--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেকআপ হৈছে আৰবাজ খানৰ। এই খবৰে গৰম কৰি ৰাখিছে বলীউড। ৫৬ বছৰীয়া আৰবাজ খানে তেওঁতকৈ ২২ বছৰৰ সৰু জৰ্জিয়া এণ্ড্ৰিয়ানীৰ সৈতে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল।

কেইবাবছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰাৰ পাছত বিচ্ছেদ ঘটিছে আৰবাজ খান আৰু প্ৰেমিকা জৰ্জিয়া এণ্ড্ৰিয়ানীৰ। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত জৰ্জিয়াই তেওঁলোকৰ বিচ্ছেদ হোৱা খবৰ সঁচা বুলি নিশ্চিত কৰিছে।

জৰ্জিয়াই কয় যে তেওঁ আৰু আৰবাজে সদায় জানিছিল যে তেওঁলোকৰ সম্পৰ্ক চিৰদিনৰ বাবে নাথাকে। আৰবাজক নিজৰ ‘বেষ্ট ফ্ৰেণ্ড’ বুলি অভিহিত কৰি জৰ্জিয়াই কয়, “তেওঁৰ প্ৰতি মোৰ সদায় ভাল অনুভৱ থাকিব। আমি দুয়ো জানিছিলোঁ যে এই সম্পৰ্ক চিৰদিনৰ বাবে নাথাকে কাৰণ আমি দুয়ো বহুত বেলেগ আছিলো।”

ইয়াৰ পূৰ্বেও জৰ্জিয়াই সদায় কৈছিল যে তেওঁ আৰু আৰবাজে ইজনে সিজনক বিয়া কৰাবলৈ আগ্ৰহী নহয়। এক সাক্ষাৎকাৰত জৰ্জিয়াই কৈছিল “আমি বহুত ভাল বন্ধু। কিন্তু বিয়ালৈকে যাত্ৰা কৰাটো আমি আচলতে ভবাই নাই।” 

উল্লেখ্য যে ২০১৭-১৮ চনত আৰবাজ আৰু জৰ্জিয়াই ইজনে সিজনৰ লগত ডেটিং আৰম্ভ কৰিছিল।

ইয়াৰ পূৰ্বে ১৯৯৮ চনত আৰবাজ খানে মালাইকা অৰোৰাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকৰ আৰহান খান নামৰ এজন পুত্ৰ আছে। ২০১৭ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল আৰু মালাইকাই পুনৰ প্ৰেম বিচাৰি পাইছিল অভিনেতা অৰ্জুন কাপুৰৰ মাজত। অৱশ্যে আৰবাজ আৰু মালাইকাই পুত্ৰ আৰহানক সহযোগী অভিভাৱক হিচাপে গঢ়ি তুলিছে আৰু এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement