--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পাছত দ্য কাশ্মীৰফাইলছ ছবিখন ইউটিউবত আপলোড কৰিবলৈ অনুৰোধ কৰিছে যোগ গুৰু বাবা ৰামদেৱে। যোগ গুৰুজনে ছবিখনৰ নিৰ্মাতাসকলক ছবিখন ইউটিউব আৰু ফেচবুকত আপলোড কৰিবলৈ অনুৰোধ জনাইছে। তেওঁৰ মতে, চিনেমাখন যিমান মানুহৰ ওচৰত যাব সিমানে মানুহে জানিব পাৰিব যে ১৯৯০ চনত কাশ্মীৰী পণ্ডিতসকলৰ সৈতে ঘটা প্ৰকৃত দুখ-দুৰ্দশাৰ বিষয়ে। শেহতীয়াকৈ এক সংবাদ মাধ্যমৰ সাক্ষাৎকাৰৰ সময়ত, যোগ গুৰু বাবা ৰামদেৱক দ্য কাশ্মীৰ ফাইলছ চলচ্চিত্ৰখনৰ বিষয়ে সোধা হৈছিল। তেওঁ উত্তৰ দিছিল, "ছবিখনে ইতিমধ্যে যথেষ্ট ধন উপাৰ্জন কৰিছে। এতিয়া ছবিখনৰ প্ৰযোজকে চিনেমাখন ইউটিউব ফেচবুকৰ দৰে সামাজিক প্লেটফৰ্মত আপলোড কৰা উচিত যাতে অধিক লোকে ছবিখন চাব পাৰে। যোগ গুৰু বাবা ৰামদেৱক লগতে সোধা হৈছিল যে তেওঁ চিনেমাখন চাইছে নে? তেওঁ উত্তৰ দিছিল, "সময়ৰ অভাৱৰ বাবে, ব্যস্ত সময়সূচীৰ বাবে ছবিখন এতিয়ালৈকে যদিও চোৱা হোৱা নাই। কিন্তু, তেওঁ ইতিমধ্যে অৱগত যে ছবিখনত কাশ্মীৰী পণ্ডিতসকলৰ দুৰ্দশা, দুখ-কষ্ট বিষয়ে বুজোৱা হৈছে। '' শেহতীয়াকৈ, অৰবিন্দ কেজৰিৱালেও দিল্লী বিধানসভাৰ বাজেট অধিৱেশনৰ ভাষণৰ মাজতে কেজৰিৱালে কয় যে, "বিজেপিয়ে পৰিচালক বিবেক অগ্নিহোত্ৰীক দ্য কাশ্মীৰ ফাইলছ ছবিখন ইউটিউবত আপলোড কৰিবলৈ অনুৰোধ কৰা উচিত। সকলোৱে বিনামূলীয়াকৈ চিনেমাখন চাবলৈ সুযোগ পাব লাগে। তাৰোপৰি যশৱন্ত সিনহাক 'দ্য কাশ্মীৰী ফাইলছ' সম্পৰ্কে বিতৰ্কিত টুইট কৰা দেখা গৈছে যিয়ে সমগ্ৰ দেশতে এক আলোড়নৰ সৃষ্টি কৰিছে। "যিসকলে এতিয়ালৈকে কাশ্মীৰ ফাইল চোৱা নাই তেওঁলোকে দুবছৰৰ বাবে কাৰাগাৰলৈ যাব লাগে, আৰু যিসকলে এই ছবিখনক সমালোচনা কৰে তেওঁলোকৰ বাবে আজীৱন কাৰাদণ্ড বিহিব লাগে। এনেদৰে দেশৰ ৰাজনীতিবিদসকলক দ্য কাশ্মীৰী ফাইলছ ছবিখনক লৈ অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু