--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মেদবহুলতা সাধাৰণ সমস্যা হৈ পৰিছে। ই নিজে কোনো ৰোগ নহয় যদিও ই নিশ্চিতভাৱে বহু ৰোগৰ মূল কাৰণ। ইয়াৰ বাবে হাই কলেষ্টেৰল, হাই ব্লাড প্ৰেছাৰ, হৃদৰোগ, ডায়েবেটিছ আদি গুৰুতৰ ৰোগৰ আশংকা থাকে। ওজন কমাবলৈ গধুৰ ৱৰ্ক আউট আৰু কঠোৰ খাদ্যৰ আশ্ৰয় ল’বলগীয়া হয়। ভাৰতৰ বিখ্যাত ডায়েটিচিয়ান আয়ুষী যাদৱে জনাইছে যে যদি কিছুমান বস্তু মৌৰ লগত মিহলি কৰি খোৱা হয়, তেন্তে ওজন দ্ৰুতগতিত কমি যায়।

মৌত পোৱা পুষ্টিকৰ উপাদান

আমি সকলোৱে জানো যে মিঠা বস্তু খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়, কিন্তু মৌ সীমিত পৰিমাণত সেৱন কৰিলে ভাল বিকল্প। ভিটামিন বি-৬, ভিটামিন চি, নিয়াচিন, এমিনো এচিড, কাৰ্বহাইড্ৰেট আৰু ৰাইবোফ্লেভিন ইয়াত পোৱা যায়, যাৰ জৰিয়তে ওজন হ্ৰাস কৰিব পাৰি।

এইবোৰ বস্তু মৌৰ লগত মিহলাই দিলে ওজন কমি যাব

১) গৰম পানীঃ মৌ আৰু গৰম পানী একেলগে মিহলাই খাব পাৰি। ইয়াৰ বাবে ৰাতিপুৱা সাৰ পাই গেছ ষ্ট’ভত এগিলাচ পানী উতলাই তাৰ লগত মৌ মিহলাই লওক। ইয়াক সেৱন কৰিলে পেট আৰু কঁকালৰ চৰ্বি দ্ৰুতগতিত কমি যায় আৰু বিশেষ ভোকৰ সৃষ্টি নহয়, যাৰ বাবে আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা পৰে।

২) নেমুৰ ৰসঃ মৌ আৰু নেমুৰ ৰসৰ সংমিশ্ৰণক ওজন কমোৱাৰ বাবে অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়, ই যুগ যুগ ধৰি চেষ্টা কৰা ঘৰুৱা ঔষধ। ইয়াৰ বাবে আপুনি প্ৰতিদিনে পুৱা এগিলাচ পানী গৰম কৰি তাত মৌ আৰু নেমুৰ ৰস মিহলাই খাব লাগে। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু শৰীৰৰ চৰ্বি জ্বলাবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই আহে।

৩) গাখীৰঃ গাখীৰ এক সম্পূৰ্ণ খাদ্য, ইয়াৰ লগত মৌ মিহলি হ’লে বহু সমস্যা নাইকিয়া হয়। ইয়াৰ বাবে এগিলাচ গৰম গাখীৰত এচামুচ মৌ মিহলাই লাহে লাহে খাব লাগে। এনে কৰিলে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু একে সময়তে দীৰ্ঘসময়লৈ ভোক নাথাকে, যাৰ ফলত ওজন কমাবলৈ সহজ হয়।

৪) ডালচেনিঃ ৰেচিপিৰ সোৱাদ বৃদ্ধিৰ বাবে ডালচেনি ব্যৱহাৰ কৰা হয়। ডালচেনিৰ লগত মৌ মিহলাই খালে দেহৰ ওজন কমাবলৈ সহজ হৈ পৰে। এগিলাচ পানীত এটুকুৰা ডালচেনি উতলাই পানী ফিল্টাৰ কৰাৰ পিছত তাত মৌ দি পান কৰক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু