--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মৌচুমী যাক মিঠা নেমু বুলি কোৱা হয়। ইয়াত বহুতো পুষ্টিকৰ উপাদান আৰু ভিটামিন থাকে। ইয়াত এচিড অতি কম থাকে। এটা ফলত ৫০ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন চি থাকে, যিটো দৈনিক খাদ্যৰ প্ৰয়োজনীয়তাৰ প্ৰায় ২২%। এনে অৱস্থাত প্ৰতিদিনে ইয়াৰ ৰস বা ফল খাবলৈ পৰামৰ্শ দিয়ে পুষ্টি বিশেষজ্ঞসকলে।

বিশেষজ্ঞসকলৰ মতে, ভিটামিন চিৰ উপৰিও মৌচুমীত  ভিটামিন এ, কেলচিয়াম, কাৰ্বহাইড্ৰেট, ফছফৰাছ, পটাছিয়াম, ফ’লেট আদি থাকে। ইয়াৰ উপৰিও এই ফলত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল, এন্টিটিউমাৰ, এন্টিডায়েবেটিক, এন্টি আলচাৰ আদি বহুতো ঔষধি গুণো আছে। পুষ্টিবিদ লাভনীত বাত্ৰাইও মৌচুমী খোৱাৰ পৰামৰ্শ দিয়ে। এই ফলৰ স্বাস্থ্য উপকাৰীতা বিষয়ে জানো আহক‌-

কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে

মৌচুমীত লিম’ন’ইড নামৰ যৌগ থাকে যিয়ে কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। এটা গৱেষণা পত্ৰত কোৱা হৈছে যে মোছাম্বিত পোৱা কৰ্কট ৰোগ প্ৰতিৰোধী গুণসমূহেও মূলতঃ যকৃতৰ কৰ্কট ৰোগ, স্তন আৰু পেটৰ টিউমাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।

ছালখন সুস্থ কৰি ৰাখে্

পুষ্টিবিদসকলৰ মতে, এই নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। এই ভিটামিন কলাজেন নামৰ প্ৰটিন তৈয়াৰ কৰাৰ বাবে অতি প্ৰয়োজনীয়, যিয়ে আপোনাৰ ছালখন টান আৰু শক্তিশালী কৰি ৰাখে। ইয়াৰ উপৰিও ইয়াত এন্টিঅক্সিডেন্ট গুণ আছে যি ছালৰ সমস্যাত উপকাৰী। লগতে ছালৰ দাগ আৰু ব্ৰণৰ বাবেও ফলপ্ৰসূ। মৌচুমীত উপস্থিত এন্টিঅক্সিডেন্ট আৰু এন্টিবায়টিক গুণে ছালৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

হজমৰ বাবে ভাল

মৌচুমী ফ্লেভন’ইডৰ পৰিমাণ অধিক থাকে যিয়ে পাচনতন্ত্ৰক সক্ৰিয় কৰি পাচনতন্ত্ৰৰ ৰস, এচিড আৰু পিত্তৰ নিঃসৰণ বৃদ্ধি কৰে। এই ক্ষেত্ৰত ই পেটৰ পৰা উৎপন্ন হোৱা এচিডিক পাচন ৰস নিষ্ক্ৰিয় কৰি হজম কাৰ্য্যত সহায় কৰে। আৰু নিষ্কাশন তন্ত্ৰৰ জৰিয়তে বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়।

কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে

কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ মৌচুমী সেৱন কৰিব পাৰি। আচলতে মৌচুমী ৰসত এন্টি হাইপাৰলিপিডেমিক অৰ্থাৎ উচ্চ কলেষ্টেৰল কমোৱা প্ৰভাৱ থাকে। এনে অৱস্থাত দৈনিক মৌচুমী সেৱন কৰিলে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।

মৌচুমী টেঙাক ঔষধি গুণৰ বাবে ই বহু ৰোগত সহায়ক বুলি প্ৰমাণিত হৈছে। জণ্ডিচ, বাতবিষ, গাউট, হাঁপানী, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু আলচাৰ আদি সমস্যাৰ পৰা সকাহ পাবলৈ ইয়াক খাব পাৰে।

এই তথ্য কেৱল সাধাৰণ তথ্যৰ বাবেহে। ই কোনো কাৰণতে কোনো ঔষধ বা চিকিৎসাৰ বিকল্প নহয়। অধিক জানিবলৈ সদায় চিকিৎসকৰ পৰামৰ্শ লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক