--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতাসকলৰ কথা যেতিয়াই উল্লেখ কৰা হয়, তেতিয়াই বিক্ৰম গোখলেৰ নাম নিশ্চিতভাৱে তালিকাত অন্তৰ্ভুক্ত হ’ব। অৱশ্যে ২৬ নৱেম্বৰত বিক্ৰম গোখলে এই পৃথিৱী পৰা বিদায় লয়, কিন্তু ছবিৰ জৰিয়তে তেওঁক সদায় স্মৰণ কৰিব অনুৰাগীয়ে। বিক্ৰম গোখলেৰ মৃত্যুৰ ৩দিনৰ পাছত তেওঁৰ অন্তিমখন ছবি ‘সুৰ লাগু দে’ ঘোষণা। ইয়াৰ সমান্তৰালকৈ বিক্ৰমৰ ছবিখনৰ মুক্তিৰ তাৰিখো নিৰ্মাতাসকলে ইতিমধ্যে ঘোষণা কৰিছে।

 বিক্ৰম গোখলেৰ অন্তিমখন ছবি-

প্ৰবীণ অভিনেতা বিক্ৰম গোখলে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত বহু ছবি কৰিছিল যদিও তেওঁৰ মৃত্যুৰ পাছত সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে বিক্ৰম গোখলেৰ শেষৰখন ছবিৰ বাবে। ইফালে বিক্ৰম গোখলেৰ শেষৰখন চিনেমাৰ ঘোষণাই নিশ্চয় তেওঁৰ অনুৰাগীৰ বাবে কিছু হ’লে সুখবৰ কঢ়িয়াই আনিছে। মঙলবাৰে হিন্দী চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শে বিক্ৰম গোখলেৰ অন্তিমখন ছবিৰ বিষয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত তথ্য প্ৰদান কৰিছে।

 তৰণৰ মতে বিক্ৰম গোখলেৰ শেষৰখন ছবি হৈছে মাৰাঠী চিনেমা ‘সুৰ লাগু দে’। এই মাৰাঠী ছবিত মুখ্য চৰিত্ৰত দেখা যাব বিক্ৰম গোখলেক। তেওঁৰ এই ছবিৰ জৰিয়তে বিক্ৰম গোখলেৰ আভাস শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা যাব। বিক্ৰম গোখলেৰ উপৰি বলীউডৰ অভিনেত্ৰী সুহাছিনী মুলায় আৰু ৰীনা মধুকৰেও মাৰাঠী ছবি ‘সুৰ লাগু দে’ত গুৰুত্বপূৰ্ণ চৰিত্ৰত উপস্থিত আছে।

 বিক্ৰম গোখলেৰ শেষৰখন চিনেমা কেতিয়া মুক্তি পাব?

বিক্ৰম গোখলেৰ এই শেষৰখন ছবিৰ ফাৰ্ষ্টলুক পোষ্টাৰ শ্বেয়াৰ কৰাৰ সময়তে এই তথ্য দিছে তৰণ আদৰ্শে। ইয়াৰ লগতে তৰণেও কৈছে যে কেতিয়া বিক্ৰম গোখলেৰ এই মাৰাঠী ছবিখন ছবিগৃহত মুক্তি পাব। জানিব পৰা মতে বিক্ৰম গোখলেৰ মাৰাঠী ছবি ‘সুৰ লাগু দে’ (সুৰ লাগু দে) জানুৱাৰী মাহত অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিতে মুক্তি পাব। অৱশ্যে ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও নিৰ্মাতাই নিৰ্ধাৰণ কৰা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক