা লক্ষ্মী আঁতৰি থাকে। এনে ব্যক্তিক সমাজত গৰিহণা দিয়া হয়। তেওঁলোকে সদায় দৰিদ্ৰতাত ভুগি থাকে।

গতিকে লক্ষ্মীক সন্তুষ্ট কৰিবলৈ উপৰোক্ত বেয়া অভ্যাস ত্যাগ কৰক। এনে কৰিলে ধনদেৱীৰ আশীৰ্বাদেৰে পৰিয়ালটো প্ৰস্ফুটিত হৈ উঠিব আৰু জীৱনত সুখ আৰু শান্তি প্ৰতিষ্ঠা হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ