--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পাছত দ্য কাশ্মীৰফাইলছ ছবিখন ইউটিউবত আপলোড কৰিবলৈ অনুৰোধ কৰিছে যোগ গুৰু বাবা ৰামদেৱে। যোগ গুৰুজনে ছবিখনৰ নিৰ্মাতাসকলক ছবিখন ইউটিউব আৰু ফেচবুকত আপলোড কৰিবলৈ অনুৰোধ জনাইছে। তেওঁৰ মতে, চিনেমাখন যিমান মানুহৰ ওচৰত যাব সিমানে মানুহে জানিব পাৰিব যে ১৯৯০ চনত কাশ্মীৰী পণ্ডিতসকলৰ সৈতে ঘটা প্ৰকৃত দুখ-দুৰ্দশাৰ বিষয়ে। শেহতীয়াকৈ এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰৰ সময়ত, যোগ গুৰু বাবা ৰামদেৱক দ্য কাশ্মীৰ ফাইলছ চলচ্চিত্ৰখনৰ বিষয়ে সোধা হৈছিল। তেওঁ উত্তৰ দিছিল, "ছবিখনে ইতিমধ্যে যথেষ্ট ধন উপাৰ্জন কৰিছে। এতিয়া ছবিখনৰ প্ৰযোজকে চিনেমাখন ইউটিউব ফেচবুকৰ দৰে সামাজিক প্লেটফৰ্মত আপলোড কৰা উচিত যাতে অধিক লোকে ছবিখন চাব পাৰে। যোগ গুৰু বাবা ৰামদেৱক লগতে সোধা হৈছিল যে তেওঁ চিনেমাখন চাইছে নে? তেওঁ উত্তৰ দিছিল, "সময়ৰ অভাৱৰ বাবে, ব্যস্ত সময়সূচীৰ বাবে ছবিখন এতিয়ালৈকে যদিও চোৱা হোৱা নাই। কিন্তু, তেওঁ ইতিমধ্যে অৱগত যে ছবিখনত কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশা, দুখ-কষ্ট বিষয়ে বুজোৱা হৈছে। '' শেহতীয়াকৈ, অৰবিন্দ কেজৰিৱালেও দিল্লী বিধানসভাৰ বাজেট অধিৱেশনৰ ভাষণৰ মাজতে কেজৰিৱালে কয় যে, "বিজেপিয়ে পৰিচালক বিবেক অগ্নিহোত্ৰীক দ্য কাশ্মীৰ ফাইলছ ছবিখন ইউটিউবত আপলোড কৰিবলৈ অনুৰোধ কৰা উচিত। সকলোৱে বিনামূলীয়াকৈ চিনেমাখন চাবলৈ সুযোগ পাব লাগে। তাৰোপৰি যশৱন্ত সিনহাক 'দ্য কাশ্মীৰী ফাইলছ' সম্পৰ্কে বিতৰ্কিত টুইট কৰা দেখা গৈছে যিয়ে সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি কৰিছে। "যিসকলে এতিয়ালৈকে কাশ্মীৰ ফাইল চোৱা নাই তেওঁলোকে দুবছৰৰ বাবে কাৰাগাৰলৈ যাব লাগে, আৰু যিসকলে এই ছবিখনক সমালোচনা কৰে তেওঁলোকৰ বাবে আজীৱন কাৰাদণ্ড বিহিব লাগে। এনেদৰে দেশৰ ৰাজনীতিবিদসকলক দ্য কাশ্মীৰী ফাইলছ ছবিখনক লৈ অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক