--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইলৰ গৱেষকসকলে প্ৰাকৃতিক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি দুগুণ গতিত গাহৰিৰ ঘাঁ ভাল খৰাৰ দাবী কৰিছে। তেওঁলোকে কয় যে এই যৌগটোৱে অৱশেষত “এন্টিবায়টিক বিকল্প” হিচাপে কাম কৰিব পাৰে আৰু তেওঁলোকে ইয়াক মানুহৰ ব্যৱহাৰৰ বাবেও প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে। ব্ৰকলি, ফুলকবি আদি শাক-পাচলিত ডাইণ্ড’লাইলমিথেন (DIM) থাকে। বেন গুৰিয়ান বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে এটা পৰীক্ষাগাৰৰ পৰিৱেশত বেক্টেৰিয়াৰ ওপৰত এই ডাইণ্ড’লাইলমিথেনৰ  প্ৰভাৱৰ বিষয়ে অনুসন্ধান কৰি দেখিলে যে ই  বেক্টেৰিয়াৰ কাৰ্যক্ষমতাত ব্যাঘাত জন্মায়।

গৱেষকসকলে এনে গাহৰি ব্যৱহাৰ কৰিছিল যিবোৰৰ একাধিক ঘাঁ আছিল, আৰু তেওঁলোকে এন্টিবায়টিক বা ডি আই এমৰ কৃত্ৰিম সংস্কৰণ ব্যৱহাৰ কৰি ঘাঁবোৰ ভাল কৰিছিল। এন্টিবায়টিকৰ দ্বাৰা চিকিৎসা কৰা ঘাঁৰ বাবে সম্পূৰ্ণ  সময় আছিল ১০ দিন কিন্তু ডিআইএম ভিত্তিক মলমৰ দ্বাৰা চিকিৎসা কৰা ঘাঁৰ বাবে মাত্ৰ ৫ দিন‌ৰ সময়হে প্ৰয়োজন হৈছিল।

এই গৱেষণাত অধ্যাপক এৰিয়েল কুছমাৰো আৰু তেওঁৰ দলটোৱে এই ৰাসায়নিক দ্ৰব্যটোক পশুৰ মলমলৈও বিকশিত কৰিছিল। তেওঁলোকৰ এই তথ্য প্ৰকাশ পাইছে ফাৰ্মাচিউটিক্স নামৰ আলোচনীখনত। পশু খাদ্য সংযোজক হিচাপে ইয়াৰ সম্ভাৱ্য স্বাস্থ্যজনিত সুবিধাসমূহৰ বিষয়েও তেওঁলোকে অনুসন্ধান কৰি আছে।

বিজ্ঞানীসকলে দাবী কৰিছে যে এন্টিবায়’টিক ঔষধে ঘাঁৰ ওপৰত থকা বেক্টেৰিয়াৰ স্তৰটো নাইকিয়া কৰে। কিন্তু সতেজ কলাৰ এটা তৰপ গঢ় লৈ উঠে আৰু মৃত বেক্টেৰিয়া আৰু কলাও থাকে। কিন্তু DIM চিকিৎসাত দুগুণ অধিক গতিত ঘাঁ সমূহ ভাল  হয় কাৰণ ইয়াত মৃত কলা বা মৃত বেক্টেৰিয়াৰ কোনো তৰপ নাথাকে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি