--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ২০১৯ৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছত সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল। সেই ঘটনাৰ পাছত পুনৰ এবাৰ দলৰ মুৰব্বীৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ কথা বিবেচনা কৰিছে বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, কংগ্ৰেছ ৱ’ৰ্কিং কমিটীৰ (চিডব্লিউচি) বৈঠকত দলটোৰ জ্যেষ্ঠ নেতাসকলে ৰাহুল গান্ধীক পুনৰ সভাপতি পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে বিবেচনা কৰি চোৱাৰ কথাও সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। লগতে কয় যে তেওঁক দলৰ নেতাসকলৰ পৰা আগৰ্শগত স্পষ্টতাৰ প্ৰয়োজন আছে। কিছুমান নেতাই লগতে এইটোও কয় যে আগন্তুক বিধানসভা নিৰ্বাচনলৈকে তেওঁক কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা উচিত। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ (এআইচিচি) মুখ্য কাৰ্যালয়ত অনুষ্ঠিত চিডব্লিউচি বৈঠক সমাপ্ত হোৱাৰ পাছত, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী অম্বিকা চোনিয়েও এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মতামত ব্যক্ত কৰিছে। তেওঁ কয় যে, 'ৰাহুল গান্ধী দলৰ সভাপতি হ'ব নে নহ'ব সেয়া তেওঁৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু ৰাহুল গান্ধী দলৰ সভাপতি হোৱা উচিত বুলি সকলোৱে মত পোষণ কৰে।'

'জি-২৩ৰ কথা তাত উল্লেখ কৰা হোৱা নাছিল। তেওঁলোক সভাত উপস্থিত আছিল। কংগ্ৰেছ দল বিভক্ত নহয়, ঐক্যবদ্ধ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো নেতাই সৰ্বসন্মতিক্ৰমে ৰাহুল গান্ধীক দলৰ সভাপতি হোৱাটো বিচাৰে। নিৰ্বাচন প্ৰক্ৰিয়াটো ছেপ্টেম্বৰ ২০২২ত আৰম্ভ হ'ব,'- বুলি অম্বিকা চোনিয়ে লগতে কয়।

অৱশ্যে ছোনীয়া গান্ধীয়েই অন্তৱৰ্তীকালীন কংগ্ৰেছ সভাপতিৰ ভূমিকাত অব্যাহত থাকিব নে ৰাহুল গান্ধীয়ে ২০২২ চনৰ গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ নেতাসকলৰ প্ৰধান হিচাপে উভতি অহাৰ দাবী স্বীকাৰ কৰিব সেয়া সময়তহে স্পষ্ট হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement