--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেকআপ হৈছে আৰবাজ খানৰ। এই খবৰে গৰম কৰি ৰাখিছে বলীউড। ৫৬ বছৰীয়া আৰবাজ খানে তেওঁতকৈ ২২ বছৰৰ সৰু জৰ্জিয়া এণ্ড্ৰিয়ানীৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল।

কেইবাবছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰাৰ পাছত বিচ্ছেদ ঘটিছে আৰবাজ খান আৰু প্ৰেমিকা জৰ্জিয়া এণ্ড্ৰিয়ানীৰ। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত জৰ্জিয়াই তেওঁলোকৰ বিচ্ছেদ হোৱা খবৰ সঁচা বুলি নিশ্চিত কৰিছে।

জৰ্জিয়াই কয় যে তেওঁ আৰু আৰবাজে সদায় জানিছিল যে তেওঁলোকৰ সম্পৰ্ক চিৰদিনৰ বাবে নাথাকে। আৰবাজক নিজৰ ‘বেষ্ট ফ্ৰেণ্ড’ বুলি অভিহিত কৰি জৰ্জিয়াই কয়, “তেওঁৰ প্ৰতি মোৰ সদায় ভাল অনুভৱ থাকিব। আমি দুয়ো জানিছিলোঁ যে এই সম্পৰ্ক চিৰদিনৰ বাবে নাথাকে কাৰণ আমি দুয়ো বহুত বেলেগ আছিলো।”

ইয়াৰ পূৰ্বেও জৰ্জিয়াই সদায় কৈছিল যে তেওঁ আৰু আৰবাজে ইজনে সিজনক বিয়া কৰাবলৈ আগ্ৰহী নহয়। এক সাক্ষাৎকাৰত জৰ্জিয়াই কৈছিল “আমি বহুত ভাল বন্ধু। কিন্তু বিয়ালৈকে যাত্ৰা কৰাটো আমি আচলতে ভবাই নাই।” 

উল্লেখ্য যে ২০১৭-১৮ চনত আৰবাজ আৰু জৰ্জিয়াই ইজনে সিজনৰ লগত ডেটিং আৰম্ভ কৰিছিল।

ইয়াৰ পূৰ্বে ১৯৯৮ চনত আৰবাজ খানে মালাইকা অৰোৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ আৰহান খান নামৰ এজন পুত্ৰ আছে। ২০১৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল আৰু মালাইকাই পুনৰ প্ৰেম বিচাৰি পাইছিল অভিনেতা অৰ্জুন কাপুৰৰ মাজত। অৱশ্যে আৰবাজ আৰু মালাইকাই পুত্ৰ আৰহানক সহযোগী অভিভাৱক হিচাপে গঢ়ি তুলিছে আৰু এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ