--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মৌচুমী যাক মিঠা নেমু বুলি কোৱা হয়। ইয়াত বহুতো পুষ্টিকৰ উপাদান আৰু ভিটামিন থাকে। ইয়াত এচিড অতি কম থাকে। এটা ফলত ৫০ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন চি থাকে, যিটো দৈনিক খাদ্যৰ প্ৰয়োজনীয়তাৰ প্ৰায় ২২%। এনে অৱস্থাত প্ৰতিদিনে ইয়াৰ ৰস বা ফল খাবলৈ পৰামৰ্শ দিয়ে পুষ্টি বিশেষজ্ঞসকলে।

বিশেষজ্ঞসকলৰ মতে, ভিটামিন চিৰ উপৰিও মৌচুমীত  ভিটামিন এ, কেলচিয়াম, কাৰ্বহাইড্ৰেট, ফছফৰাছ, পটাছিয়াম, ফ’লেট আদি থাকে। ইয়াৰ উপৰিও এই ফলত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল, এন্টিটিউমাৰ, এন্টিডায়েবেটিক, এন্টি আলচাৰ আদি বহুতো ঔষধি গুণো আছে। পুষ্টিবিদ লাভনীত বাত্ৰাইও মৌচুমী খোৱাৰ পৰামৰ্শ দিয়ে। এই ফলৰ স্বাস্থ্য উপকাৰীতা বিষয়ে জানো আহক‌-

কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে

মৌচুমীত লিম’ন’ইড নামৰ যৌগ থাকে যিয়ে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। এটা গৱেষণা পত্ৰত কোৱা হৈছে যে মোছাম্বিত পোৱা কৰ্কট ৰোগ প্ৰতিৰোধী গুণসমূহেও মূলতঃ যকৃতৰ কৰ্কট ৰোগ, স্তন আৰু পেটৰ টিউমাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।

ছালখন সুস্থ কৰি ৰাখে্

পুষ্টিবিদসকলৰ মতে, এই নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। এই ভিটামিন কলাজেন নামৰ প্ৰটিন তৈয়াৰ কৰাৰ বাবে অতি প্ৰয়োজনীয়, যিয়ে আপোনাৰ ছালখন টান আৰু শক্তিশালী কৰি ৰাখে। ইয়াৰ উপৰিও ইয়াত এন্টিঅক্সিডেন্ট গুণ আছে যি ছালৰ সমস্যাত উপকাৰী। লগতে ছালৰ দাগ আৰু ব্ৰণৰ বাবেও ফলপ্ৰসূ। মৌচুমীত উপস্থিত এন্টিঅক্সিডেন্ট আৰু এন্টিবায়টিক গুণে ছালৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

হজমৰ বাবে ভাল

মৌচুমী ফ্লেভন’ইডৰ পৰিমাণ অধিক থাকে যিয়ে পাচনতন্ত্ৰক সক্ৰিয় কৰি পাচনতন্ত্ৰৰ ৰস, এচিড আৰু পিত্তৰ নিঃসৰণ বৃদ্ধি কৰে। এই ক্ষেত্ৰত ই পেটৰ পৰা উৎপন্ন হোৱা এচিডিক পাচন ৰস নিষ্ক্ৰিয় কৰি হজম কাৰ্য্যত সহায় কৰে। আৰু নিষ্কাশন তন্ত্ৰৰ জৰিয়তে বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়।

কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে

কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ মৌচুমী সেৱন কৰিব পাৰি। আচলতে মৌচুমী ৰসত এন্টি হাইপাৰলিপিডেমিক অৰ্থাৎ উচ্চ কলেষ্টেৰল কমোৱা প্ৰভাৱ থাকে। এনে অৱস্থাত দৈনিক মৌচুমী সেৱন কৰিলে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।

মৌচুমী টেঙাক ঔষধি গুণৰ বাবে ই বহু ৰোগত সহায়ক বুলি প্ৰমাণিত হৈছে। জণ্ডিচ, বাতবিষ, গাউট, হাঁপানী, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু আলচাৰ আদি সমস্যাৰ পৰা সকাহ পাবলৈ ইয়াক খাব পাৰে।

এই তথ্য কেৱল সাধাৰণ তথ্যৰ বাবেহে। ই কোনো কাৰণতে কোনো ঔষধ বা চিকিৎসাৰ বিকল্প নহয়। অধিক জানিবলৈ সদায় চিকিৎসকৰ পৰামৰ্শ লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা