--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ  এই গ্ৰীষ্মকালত ৰূপালী পৰ্দাত মুক্তি দিবলৈ সাজু হৈছে ‘হাইৰেথ’ নামৰ এখন নতুন অসমীয়া চলচ্চিত্ৰ। চাও পাৰ্থ বৰগোহাঁই পৰিচালিত আৰু চেংপেম ফিল্মছৰ সহযোগত সুৰ প্ৰডাকচনৰ প্ৰযোজনাৰে এই বহু প্ৰত্যাশিত চলচ্চিত্ৰখনে অসমীয়া চলচ্চিত্ৰপ্ৰেমীক এক ৰোমাঞ্চকৰ যাত্ৰালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে।

প্ৰতিভাৱান পাৰ্থই এই ছবিখন পৰিচালনা কৰাই নহয়, চিত্ৰনাট্যও লিখিছে আৰু চিনেমাট’গ্ৰাফীও কৰিছে। প্ৰি-প্ৰডাকচনত তেওঁক পৰিচালনাত সহযোগ কৰে চিৰঞ্জীৱ বৰুৱা, পংকজ সেনাপতি আৰু কেনেডী জিৰদো ৷ আনহাতে অৰুণাভ দত্ত, ভিক্টৰ দাস, আৰু দুষ্যন্ত ৰায়ে পোষ্ট প্ৰডাকচনত সহকাৰী হিচাপে পৰিচালনাত সহায় কৰে।

মেঘালী কলিতাই পৰীৰ চৰিত্ৰত, অসীম শৰ্মাই ড° চলিহাৰ চৰিত্ৰত, অতনু মহন্তই কমৰ চৰিত্ৰত আৰু অৰ্চনা বেজবৰুৱাই মিছেছ চলিহাৰ চৰিত্ৰত, দীপাংকৰ শৰ্মাই ৰুবুল, হেমন্ত ৰাজখোৱাই হেমন্ত, বিশ্বকিংকৰ বৰুৱাই দিলীপ আৰু ৰিমঝিম ডেকাই ৰেণুকাৰ চৰিত্ৰত অভিনয় কৰিছে।

ডিব্ৰুগড়ত চলচ্চিত্ৰখনৰ অধিকাংশ চিত্ৰগ্ৰহণ কৰা হয় আৰু ৮২ দিনত শ্বুটিং সম্পন্ন কৰা হয়। চলচ্চিত্ৰখনৰ সংগীত বিশিষ্ট সংগীতজ্ঞ এ টি ৰামৰ।

২০২২ চনৰ ২০ ডিচেম্বৰত ডিব্ৰুগড়ত সম্পাদনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে পাৰ্থই সম্পাদনা দলটোৰ নেতৃত্ব বন্ধু তথা সহকৰ্মী, ৰাজীৱ মেনন প্ৰডাকচনৰ কবিন আদিত্যক অৰ্পণ কৰে। বৰ্তমান মুম্বাইত চলচ্চিত্ৰখনৰ ছাউণ্ড ডিজাইনৰ কাম কৰি আছে নৱপন ডেকাই। ছবিখনৰ মুক্তিৰ তাৰিখ ধাৰ্য কৰা হোৱা নাই যদিও এই বছৰৰ গ্ৰীষ্মকালতে ছবিখন মুক্তি দিয়াৰ কথা ভাবিছে পৰিচালকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু