--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেজত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাটো ভাল কথা নহয়, কিয়নো ইয়াৰ ফলত আন বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ হৃদৰোগৰ আশংকা আটাইতকৈ বেছি হ’ব পাৰে। সাধাৰণতে আমাৰ বেয়া জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস ইয়াৰ বাবে দায়ী। ভাৰতত তেলীয়া খাদ্য খোৱাৰ প্ৰৱণতা অতি বেছি যাৰ বাবেই এই গুৰুতৰ অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ লগতে যিসকল লোকৰ শাৰীৰিক ক্ৰিয়া-কলাপ কম, তেওঁলোকো হাই কলেষ্টেৰলৰ বলি হয়। 

হাই কলেষ্টেৰল হ’লে কি হয়?

কলেষ্টেৰল বৃদ্ধিৰ বাবে সিৰাত প্লেক জমা হয় আৰু ই বাট বন্ধ কৰি দিয়ে আৰু তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰত তেজ যোগানৰ বাবে অতিৰিক্ত চাপ পৰে আৰু হৃদযন্ত্ৰৰ বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই কাৰণেই কলেষ্টেৰলৰ মাত্ৰা সুষম নে নহয় জানিবলৈ কলেষ্টেৰল পৰীক্ষাৰ প্ৰয়োজন। এবাৰ আপোনাৰ ধমনীবোৰ বন্ধ হৈ গ’লে চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে। সেয়েহে কলেষ্টেৰল সুৰক্ষিত কৰিবলৈ এই ফলপ্ৰসূ ঘৰুৱা উপায়টো চেষ্টা কৰি চাওক

এই আয়ুৰ্বেদিক পানীয় পান কৰক

বিশেষ আয়ুৰ্বেদিক পানীয়ৰ জৰিয়তে তেজত থকা হাই কলেষ্টেৰল কমাব পাৰি। এই ফলপ্ৰসূ পানীয়টো বনাবলৈ মাত্ৰ ৫টা উপাদানৰ প্ৰয়োজন। ইয়াৰ বাবে কি কি লাগিব জানো আহক।

সামগ্ৰী

নহৰুৰ ৰস - ১ কাপ
আদাৰ ৰস - ১ কাপ
আপেল ভিনেগাৰ - ১ কাপ
নেমুৰ ৰস - ১ কাপ
মৌ - অলপমান

এই পানীয়টো কেনেকৈ প্ৰস্তুত কৰিব?

এই পানীয় বনাবলৈ প্ৰথমে চাৰিওটা ৰস এখন কেৰাহীত ৰাখক।

গেছটো অন কৰি কম জুইত মিশ্ৰণটো গৰম কৰক।

ৰস ৩/৪ ভাগ হ’লে গেছ বন্ধ কৰি এটা বাটিত মিশ্ৰণটো উলিয়াই লওক।

ঠাণ্ডা হোৱাৰ পিছত তাত মৌ দি ভালদৰে মিহলাই লওক।

এয়াৰ টাইট জাৰ বা বটলত ভৰাই ফ্ৰীজত থৈ দিব।

এই মিশ্ৰণৰ এচামুচ প্ৰতিদিনে পুৱা খালী পেটত সেৱন কৰক, কেইদিনমানৰ ভিতৰতে কলেষ্টেৰল কমি যাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু