--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো খাদ্যই শৰীৰৰ বাবে উপযোগী নহয়৷ কিছুমান খাদ্যই দেহৰ বিকাশৰ সলনি ক্ষতিহে কৰে৷ শৰীৰৰ বৃদ্ধিৰ বাবে খাদ্য খোৱাটো অতি প্ৰয়োজনীয় কথা৷ সঠিক মাত্ৰাত সঠিক পুষ্টিদায়ক আহাৰ নাখালে আমাৰ শৰীৰটো ভালদৰে বাঢ়িব নোৱাৰে৷ 

বহুতে দেহৰ উচ্চতা কম হোৱা বাবেও মনতে অসন্তুোষ কৰা দেখা যায়৷ দৰাচলতে কেতবোৰ বিশেষ খাদ্য শৰীৰৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়৷ এনে খাদ্য শিশু অৱস্থাৰে পৰাই খালে দেহৰ উচ্চতা আদি সঠিক ভাবে বাঢ়িব পাৰে৷শৰীৰৰ উচ্চতা বৃদ্ধিৰ লগতে আন বিকাশত সহায় কৰা কেইবিধমান আহাৰ এনেধৰণৰ
১. গাখীৰ:
গাখীৰে আমাৰ দেহক পুষ্টি প্ৰদান কৰাৰ লগতে নানান ৰোগৰ বিৰুদ্ধে যুঁজ দিব  পৰাকৈ শৰীৰৰ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে৷
গাখীৰে শৰীৰৰ উচ্চতা বৃদ্ধিতো বিশেষ  ভূমিকা পালন কৰে। গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়ামৰ থাকে। শৰীৰৰ বৃদ্ধিৰ বাবে কেলচিয়ামৰ অতি প্ৰয়োজন৷কেলচিয়ামৰ উপৰিও গাখীৰত ভিটামিন-এ যথেষ্ট পৰিমানে পোৱা যায়। গাখীৰত থকা প্ৰটিনে শৰীৰৰ কোষসমূহৰ বৃদ্ধিত সহায় কৰে।দৈনিক দুইৰ পৰা তিনি গিলাছ  গাখীৰ খাব পাৰিলে দেহৰ বৃদ্ধি দ্ৰুত হ’ব৷

২.কণী:
দেহৰ বৃদ্ধিত সহায় কৰে কণীয়েও৷দেহ গঠনৰ বাবে  কণী অতি প্ৰয়োজনীয় খাদ্য। কণীত অতি বেছি পৰিমানে প্ৰ’টিন থাকে৷  ফলত কণীয়ে কোষৰ বৃদ্ধিত সহায় কৰে। দৈনিক দুটাকৈ কণী খাব পাৰি  শৰীৰৰ উচ্চতা বৃদ্ধিত সহায়ক হ’ব৷

৩.কুকুৰাৰ মাংস:
দেহৰ সঠিক বিকাশৰ বাবে মাংসৰো প্ৰয়োজন হয়৷বিশেষকৈ কুকুৰাৰ মাংসত বহু  প্ৰ’টিন থাকে আৰুএই প্ৰ’টিনে শৰীৰৰ পেশীসমূহৰ গঠন আৰু বৃদ্ধিত সহায় কৰে।  কুকুৰাৰ মাংসই সেয়ে দেহৰ উচ্চতা বৃদ্ধিত সহায় কৰিব পাৰে৷ তদুপৰি ই দেহক প্ৰয়োজনীয় প্ৰ’টিনৰো যোগান ধৰিব পাৰে৷

৪ শাক-পাচলি আৰু ফল-মূল:
শাক-পাচলি আৰু ফল-মূলে দেহৰ বৃদ্ধিত সহায় কৰে৷ সেয়ে নিতৌ কমেও এবিধ হ’লেও ফল খোৱাৰ অভ্যাস কৰিব লাগে৷
 শাক-পাচলি আৰু ফল-মূলে শৰীৰৰ স্বাস্থ্যৱান কৰি ৰাখে। গাজৰ, ৰঙালাও, বীন,অমিতা, মিঠা আলু আদি পাচলিয়ে শৰীৰৰ উচ্চতা বৃদ্ধিত সহায় কৰে। এই সমূহ পাচলিত যথেষ্ট পৰিমানে ভিটামিন-চি আৰু আন খনিজ পদাৰ্থ পোৱা যায়৷সেয়ে নিয়মিত ফল খোৱাটো অভ্যাস হিচাবে গঢ় দিব লাগে৷ ফল মানে যে বজাৰৰ পৰা কিনি অনা দামী ফল হ’ব লাগিব তেনে কোনো কথা নাই৷ সহজতে পোৱা বতৰৰ ফল-মূলতো সমানেই উপকাৰিতা পোৱা যায়৷ বিশেষকৈ যিমান পাৰি সিমান বতৰৰ ফল খাব লাগে৷ ফল খালে ছালৰ উজ্জ্বলতাও বৃদ্ধি পায়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু