--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি ব্যস্ত জীৱনত নিজৰ বাবে সময় বিচাৰি পোৱাটো বৰ কঠিন হৈ পৰিছে। গধুৰ কামৰ বোজা আৰু দায়িত্বৰ বাবে নিজৰ আৰু আমাৰ আৱেগৰ মাজত এক দূৰত্বৰ সৃষ্টি হয়। যাৰ বাবেই নিজৰ অন্তৰ্নিহিত আত্মাৰ পৰা দূৰত্ব অনুভৱ কৰিবলৈ আৰম্ভ কৰে। সহজ ভাষাত ক’বলৈ গ’লে আমি নিজৰ পৰা নিজে দূৰত্ব অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। এনে মানুহ ৰবটতকৈও কম নহয়। নিজৰ পৰা দূৰত্ব অনুভৱ কৰাৰ লক্ষণ কি কি জানো আহক?

১) নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱঃ আৱেগিক বুদ্ধিমত্তাই এক প্ৰকাৰৰ আৱেগিক পৰিপক্কতা প্ৰতিফলিত কৰে। যদি আপুনি নিজৰ অনুভৱক অবিৰতভাৱে আওকাণ কৰে তেন্তে আপুনি নিজৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰিছে। এটা উদাহৰণেৰে এই কথাটো বুজি লওঁক, যেতিয়া আপুনি আপোনাৰ সংগীৰ ওপৰত কোনো কথাত খং কৰে, তেতিয়া আপুনি আপোনাৰ অনুভৱ প্ৰকাশ কৰিবলৈ সক্ষম হয়নে? নে আপুনি সেইটো বুজিবলৈ চেষ্টা কৰে কিহে আপোনাক আমনি কৰি আছে ? খং উঠি নিজৰ অনুভৱত আঘাত পোৱাটো নিজৰ পৰা আঁতৰি যোৱাৰ লক্ষণ।
 
২) নিজৰ প্ৰতিক্ৰিয়াত আচৰিত হোৱাঃ  আপুনি কেতিয়াবা কোনো পৰিস্থিতিৰ প্ৰতি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছেনে যিয়ে আপোনাক আচৰিত কৰি তুলিছে? যদি আপোনাৰ প্ৰতিক্ৰিয়া আপোনাৰ প্ৰকৃত স্বভাৱৰ সৈতে মিল নাথাকে, তেন্তে সেয়াই যথেষ্ট ইংগিত যে আপুনি নিজৰ পৰা আঁতৰি গৈছে। ইয়াৰ পৰা হাত সাৰিবলৈ যোগৰ সহায় ল’ব পাৰি।

৩) অতীতৰ ভুলৰ পুনৰাবৃত্তিমূলক স্মৃতিঃ নিজৰ পৰা বিচ্ছিন্ন হোৱাৰ আটাইতকৈ ডাঙৰ লক্ষণ হ’ল মানুহে নিজৰ পুৰণি ভুলবোৰ মনত ৰাখিয়েই অশান্তি পায়। বৰ্তমানটো ঠিকে ৰাখিবলৈ পুৰণি কথাৰ পৰা শিক্ষা লওক কিন্তু পুৰণি কথা মনত পেলাই নিজৰ মনটো অশান্ত কৰি নল’ব।

৪) নিজৰ ইচ্ছাৰ ওপৰত নিয়ন্ত্ৰণৰ অভাৱঃ  কোনোবাই যেতিয়া নিজৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ বুজি নাপায় যে তেওঁক কি লাগে আৰু কি বিচাৰে। এনে পৰিস্থিতিত নিজৰ বাবে সময় উলিয়াই সেই কামটো কৰাটো অতি প্ৰয়োজনীয়, যিটো কামত আমি আগ্ৰহী বা যিটো কাম কৰি ভাল অনুভৱ কৰো। আচলতে কিহে আপোনাক সুখী কৰে সেই বিষয়ে চিন্তা কৰক আৰু ব্যস্ত হৈ পৰক।

৫) আনক দোষ দিয়াঃ আত্মসংযোগৰ অভাৱত এজন ব্যক্তিয়ে আনক বিশেষকৈ জীৱনসংগীক দোষ দিবলৈ আৰম্ভ কৰে। যদি আনক দোষ দিয়াটো কাৰোবাৰ অভ্যাসত পৰিণত হৈছে তেন্তে ই বিপদৰ লক্ষণ। ইয়াৰ পৰা হাত সাৰিবলৈ নিজৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন আছে, যোগৰ সহায়ত এইখিনি উন্নত কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু