--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ জীৱনটো খাদ্য অবিহনে বেছি দিন টিকি থাকিব নোৱাৰে, কিন্তু সকলোৱে কেৱল জীয়াই থকাৰ বাবেই খাদ্য নাখায়, বৰঞ্চ খাদ্যৰ ভাল সোৱাদ বিচাৰে, যাৰ দায়িত্ব আমাৰ জিভাৰ ওপৰত নিহিত হৈ থাকে। কেতিয়াবা আমাৰ জিভাই খাদ্যৰ সোৱাদ নোপোৱা হয়। ইয়াক আওকাণ কৰিব নালাগে। তেনে কৰাটো বিপজ্জনক কাৰণ জিভাখন নিস্তেজ হোৱা বহু গুৰুতৰ ৰোগৰ লক্ষণ। আচলতে আমি অসুস্থ হ’লে আমাৰ জিভাৰ সোৱাদ আৰু ৰঙো সলনি হয়, যাৰ বাবে চিকিৎসাৰ সময়ত চিকিৎসকে প্ৰায়ে আমাৰ জিভাখন চায়।

জিভাৰ সোৱাদ কিয় সলনি হয়?

১/ ফ্লুঃ কোনোবাই যেতিয়া ফ্লুত আক্ৰান্ত হয় তেতিয়া জিভাৰ সোৱাদ হেৰুৱাব পাৰে। এইটো এটা সাধাৰণ শাৰীৰিক সমস্যা যদিও কিছুমান ক্ষেত্ৰত ই কোনো ৰোগৰ লক্ষণো হ’ব পাৰে।

২/ ডায়েবেটিছঃ ডায়েবেটিছ ৰোগীয়ে প্ৰায়ে জিভাৰ সোৱাদৰ পৰিৱৰ্তনৰ সন্মুখীন হয়। তেওঁলোকৰ তেজৰ চেনিৰ অৱস্থা জানিবলৈ এইটো গুৰুত্বপূৰ্ণ হ’ব পাৰে।

৩/ দাঁতৰ সমস্যাঃ দাঁতৰ সমস্যাই জিভাৰ সোৱাদতো প্ৰভাৱ পেলাব পাৰে। জিঞ্জিভাইটিছ, গহ্বৰ, বা মুখ পৰিষ্কাৰ নকৰাৰ বাবে এনে সমস্যাৰ সৃষ্টি হোৱাটো অতি সাধাৰণ কথা।





৪/ স্নায়ুজনিত সমস্যাঃ বহুতো স্নায়ুজনিত ৰোগ, যেনে পাৰ্কিনছন ৰোগ, এলঝেইমাৰ, বা মাল্টিপল স্ক্লেৰোচিছৰ ফলত জিভাৰ সোৱাদ সলনি হ’ব পাৰে।

৫/ কাহ আৰু চৰ্দিঃ কাহ আৰু চৰ্দিৰ সময়ত জিভাৰ সোৱাদ কমি যাব পাৰে, কাৰণ নাক বন্ধ হোৱাৰ বাবে এনে হয়, আচলতে আমাৰ সোৱাদ নিৰ্ণয়ৰ বাবেও নাকেই দায়বদ্ধ।

৬/ ক'ভিড-১৯ঃ সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণে বিধ্বংসী ৰূপ ধাৰণ কৰিছিল, এই সময়ছোৱাত বহু লোকে জিভাত সোৱাদ হেৰুৱাই পেলোৱা অনুভৱ কৰিছিল। এয়া Covid-19 ৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু