--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনত মুঠ ৪ টা, ২ টা সূৰ্যগ্ৰহণ আৰু ২ টা চন্দ্ৰগ্ৰহণ হ’ব। ইয়াৰে ২টা গ্ৰহণ হৈ গৈছে । ২০২২ চনৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ হ’বলৈ গৈ আছে ২৫ অক্টোবৰত। এই সূৰ্যগ্ৰহণ ভাৰততো দৃশ্যমান হ’ব আৰু কাকতলীয়াকৈ দেশৰ সৰ্ববৃহৎ উৎসৱ দীপাৱলীৰ এদিন পূৰ্বে হ’ব এই সূৰ্যগ্ৰহণ। 

অৱশ্যে দীপাৱলীৰ নিশাৰ পৰা আৰম্ভ হ’ব গ্ৰহণৰ সোঁত। এই কাৰণে এই সূৰ্যগ্ৰহণৰ প্ৰভাৱে দীপাৱলীৰ পূজাতো প্ৰভাৱ পেলাব পাৰে।

কাতি মাহৰ অমাৱস্যাৰ দিনা দীপাৱলী পালন কৰা হয়। সূৰ্যগ্ৰহণো সদায় অমাৱশ্যা তিথিতে লাগে। এইবাৰ ২৪ অক্টোবৰত দীপাৱলী উদযাপন কৰা হ’ব আৰু সেই নিশাৰ পৰাই আৰম্ভ হ’ব সূৰ্যগ্ৰহণৰ সুতক সময়। দীপাৱলীৰ নিশা সূৰ্যগ্ৰহণৰ ছাঁ পৰাটো বিৰল ঘটনা। যদিও এই সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব তথাপিও কিন্তু ইয়াৰ প্ৰভাৱ থাকিব।

২৫ অক্টোবৰৰ বিয়লি ০২:২৯ বজাৰ পৰা ৩ ঘণ্টা ধৰি চলিব সূৰ্যগ্ৰহণ। কিন্তু ২৪ অক্টোবৰৰ দীপাৱলীৰ নিশা ১২ ঘণ্টা আগতে ইয়াৰ সুতক সময়ছোৱা আৰম্ভ হ’ব। অৱশ্যে ২৪ অক্টোবৰৰ নিশা বিয়লি ২.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব সুতক। এনে অৱস্থাত দীপাৱলীৰ পূজা কৰা হ’ব কিন্তু এইবাৰ দীপাৱলীৰ নিশা মহনীশীতৰ সময়ছোৱাত সাধনা কৰাৰ সময় কম হ’ব৷ 

এইবাৰ ২৪ অক্টোবৰৰ নিশা ১০:৫৫ বজাৰ পৰা নিশা ০১:৫৩ বজালৈ ৩ ঘণ্টাৰ পাছতো একেই থাকিব দীপাৱলীৰ দিনা মহানিশীত কালৰ সময়। এই সময়ছোৱাত কৰা দেৱী লক্ষ্মীৰ আধ্যাত্মিক অনুশীলন আৰু মন্ত্ৰ জপ অতি উপকাৰী।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement