--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতাসকলৰ কথা যেতিয়াই উল্লেখ কৰা হয়, তেতিয়াই বিক্ৰম গোখলেৰ নাম নিশ্চিতভাৱে তালিকাত অন্তৰ্ভুক্ত হ’ব। অৱশ্যে ২৬ নৱেম্বৰত বিক্ৰম গোখলে এই পৃথিৱী পৰা বিদায় লয়, কিন্তু ছবিৰ জৰিয়তে তেওঁক সদায় স্মৰণ কৰিব অনুৰাগীয়ে। বিক্ৰম গোখলেৰ মৃত্যুৰ ৩দিনৰ পাছত তেওঁৰ অন্তিমখন ছবি ‘সুৰ লাগু দে’ ঘোষণা। ইয়াৰ সমান্তৰালকৈ বিক্ৰমৰ ছবিখনৰ মুক্তিৰ তাৰিখো নিৰ্মাতাসকলে ইতিমধ্যে ঘোষণা কৰিছে।

 বিক্ৰম গোখলেৰ অন্তিমখন ছবি-

প্ৰবীণ অভিনেতা বিক্ৰম গোখলে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত বহু ছবি কৰিছিল যদিও তেওঁৰ মৃত্যুৰ পাছত সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে বিক্ৰম গোখলেৰ শেষৰখন ছবিৰ বাবে। ইফালে বিক্ৰম গোখলেৰ শেষৰখন চিনেমাৰ ঘোষণাই নিশ্চয় তেওঁৰ অনুৰাগীৰ বাবে কিছু হ’লে সুখবৰ কঢ়িয়াই আনিছে। মঙলবাৰে হিন্দী চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শে বিক্ৰম গোখলেৰ অন্তিমখন ছবিৰ বিষয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত তথ্য প্ৰদান কৰিছে।

 তৰণৰ মতে বিক্ৰম গোখলেৰ শেষৰখন ছবি হৈছে মাৰাঠী চিনেমা ‘সুৰ লাগু দে’। এই মাৰাঠী ছবিত মুখ্য চৰিত্ৰত দেখা যাব বিক্ৰম গোখলেক। তেওঁৰ এই ছবিৰ জৰিয়তে বিক্ৰম গোখলেৰ আভাস শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা যাব। বিক্ৰম গোখলেৰ উপৰি বলীউডৰ অভিনেত্ৰী সুহাছিনী মুলায় আৰু ৰীনা মধুকৰেও মাৰাঠী ছবি ‘সুৰ লাগু দে’ত গুৰুত্বপূৰ্ণ চৰিত্ৰত উপস্থিত আছে।

 বিক্ৰম গোখলেৰ শেষৰখন চিনেমা কেতিয়া মুক্তি পাব?

বিক্ৰম গোখলেৰ এই শেষৰখন ছবিৰ ফাৰ্ষ্টলুক পোষ্টাৰ শ্বেয়াৰ কৰাৰ সময়তে এই তথ্য দিছে তৰণ আদৰ্শে। ইয়াৰ লগতে তৰণেও কৈছে যে কেতিয়া বিক্ৰম গোখলেৰ এই মাৰাঠী ছবিখন ছবিগৃহত মুক্তি পাব। জানিব পৰা মতে বিক্ৰম গোখলেৰ মাৰাঠী ছবি ‘সুৰ লাগু দে’ (সুৰ লাগু দে) জানুৱাৰী মাহত অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিতে মুক্তি পাব। অৱশ্যে ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও নিৰ্মাতাই নিৰ্ধাৰণ কৰা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু