--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেজত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাটো ভাল কথা নহয়, কিয়নো ইয়াৰ ফলত আন বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ হৃদৰোগৰ আশংকা আটাইতকৈ বেছি হ’ব পাৰে। সাধাৰণতে আমাৰ বেয়া জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস ইয়াৰ বাবে দায়ী। ভাৰতত তেলীয়া খাদ্য খোৱাৰ প্ৰৱণতা অতি বেছি যাৰ বাবেই এই গুৰুতৰ অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ লগতে যিসকল লোকৰ শাৰীৰিক ক্ৰিয়া-কলাপ কম, তেওঁলোকো হাই কলেষ্টেৰলৰ বলি হয়। 

হাই কলেষ্টেৰল হ’লে কি হয়?

কলেষ্টেৰল বৃদ্ধিৰ বাবে সিৰাত প্লেক জমা হয় আৰু ই বাট বন্ধ কৰি দিয়ে আৰু তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰত তেজ যোগানৰ বাবে অতিৰিক্ত চাপ পৰে আৰু হৃদযন্ত্ৰৰ বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই কাৰণেই কলেষ্টেৰলৰ মাত্ৰা সুষম নে নহয় জানিবলৈ কলেষ্টেৰল পৰীক্ষাৰ প্ৰয়োজন। এবাৰ আপোনাৰ ধমনীবোৰ বন্ধ হৈ গ’লে চিকিৎসাৰ প্ৰয়োজন হ’ব পাৰে। সেয়েহে কলেষ্টেৰল সুৰক্ষিত কৰিবলৈ এই ফলপ্ৰসূ ঘৰুৱা উপায়টো চেষ্টা কৰি চাওক

এই আয়ুৰ্বেদিক পানীয় পান কৰক

বিশেষ আয়ুৰ্বেদিক পানীয়ৰ জৰিয়তে তেজত থকা হাই কলেষ্টেৰল কমাব পাৰি। এই ফলপ্ৰসূ পানীয়টো বনাবলৈ মাত্ৰ ৫টা উপাদানৰ প্ৰয়োজন। ইয়াৰ বাবে কি কি লাগিব জানো আহক।

সামগ্ৰী

নহৰুৰ ৰস - ১ কাপ
আদাৰ ৰস - ১ কাপ
আপেল ভিনেগাৰ - ১ কাপ
নেমুৰ ৰস - ১ কাপ
মৌ - অলপমান

এই পানীয়টো কেনেকৈ প্ৰস্তুত কৰিব?

এই পানীয় বনাবলৈ প্ৰথমে চাৰিওটা ৰস এখন কেৰাহীত ৰাখক।

গেছটো অন কৰি কম জুইত মিশ্ৰণটো গৰম কৰক।

ৰস ৩/৪ ভাগ হ’লে গেছ বন্ধ কৰি এটা বাটিত মিশ্ৰণটো উলিয়াই লওক।

ঠাণ্ডা হোৱাৰ পিছত তাত মৌ দি ভালদৰে মিহলাই লওক।

এয়াৰ টাইট জাৰ বা বটলত ভৰাই ফ্ৰীজত থৈ দিব।

এই মিশ্ৰণৰ এচামুচ প্ৰতিদিনে পুৱা খালী পেটত সেৱন কৰক, কেইদিনমানৰ ভিতৰতে কলেষ্টেৰল কমি যাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক