--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল  ডেস্কঃ  এই গ্ৰীষ্মকালত ৰূপালী পৰ্দাত মুক্তি দিবলৈ সাজু হৈছে ‘হাইৰেথ’ নামৰ এখন নতুন অসমীয়া চলচ্চিত্ৰ। চাও পাৰ্থ বৰগোহাঁই পৰিচালিত আৰু চেংপেম ফিল্মছৰ সহযোগত সুৰ প্ৰডাকচনৰ প্ৰযোজনাৰে এই বহু প্ৰত্যাশিত চলচ্চিত্ৰখনে অসমীয়া চলচ্চিত্ৰপ্ৰেমীক এক ৰোমাঞ্চকৰ যাত্ৰালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে।

প্ৰতিভাৱান পাৰ্থই এই ছবিখন পৰিচালনা কৰাই নহয়, চিত্ৰনাট্যও লিখিছে আৰু চিনেমাট’গ্ৰাফীও কৰিছে। প্ৰি-প্ৰডাকচনত তেওঁক পৰিচালনাত সহযোগ কৰে চিৰঞ্জীৱ বৰুৱা, পংকজ সেনাপতি আৰু কেনেডী জিৰদো ৷ আনহাতে অৰুণাভ দত্ত, ভিক্টৰ দাস, আৰু দুষ্যন্ত ৰায়ে পোষ্ট প্ৰডাকচনত সহকাৰী হিচাপে পৰিচালনাত সহায় কৰে।

মেঘালী কলিতাই পৰীৰ চৰিত্ৰত, অসীম শৰ্মাই ড° চলিহাৰ চৰিত্ৰত, অতনু মহন্তই কমৰ চৰিত্ৰত আৰু অৰ্চনা বেজবৰুৱাই মিছেছ চলিহাৰ চৰিত্ৰত, দীপাংকৰ শৰ্মাই ৰুবুল, হেমন্ত ৰাজখোৱাই হেমন্ত, বিশ্বকিংকৰ বৰুৱাই দিলীপ আৰু ৰিমঝিম ডেকাই ৰেণুকাৰ চৰিত্ৰত অভিনয় কৰিছে।

ডিব্ৰুগড়ত চলচ্চিত্ৰখনৰ অধিকাংশ চিত্ৰগ্ৰহণ কৰা হয় আৰু ৮২ দিনত শ্বুটিং সম্পন্ন কৰা হয়। চলচ্চিত্ৰখনৰ সংগীত বিশিষ্ট সংগীতজ্ঞ এ টি ৰামৰ।

২০২২ চনৰ ২০ ডিচেম্বৰত ডিব্ৰুগড়ত সম্পাদনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে পাৰ্থই সম্পাদনা দলটোৰ নেতৃত্ব বন্ধু তথা সহকৰ্মী, ৰাজীৱ মেনন প্ৰডাকচনৰ কবিন আদিত্যক অৰ্পণ কৰে। বৰ্তমান মুম্বাইত চলচ্চিত্ৰখনৰ ছাউণ্ড ডিজাইনৰ কাম কৰি আছে নৱপন ডেকাই। ছবিখনৰ মুক্তিৰ তাৰিখ ধাৰ্য কৰা হোৱা নাই যদিও এই বছৰৰ গ্ৰীষ্মকালতে ছবিখন মুক্তি দিয়াৰ কথা ভাবিছে পৰিচালকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক