--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মেদবহুলতা সাধাৰণ সমস্যা হৈ পৰিছে। ই নিজে কোনো ৰোগ নহয় যদিও ই নিশ্চিতভাৱে বহু ৰোগৰ মূল কাৰণ। ইয়াৰ বাবে হাই কলেষ্টেৰল, হাই ব্লাড প্ৰেছাৰ, হৃদৰোগ, ডায়েবেটিছ আদি গুৰুতৰ ৰোগৰ আশংকা থাকে। ওজন কমাবলৈ গধুৰ ৱৰ্ক আউট আৰু কঠোৰ খাদ্যৰ আশ্ৰয় ল’বলগীয়া হয়। ভাৰতৰ বিখ্যাত ডায়েটিচিয়ান আয়ুষী যাদৱে জনাইছে যে যদি কিছুমান বস্তু মৌৰ লগত মিহলি কৰি খোৱা হয়, তেন্তে ওজন দ্ৰুতগতিত কমি যায়।

মৌত পোৱা পুষ্টিকৰ উপাদান

আমি সকলোৱে জানো যে মিঠা বস্তু খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয়, কিন্তু মৌ সীমিত পৰিমাণত সেৱন কৰিলে ভাল বিকল্প। ভিটামিন বি-৬, ভিটামিন চি, নিয়াচিন, এমিনো এচিড, কাৰ্বহাইড্ৰেট আৰু ৰাইবোফ্লেভিন ইয়াত পোৱা যায়, যাৰ জৰিয়তে ওজন হ্ৰাস কৰিব পাৰি।

এইবোৰ বস্তু মৌৰ লগত মিহলাই দিলে ওজন কমি যাব

১) গৰম পানীঃ মৌ আৰু গৰম পানী একেলগে মিহলাই খাব পাৰি। ইয়াৰ বাবে ৰাতিপুৱা সাৰ পাই গেছ ষ্ট’ভত এগিলাচ পানী উতলাই তাৰ লগত মৌ মিহলাই লওক। ইয়াক সেৱন কৰিলে পেট আৰু কঁকালৰ চৰ্বি দ্ৰুতগতিত কমি যায় আৰু বিশেষ ভোকৰ সৃষ্টি নহয়, যাৰ বাবে আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা পৰে।

২) নেমুৰ ৰসঃ মৌ আৰু নেমুৰ ৰসৰ সংমিশ্ৰণক ওজন কমোৱাৰ বাবে অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়, ই যুগ যুগ ধৰি চেষ্টা কৰা ঘৰুৱা ঔষধ। ইয়াৰ বাবে আপুনি প্ৰতিদিনে পুৱা এগিলাচ পানী গৰম কৰি তাত মৌ আৰু নেমুৰ ৰস মিহলাই খাব লাগে। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু শৰীৰৰ চৰ্বি জ্বলাবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাই আহে।

৩) গাখীৰঃ গাখীৰ এক সম্পূৰ্ণ খাদ্য, ইয়াৰ লগত মৌ মিহলি হ’লে বহু সমস্যা নাইকিয়া হয়। ইয়াৰ বাবে এগিলাচ গৰম গাখীৰত এচামুচ মৌ মিহলাই লাহে লাহে খাব লাগে। এনে কৰিলে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু একে সময়তে দীৰ্ঘসময়লৈ ভোক নাথাকে, যাৰ ফলত ওজন কমাবলৈ সহজ হয়।

৪) ডালচেনিঃ ৰেচিপিৰ সোৱাদ বৃদ্ধিৰ বাবে ডালচেনি ব্যৱহাৰ কৰা হয়। ডালচেনিৰ লগত মৌ মিহলাই খালে দেহৰ ওজন কমাবলৈ সহজ হৈ পৰে। এগিলাচ পানীত এটুকুৰা ডালচেনি উতলাই পানী ফিল্টাৰ কৰাৰ পিছত তাত মৌ দি পান কৰক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক