--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ আগ্ৰাসী ৰাজনীতিত সংকুচিত হৈ আহিছে বড়ো জাতীয়তাবাদৰ মানচিত্ৰ৷ ৰাষ্ট্ৰীয় ৰাজনীতিৰ হাতোৰাই চেপি আনিছে বড়োভূমিৰ আঞ্চলিক ৰাজনীতিক৷ এতিয়া বিজেপিৰ অনুগ্ৰহতহে জীয়াই আছে বিপিএফ৷
বড়ো জাতীয়তাবাদৰ উত্থানৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই এসময়ত বড়োভূমিত বড়ো জাতীয়তাবাদৰ নৱোন্মেষ ঘটাইছিল৷ পৰৱৰ্তী সময়ত বড়ো নাগৰিকৰ অধিকাৰ আৰু সুৰক্ষাৰ দাবীৰে ৰাজনৈতিক সংগ্ৰাম আৰম্ভ কৰিছিল বিপিএফ-এ৷ সেয়া এতিয়া ইতিহাস৷ তদানীন্তন কংগ্ৰেছ চৰকাৰৰ অংশীদাৰ হৈ ৰাজ্য শাসনৰ অংশ হৈ পৰিছিল বিপিএফ৷ অসমত প্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠনৰ সময়ত ২০১৬ত বিজেপিৰে মিত্ৰতা কৰি সৰ্বানন্দ সোণোৱালৰ নেতৃ্ত্বাধীন চৰকাৰৰো অংশীদাৰ হৈছিল বিপিএফ৷ পিছে, বিজেপিৰে মধুৰ সম্পৰ্ক বেছি দীঘলীয়া নহ’ল বিপিএফৰ৷ ইউপিপিএলৰ ৰাজনৈতিক উত্থানৰ পাছত ক্ৰমশ: নিষ্প্ৰভ হৈ আহিল বিপিএফ৷ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ হৈ পৰিল ইউপিপিএল৷ বিটিএডিতো ক্ষমতালৈ আহিল ইউপিপিএল৷ আৰু, এতিয়া পুনৰ বিজেপিৰ আশিস পাবলৈ হাবাথুৰি খাই ফুৰিছে হাগ্ৰামা মহিলাৰীয়ে৷ 

এটা সময় আছিল, বড়ো জাতীয়তাবাদক বাদ দি অসমৰ সমাগ্ৰিক জাতীয়তাবাদৰ কথা ভাবিব পৰা নগৈছিল৷ এতিয়া সময় সলনি হ’ল৷ ৰাষ্ট্ৰীয়তাবাদৰ হাতোৰাত বন্দী হৈ স্বকীয়তা হেৰুৱালে বিপিএফে৷ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা আৰু আঞ্চলিক ৰাজনীতিক মষিমূৰ কৰাই ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিৰ প্ৰাথমিক চৰিত্ৰ৷ তাৰেই স্পষ্ট উদাহৰণ বড়োভূমিৰ ৰাজনীতিতে প্ৰতিফলিত হয়৷ 

এতিয়া অসম চৰকাৰৰ মন্ত্ৰিত্ব পাবলৈ দিছপুৰলৈ তাঁত-বাতি কাঢ়িছে বিপিএফে৷ আজি ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিপিএফে মন্ত্ৰিত্ব পোৱাটো অলীক কল্পনা বুলি মন্তব্য কৰিছে৷ ইপিনে, বিজেপিৰ ৰাজ্যিত নেতৃত্বৰ তৰফৰ পৰাও ক্ৰমাৎ ৰাজনৈতিক চাপৰ সন্মুখীন হৈছে ইউপিপিএল৷ ৰাজ্যসভাৰ নিৰ্বাচনত ইউপিপিএলৰ প্ৰতিদ্বন্দ্বী বিপিএফৰ তিনিজন বিধায়কৰ ভোট বিজেপি মিত্ৰজোঁটে লৈ দুজন প্ৰাৰ্থীক উচ্চ সদনলৈ পঠোৱাৰ পাছত এতিয়া বিপিএফৰ এজন বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ গুণাগথা চলিছে দিছপুৰত৷ ৰাজ্যসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ দুজন প্ৰাৰ্থী জিকোৱাৰ বাট মুকলি কৰি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে অতি কৌশলেৰে বিজেপিৰ কাষ চাপিবলৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ হাগ্ৰামা মহিলাৰীৰ তৎপৰতাই সমানে উদ্বিগ্ন কৰি তুলিছে চৰকাৰৰ অংশীদাৰ ইউপিপিএলক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ