--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰেমিক   হৃত্বিক ৰোশনৰ বিৰুদ্ধে এতিয়াও সুযোগ পালেই বিহ উগাৰি দিয়ে অভিনেত্ৰী কংগনা ৰাণাৱটে ৷ কংগনাই এই সুবিধাটো এইবাৰ তেওঁৰ অনুৰাগীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ সময়তো ল’লে৷  কংগনাই টুইটাৰত তেওঁৰ অনুৰাগীসকলো সোধা  কিছুমান প্ৰশ্নৰ উত্তৰ দিয়াৰ মাজতে  প্ৰাক্তন প্ৰেমিক হৃত্বিক ৰোশনকো কটাক্ষ কৰে৷  

টুইটাৰৰ জৰিয়তে কংগনাই আস্ক মি এনিথিং চেছনৰ আয়োজন কৰিছিল।কংগনাই  লিখিছিল, "ঠিক আছে মোক প্ৰশ্ন সোধক, এতিয়া চন্দ্ৰমুখীৰ ছেটত দুপৰীয়াৰ আহাৰৰ বিৰতি, মই আগতে কেতিয়াও এনে কৰা নাই,  কিন্তু এতিয়া উত্তৰ দিম। আহক...মোক প্ৰশ্ন সোধক" ৷ কংগনা ৰাণাৱটৰ এজন অনুৰাগীয়ে কংগনাৰ আহ্বানৰ  সঁহাৰি দি  হৃত্বিক ৰোশন আৰু দিলজিৎ দোচাঞ্জৰ বিষয়ে প্ৰশ্ন কৰিছিল।  টুইটাৰ ব্যৱহাৰকাৰীজনে  সুধিছিল, "আপোনাৰ প্ৰিয় অভিনেতা? ১ – হৃত্বিক ৰোশন ২ – দিলজিৎ দোচাঞ্জ"। ব্যৱহাৰকাৰীজনক উত্তৰ দি কংগনাই দুয়োজন অভিনেতাকে সমালোচনা কৰি লিখে, "মই ভাবো এজনে একচন কৰে আৰু আনজনে গানৰ ভিডিঅ' প্ৰস্তুত কৰে, সততাৰে ক’বলৈ গ’লে  তেওঁলোকক কেতিয়াও মই  অভিনয় কৰা দেখা নাই... " ।

উল্লেখ্য  কংগনাই অতীতত হৃত্বিকৰ সৈতে প্ৰেমৰ  সম্পৰ্ক গঢ়ি তুলিছিল৷  কিন্তু তেওঁলোকৰ প্ৰেম বেছিদিন নিটিকিল। দিলজিতৰ বিষয়ে ক'বলৈ গ'লে কৃষকসকলৰ প্ৰতিবাদৰ সময়ত দিলজিতৰ সৈতে কংগনাৰ টুইটাৰত এক ভীষণ কাজিয়া হৈছিল। কংগনাই কৈছিল যে বৃদ্ধ মহিলা এগৰাকীয়ে ১০০ টকা উপাৰ্জন কৰিবলৈ প্ৰতিবাদ কৰিবলৈ  আহিছিল৷  কিয়নো একেগৰাকী মহিলাই আছিল শ্বাহিন বাগৰ দাদী, বিলকিছ বানো। কংগনাৰ  টুইটটোৱে ইতিমধ্যে দোচাঞ্জকে ধৰি বহুতো চেলিব্ৰিটিক উত্তেজিত কৰি তুলিছিল ।

 টুইটাৰত দিলজিতে কংগনাক এথেকেচা দিছিল৷ ইয়াৰ পিছতে দিলজিত কংগনাৰ শত্ৰু হৈ পৰিছিল৷উল্লেখ্য  কংগনা ৰাণাৱতক দেখা যাব আহিবলগীয়া ছবি  ইমাৰ্জেন্সিত৷  ছবি খন কংগনাৰ  প্ৰথম একক পৰিচালনাৰ ছবি৷  প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাৰ সময়ক লৈ নিৰ্মাণ কৰা হৈছে ছবি খন৷   প্ৰয়াত ৰাজনীতিকগৰাকীৰ নাম ভূমিকাত অভিনয় কৰিছে কংগনাই নিজেই৷  ছবি খনত  অনুপম খেৰ, মহিমা চৌধুৰী, বিছক নায়াৰ আৰু শ্ৰেয়াছ তালপাদেও বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক