--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি ব্যস্ত জীৱনত নিজৰ বাবে সময় বিচাৰি পোৱাটো বৰ কঠিন হৈ পৰিছে। গধুৰ কামৰ বোজা আৰু দায়িত্বৰ বাবে নিজৰ আৰু আমাৰ আৱেগৰ মাজত এক দূৰত্বৰ সৃষ্টি হয়। যাৰ বাবেই নিজৰ অন্তৰ্নিহিত আত্মাৰ পৰা দূৰত্ব অনুভৱ কৰিবলৈ আৰম্ভ কৰে। সহজ ভাষাত ক’বলৈ গ’লে আমি নিজৰ পৰা নিজে দূৰত্ব অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। এনে মানুহ ৰবটতকৈও কম নহয়। নিজৰ পৰা দূৰত্ব অনুভৱ কৰাৰ লক্ষণ কি কি জানো আহক?

১) নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱঃ আৱেগিক বুদ্ধিমত্তাই এক প্ৰকাৰৰ আৱেগিক পৰিপক্কতা প্ৰতিফলিত কৰে। যদি আপুনি নিজৰ অনুভৱক অবিৰতভাৱে আওকাণ কৰে তেন্তে আপুনি নিজৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰিছে। এটা উদাহৰণেৰে এই কথাটো বুজি লওঁক, যেতিয়া আপুনি আপোনাৰ সংগীৰ ওপৰত কোনো কথাত খং কৰে, তেতিয়া আপুনি আপোনাৰ অনুভৱ প্ৰকাশ কৰিবলৈ সক্ষম হয়নে? নে আপুনি সেইটো বুজিবলৈ চেষ্টা কৰে কিহে আপোনাক আমনি কৰি আছে ? খং উঠি নিজৰ অনুভৱত আঘাত পোৱাটো নিজৰ পৰা আঁতৰি যোৱাৰ লক্ষণ।
 
২) নিজৰ প্ৰতিক্ৰিয়াত আচৰিত হোৱাঃ  আপুনি কেতিয়াবা কোনো পৰিস্থিতিৰ প্ৰতি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছেনে যিয়ে আপোনাক আচৰিত কৰি তুলিছে? যদি আপোনাৰ প্ৰতিক্ৰিয়া আপোনাৰ প্ৰকৃত স্বভাৱৰ সৈতে মিল নাথাকে, তেন্তে সেয়াই যথেষ্ট ইংগিত যে আপুনি নিজৰ পৰা আঁতৰি গৈছে। ইয়াৰ পৰা হাত সাৰিবলৈ যোগৰ সহায় ল’ব পাৰি।

৩) অতীতৰ ভুলৰ পুনৰাবৃত্তিমূলক স্মৃতিঃ নিজৰ পৰা বিচ্ছিন্ন হোৱাৰ আটাইতকৈ ডাঙৰ লক্ষণ হ’ল মানুহে নিজৰ পুৰণি ভুলবোৰ মনত ৰাখিয়েই অশান্তি পায়। বৰ্তমানটো ঠিকে ৰাখিবলৈ পুৰণি কথাৰ পৰা শিক্ষা লওক কিন্তু পুৰণি কথা মনত পেলাই নিজৰ মনটো অশান্ত কৰি নল’ব।

৪) নিজৰ ইচ্ছাৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱঃ  কোনোবাই যেতিয়া নিজৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ বুজি নাপায় যে তেওঁক কি লাগে আৰু কি বিচাৰে। এনে পৰিস্থিতিত নিজৰ বাবে সময় উলিয়াই সেই কামটো কৰাটো অতি প্ৰয়োজনীয়, যিটো কামত আমি আগ্ৰহী বা যিটো কাম কৰি ভাল অনুভৱ কৰো। আচলতে কিহে আপোনাক সুখী কৰে সেই বিষয়ে চিন্তা কৰক আৰু ব্যস্ত হৈ পৰক।

৫) আনক দোষ দিয়াঃ আত্মসংযোগৰ অভাৱত এজন ব্যক্তিয়ে আনক বিশেষকৈ জীৱনসংগীক দোষ দিবলৈ আৰম্ভ কৰে। যদি আনক দোষ দিয়াটো কাৰোবাৰ অভ্যাসত পৰিণত হৈছে তেন্তে ই বিপদৰ লক্ষণ। ইয়াৰ পৰা হাত সাৰিবলৈ নিজৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন আছে, যোগৰ সহায়ত এইখিনি উন্নত কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক