--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো খাদ্যই শৰীৰৰ বাবে উপযোগী নহয়৷ কিছুমান খাদ্যই দেহৰ বিকাশৰ সলনি ক্ষতিহে কৰে৷ শৰীৰৰ বৃদ্ধিৰ বাবে খাদ্য খোৱাটো অতি প্ৰয়োজনীয় কথা৷ সঠিক মাত্ৰাত সঠিক পুষ্টিদায়ক আহাৰ নাখালে আমাৰ শৰীৰটো ভালদৰে বাঢ়িব নোৱাৰে৷ 

বহুতে দেহৰ উচ্চতা কম হোৱা বাবেও মনতে অসন্তুোষ কৰা দেখা যায়৷ দৰাচলতে কেতবোৰ বিশেষ খাদ্য শৰীৰৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়৷ এনে খাদ্য শিশু অৱস্থাৰে পৰাই খালে দেহৰ উচ্চতা আদি সঠিক ভাবে বাঢ়িব পাৰে৷শৰীৰৰ উচ্চতা বৃদ্ধিৰ লগতে আন বিকাশত সহায় কৰা কেইবিধমান আহাৰ এনেধৰণৰ
১. গাখীৰ:
গাখীৰে আমাৰ দেহক পুষ্টি প্ৰদান কৰাৰ লগতে নানান ৰোগৰ বিৰুদ্ধে যুঁজ দিব  পৰাকৈ শৰীৰৰ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে৷
গাখীৰে শৰীৰৰ উচ্চতা বৃদ্ধিতো বিশেষ  ভূমিকা পালন কৰে। গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়ামৰ থাকে। শৰীৰৰ বৃদ্ধিৰ বাবে কেলচিয়ামৰ অতি প্ৰয়োজন৷কেলচিয়ামৰ উপৰিও গাখীৰত ভিটামিন-এ যথেষ্ট পৰিমানে পোৱা যায়। গাখীৰত থকা প্ৰটিনে শৰীৰৰ কোষসমূহৰ বৃদ্ধিত সহায় কৰে।দৈনিক দুইৰ পৰা তিনি গিলাছ  গাখীৰ খাব পাৰিলে দেহৰ বৃদ্ধি দ্ৰুত হ’ব৷

২.কণী:
দেহৰ বৃদ্ধিত সহায় কৰে কণীয়েও৷দেহ গঠনৰ বাবে  কণী অতি প্ৰয়োজনীয় খাদ্য। কণীত অতি বেছি পৰিমানে প্ৰ’টিন থাকে৷  ফলত কণীয়ে কোষৰ বৃদ্ধিত সহায় কৰে। দৈনিক দুটাকৈ কণী খাব পাৰি  শৰীৰৰ উচ্চতা বৃদ্ধিত সহায়ক হ’ব৷

৩.কুকুৰাৰ মাংস:
দেহৰ সঠিক বিকাশৰ বাবে মাংসৰো প্ৰয়োজন হয়৷বিশেষকৈ কুকুৰাৰ মাংসত বহু  প্ৰ’টিন থাকে আৰুএই প্ৰ’টিনে শৰীৰৰ পেশীসমূহৰ গঠন আৰু বৃদ্ধিত সহায় কৰে।  কুকুৰাৰ মাংসই সেয়ে দেহৰ উচ্চতা বৃদ্ধিত সহায় কৰিব পাৰে৷ তদুপৰি ই দেহক প্ৰয়োজনীয় প্ৰ’টিনৰো যোগান ধৰিব পাৰে৷

৪ শাক-পাচলি আৰু ফল-মূল:
শাক-পাচলি আৰু ফল-মূলে দেহৰ বৃদ্ধিত সহায় কৰে৷ সেয়ে নিতৌ কমেও এবিধ হ’লেও ফল খোৱাৰ অভ্যাস কৰিব লাগে৷
 শাক-পাচলি আৰু ফল-মূলে শৰীৰৰ স্বাস্থ্যৱান কৰি ৰাখে। গাজৰ, ৰঙালাও, বীন,অমিতা, মিঠা আলু আদি পাচলিয়ে শৰীৰৰ উচ্চতা বৃদ্ধিত সহায় কৰে। এই সমূহ পাচলিত যথেষ্ট পৰিমানে ভিটামিন-চি আৰু আন খনিজ পদাৰ্থ পোৱা যায়৷সেয়ে নিয়মিত ফল খোৱাটো অভ্যাস হিচাবে গঢ় দিব লাগে৷ ফল মানে যে বজাৰৰ পৰা কিনি অনা দামী ফল হ’ব লাগিব তেনে কোনো কথা নাই৷ সহজতে পোৱা বতৰৰ ফল-মূলতো সমানেই উপকাৰিতা পোৱা যায়৷ বিশেষকৈ যিমান পাৰি সিমান বতৰৰ ফল খাব লাগে৷ ফল খালে ছালৰ উজ্জ্বলতাও বৃদ্ধি পায়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক