--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইলৰ গৱেষকসকলে প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি দুগুণ গতিত গাহৰিৰ ঘাঁ ভাল খৰাৰ দাবী কৰিছে। তেওঁলোকে কয় যে এই যৌগটোৱে অৱশেষত “এন্টিবায়টিক বিকল্প” হিচাপে কাম কৰিব পাৰে আৰু তেওঁলোকে ইয়াক মানুহৰ ব্যৱহাৰৰ বাবেও প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে। ব্ৰকলি, ফুলকবি আদি শাক-পাচলিত ডাইণ্ড’লাইলমিথেন (DIM) থাকে। বেন গুৰিয়ান বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে এটা পৰীক্ষাগাৰৰ পৰিৱেশত বেক্টেৰিয়াৰ ওপৰত এই ডাইণ্ড’লাইলমিথেনৰ  প্ৰভাৱৰ বিষয়ে অনুসন্ধান কৰি দেখিলে যে ই  বেক্টেৰিয়াৰ কাৰ্যক্ষমতাত ব্যাঘাত জন্মায়।

গৱেষকসকলে এনে গাহৰি ব্যৱহাৰ কৰিছিল যিবোৰৰ একাধিক ঘাঁ আছিল, আৰু তেওঁলোকে এন্টিবায়টিক বা ডি আই এমৰ কৃত্ৰিম সংস্কৰণ ব্যৱহাৰ কৰি ঘাঁবোৰ ভাল কৰিছিল। এন্টিবায়টিকৰ দ্বাৰা চিকিৎসা কৰা ঘাঁৰ বাবে সম্পূৰ্ণ  সময় আছিল ১০ দিন কিন্তু ডিআইএম ভিত্তিক মলমৰ দ্বাৰা চিকিৎসা কৰা ঘাঁৰ বাবে মাত্ৰ ৫ দিন‌ৰ সময়হে প্ৰয়োজন হৈছিল।

এই গৱেষণাত অধ্যাপক এৰিয়েল কুছমাৰো আৰু তেওঁৰ দলটোৱে এই ৰাসায়নিক দ্ৰব্যটোক পশুৰ মলমলৈও বিকশিত কৰিছিল। তেওঁলোকৰ এই তথ্য প্ৰকাশ পাইছে ফাৰ্মাচিউটিক্স নামৰ আলোচনীখনত। পশু খাদ্য সংযোজক হিচাপে ইয়াৰ সম্ভাৱ্য স্বাস্থ্যজনিত সুবিধাসমূহৰ বিষয়েও তেওঁলোকে অনুসন্ধান কৰি আছে।

বিজ্ঞানীসকলে দাবী কৰিছে যে এন্টিবায়’টিক ঔষধে ঘাঁৰ ওপৰত থকা বেক্টেৰিয়াৰ স্তৰটো নাইকিয়া কৰে। কিন্তু সতেজ কলাৰ এটা তৰপ গঢ় লৈ উঠে আৰু মৃত বেক্টেৰিয়া আৰু কলাও থাকে। কিন্তু DIM চিকিৎসাত দুগুণ অধিক গতিত ঘাঁ সমূহ ভাল  হয় কাৰণ ইয়াত মৃত কলা বা মৃত বেক্টেৰিয়াৰ কোনো তৰপ নাথাকে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন