--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰেমিক   হৃত্বিক ৰোশনৰ বিৰুদ্ধে এতিয়াও সুযোগ পালেই বিহ উগাৰি দিয়ে অভিনেত্ৰী কংগনা ৰাণাৱটে ৷ কংগনাই এই সুবিধাটো এইবাৰ তেওঁৰ অনুৰাগীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ সময়তো ল’লে৷  কংগনাই টুইটাৰত তেওঁৰ অনুৰাগীসকলো সোধা  কিছুমান প্ৰশ্নৰ উত্তৰ দিয়াৰ মাজতে  প্ৰাক্তন প্ৰেমিক হৃত্বিক ৰোশনকো কটাক্ষ কৰে৷  

টুইটাৰৰ জৰিয়তে কংগনাই আস্ক মি এনিথিং চেছনৰ আয়োজন কৰিছিল।কংগনাই  লিখিছিল, "ঠিক আছে মোক প্ৰশ্ন সোধক, এতিয়া চন্দ্ৰমুখীৰ ছেটত দুপৰীয়াৰ আহাৰৰ বিৰতি, মই আগতে কেতিয়াও এনে কৰা নাই,  কিন্তু এতিয়া উত্তৰ দিম। আহক...মোক প্ৰশ্ন সোধক" ৷ কংগনা ৰাণাৱটৰ এজন অনুৰাগীয়ে কংগনাৰ আহ্বানৰ  সঁহাৰি দি  হৃত্বিক ৰোশন আৰু দিলজিৎ দোচাঞ্জৰ বিষয়ে প্ৰশ্ন কৰিছিল।  টুইটাৰ ব্যৱহাৰকাৰীজনে  সুধিছিল, "আপোনাৰ প্ৰিয় অভিনেতা? ১ – হৃত্বিক ৰোশন ২ – দিলজিৎ দোচাঞ্জ"। ব্যৱহাৰকাৰীজনক উত্তৰ দি কংগনাই দুয়োজন অভিনেতাকে সমালোচনা কৰি লিখে, "মই ভাবো এজনে একচন কৰে আৰু আনজনে গানৰ ভিডিঅ' প্ৰস্তুত কৰে, সততাৰে ক’বলৈ গ’লে  তেওঁলোকক কেতিয়াও মই  অভিনয় কৰা দেখা নাই... " ।

উল্লেখ্য  কংগনাই অতীতত হৃত্বিকৰ সৈতে প্ৰেমৰ  সম্পৰ্ক গঢ়ি তুলিছিল৷  কিন্তু তেওঁলোকৰ প্ৰেম বেছিদিন নিটিকিল। দিলজিতৰ বিষয়ে ক'বলৈ গ'লে কৃষকসকলৰ প্ৰতিবাদৰ সময়ত দিলজিতৰ সৈতে কংগনাৰ টুইটাৰত এক ভীষণ কাজিয়া হৈছিল। কংগনাই কৈছিল যে বৃদ্ধ মহিলা এগৰাকীয়ে ১০০ টকা উপাৰ্জন কৰিবলৈ প্ৰতিবাদ কৰিবলৈ  আহিছিল৷  কিয়নো একেগৰাকী মহিলাই আছিল শ্বাহিন বাগৰ দাদী, বিলকিছ বানো। কংগনাৰ  টুইটটোৱে ইতিমধ্যে দোচাঞ্জকে ধৰি বহুতো চেলিব্ৰিটিক উত্তেজিত কৰি তুলিছিল ।

 টুইটাৰত দিলজিতে কংগনাক এথেকেচা দিছিল৷ ইয়াৰ পিছতে দিলজিত কংগনাৰ শত্ৰু হৈ পৰিছিল৷উল্লেখ্য  কংগনা ৰাণাৱতক দেখা যাব আহিবলগীয়া ছবি  ইমাৰ্জেন্সিত৷  ছবি খন কংগনাৰ  প্ৰথম একক পৰিচালনাৰ ছবি৷  প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাৰ সময়ক লৈ নিৰ্মাণ কৰা হৈছে ছবি খন৷   প্ৰয়াত ৰাজনীতিকগৰাকীৰ নাম ভূমিকাত অভিনয় কৰিছে কংগনাই নিজেই৷  ছবি খনত  অনুপম খেৰ, মহিমা চৌধুৰী, বিছক নায়াৰ আৰু শ্ৰেয়াছ তালপাদেও বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু