--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ২০১৯ৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ পাছত সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল। সেই ঘটনাৰ পাছত পুনৰ এবাৰ দলৰ মুৰব্বীৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ কথা বিবেচনা কৰিছে বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, কংগ্ৰেছ ৱ’ৰ্কিং কমিটীৰ (চিডব্লিউচি) বৈঠকত দলটোৰ জ্যেষ্ঠ নেতাসকলে ৰাহুল গান্ধীক পুনৰ সভাপতি পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে বিবেচনা কৰি চোৱাৰ কথাও সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। লগতে কয় যে তেওঁক দলৰ নেতাসকলৰ পৰা আগৰ্শগত স্পষ্টতাৰ প্ৰয়োজন আছে। কিছুমান নেতাই লগতে এইটোও কয় যে আগন্তুক বিধানসভা নিৰ্বাচনলৈকে তেওঁক কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা উচিত। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ (এআইচিচি) মুখ্য কাৰ্যালয়ত অনুষ্ঠিত চিডব্লিউচি বৈঠক সমাপ্ত হোৱাৰ পাছত, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী অম্বিকা চোনিয়েও এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মতামত ব্যক্ত কৰিছে। তেওঁ কয় যে, 'ৰাহুল গান্ধী দলৰ সভাপতি হ'ব নে নহ'ব সেয়া তেওঁৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু ৰাহুল গান্ধী দলৰ সভাপতি হোৱা উচিত বুলি সকলোৱে মত পোষণ কৰে।'

'জি-২৩ৰ কথা তাত উল্লেখ কৰা হোৱা নাছিল। তেওঁলোক সভাত উপস্থিত আছিল। কংগ্ৰেছ দল বিভক্ত নহয়, ঐক্যবদ্ধ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো নেতাই সৰ্বসন্মতিক্ৰমে ৰাহুল গান্ধীক দলৰ সভাপতি হোৱাটো বিচাৰে। নিৰ্বাচন প্ৰক্ৰিয়াটো ছেপ্টেম্বৰ ২০২২ত আৰম্ভ হ'ব,'- বুলি অম্বিকা চোনিয়ে লগতে কয়।

অৱশ্যে ছোনীয়া গান্ধীয়েই অন্তৱৰ্তীকালীন কংগ্ৰেছ সভাপতিৰ ভূমিকাত অব্যাহত থাকিব নে ৰাহুল গান্ধীয়ে ২০২২ চনৰ গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ নেতাসকলৰ প্ৰধান হিচাপে উভতি অহাৰ দাবী স্বীকাৰ কৰিব সেয়া সময়তহে স্পষ্ট হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু