--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ আগ্ৰাসী ৰাজনীতিত সংকুচিত হৈ আহিছে বড়ো জাতীয়তাবাদৰ মানচিত্ৰ৷ ৰাষ্ট্ৰীয় ৰাজনীতিৰ হাতোৰাই চেপি আনিছে বড়োভূমিৰ আঞ্চলিক ৰাজনীতিক৷ এতিয়া বিজেপিৰ অনুগ্ৰহতহে জীয়াই আছে বিপিএফ৷
বড়ো জাতীয়তাবাদৰ উত্থানৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই এসময়ত বড়োভূমিত বড়ো জাতীয়তাবাদৰ নৱোন্মেষ ঘটাইছিল৷ পৰৱৰ্তী সময়ত বড়ো নাগৰিকৰ অধিকাৰ আৰু সুৰক্ষাৰ দাবীৰে ৰাজনৈতিক সংগ্ৰাম আৰম্ভ কৰিছিল বিপিএফ-এ৷ সেয়া এতিয়া ইতিহাস৷ তদানীন্তন কংগ্ৰেছ চৰকাৰৰ অংশীদাৰ হৈ ৰাজ্য শাসনৰ অংশ হৈ পৰিছিল বিপিএফ৷ অসমত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠনৰ সময়ত ২০১৬ত বিজেপিৰে মিত্ৰতা কৰি সৰ্বানন্দ সোণোৱালৰ নেতৃ্ত্বাধীন চৰকাৰৰো অংশীদাৰ হৈছিল বিপিএফ৷ পিছে, বিজেপিৰে মধুৰ সম্পৰ্ক বেছি দীঘলীয়া নহ’ল বিপিএফৰ৷ ইউপিপিএলৰ ৰাজনৈতিক উত্থানৰ পাছত ক্ৰমশ: নিষ্প্ৰভ হৈ আহিল বিপিএফ৷ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ হৈ পৰিল ইউপিপিএল৷ বিটিএডিতো ক্ষমতালৈ আহিল ইউপিপিএল৷ আৰু, এতিয়া পুনৰ বিজেপিৰ আশিস পাবলৈ হাবাথুৰি খাই ফুৰিছে হাগ্ৰামা মহিলাৰীয়ে৷ 

এটা সময় আছিল, বড়ো জাতীয়তাবাদক বাদ দি অসমৰ সমাগ্ৰিক জাতীয়তাবাদৰ কথা ভাবিব পৰা নগৈছিল৷ এতিয়া সময় সলনি হ’ল৷ ৰাষ্ট্ৰীয়তাবাদৰ হাতোৰাত বন্দী হৈ স্বকীয়তা হেৰুৱালে বিপিএফে৷ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা আৰু আঞ্চলিক ৰাজনীতিক মষিমূৰ কৰাই ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰ প্ৰাথমিক চৰিত্ৰ৷ তাৰেই স্পষ্ট উদাহৰণ বড়োভূমিৰ ৰাজনীতিতে প্ৰতিফলিত হয়৷ 

এতিয়া অসম চৰকাৰৰ মন্ত্ৰিত্ব পাবলৈ দিছপুৰলৈ তাঁত-বাতি কাঢ়িছে বিপিএফে৷ আজি ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিপিএফে মন্ত্ৰিত্ব পোৱাটো অলীক কল্পনা বুলি মন্তব্য কৰিছে৷ ইপিনে, বিজেপিৰ ৰাজ্যিত নেতৃত্বৰ তৰফৰ পৰাও ক্ৰমাৎ ৰাজনৈতিক চাপৰ সন্মুখীন হৈছে ইউপিপিএল৷ ৰাজ্যসভাৰ নিৰ্বাচনত ইউপিপিএলৰ প্ৰতিদ্বন্দ্বী বিপিএফৰ তিনিজন বিধায়কৰ ভোট বিজেপি মিত্ৰজোঁটে লৈ দুজন প্ৰাৰ্থীক উচ্চ সদনলৈ পঠোৱাৰ পাছত এতিয়া বিপিএফৰ এজন বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ গুণাগথা চলিছে দিছপুৰত৷ ৰাজ্যসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ দুজন প্ৰাৰ্থী জিকোৱাৰ বাট মুকলি কৰি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে অতি কৌশলেৰে বিজেপিৰ কাষ চাপিবলৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ হাগ্ৰামা মহিলাৰীৰ তৎপৰতাই সমানে উদ্বিগ্ন কৰি তুলিছে চৰকাৰৰ অংশীদাৰ ইউপিপিএলক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু