--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি কোনে নিবিচাৰে দীঘল চুলি? আনহাতে দীঘল চুলিৰ প্ৰতি আকৰ্ষিত মহিলাসকলে সদায় চুলিৰ যত্ন ল’বলৈ টিপ্‌ছ বিচাৰি থাকে। প্ৰতিগৰাকী মহিলাই জানিব বিচাৰে কি কৰিলে তেওঁৰ চুলি দীঘল হ'ব। এনে পৰিস্থিতিত যদি আপুনিও এনে টিপছ বিচাৰি আছে তেন্তে আমি আপোনাৰ ইচ্ছা পূৰণ কৰিম। হয়, ইয়াত আমি আপোনালোকক এনে এটা টিপছৰ বিষয়ে ক’ম, যিটো গ্ৰহণ কৰি আপুনিও ডাঠ আৰু দীঘল চুলি পাব পাৰে। জানো আহক কি এই টিপ্‌ছ।

চুলি দীঘল কৰা টিপ্‌ছ

গাখীৰৰ সহায়ত চুলিত দিয়ক প্ৰ'টিন ট্ৰিটমেণ্ট 

সামগ্ৰী-

এটা কণী, একাপ কেঁচা গাখীৰ, এচামুচ নাৰিকল তেল, আধা কাপ গাজৰৰ ৰস, এচামুচ মৌ।

লগোৱাৰ পদ্ধতি-

১-এটা বাটি লৈ তাত থকা কণীটো ভাঙি তাৰ হালধীয়া অংশটো পৃথক কৰক। কাৰণ চুলিত হালধীয়া অংশটো লগালে চুলিৰ পৰা বেয়া গোন্ধ ওলায়, যাৰ ফলত চুলিৰ পৰা সেই গোন্ধ আঁতৰাবলৈ অসুবিধা হয়।

২- এতিয়া এটা বাটিত নাৰিকল তেল, গাজৰৰ ৰস আৰু গাখীৰ মিহলাই লওক। এতিয়া হেয়াৰ ব্ৰাছ আৰু ফণীৰ সহায়ত এই মিশ্ৰণটো চুলিত লগাওক।

৩- এই মিশ্ৰণটো চুলিত ৩০ মিনিটৰ পৰা এঘণ্টালৈকে লগাব লাগে, তাৰ পিছত চুলিখিনি ভালদৰে ধুব লাগে।

ইয়াৰ সুবিধাসমূহ-

১- এই হেয়াৰ মাস্কৰ সহায়ত চুলিত অধিক পৰিমাণৰ প্ৰ'টিন পাব আৰু চুলিৰ বৃদ্ধি ভাল হব।

২- চুলিৰ নিস্তেজতা আঁতৰি যাব আৰু চুলি জিলিকি উঠে। কেৱল এয়াই নহয়, চুলিবোৰো ডাঠ আৰু মজবুত হৈ পৰিব।

৩- চুলি কোমল কৰি তোলাতো এই হেয়াৰ পেকটো অতি উপকাৰী। লগতে চুলি সৰা সমস্যাও কমি যায়।

৪- আনহাতে দুমুখীয়া চুলিৰ বাবে যদি আপুনি অসুবিধা পায় তেন্তে এই চুলিৰ পেকে আপোনাক এই সমস্যা দূৰ কৰাত সহায় কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা