--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে হৰ্ছ ট্ৰেডিঙৰ অভিযোগ কৰি দিল্লীৰ অপৰাধ শাখাৰ ৰোষত পৰিছে কেজৰিৱাল। এনে সময়তে  মানি লণ্ডাৰিং গোচৰত অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবৰ বাসগৃহত অভিযান চলালে ইডিয়ে। ইডিয়ে  আপৰ এজন  সাংসদৰ ঘৰতো  তালাচী চলায়। জানিব পৰা মতে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে দিল্লী জল বোৰ্ডৰ  বিত্তীয় অনিয়ম সন্দৰ্ভত তালাচী চলায় ।ইডিৰ এনে অভিযানৰ পিছতে আপে কৈছে  যে ইডিক কেন্দ্ৰই নিজৰ সুবিধাৰ অৰ্থে ব্যৱহাৰ কৰিছে। ইডিয়ে মঙলবাৰে পুৱাৰে  পৰা দিল্লীৰ ১২ টা অঞ্চলত তালাচী আৰম্ভ কৰে।

  কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰৰ বাসগৃহতো আজি পুৱাৰে পৰা ইডিৰ তালাচী চলে।  ইডিৰ বিষয়াসকলে আপৰ ৰাজ্যসভাৰ সাংসদ এন ডি গুপ্তাৰ বাসগৃহতো তালাচী চলায়। দিল্লী জল বোৰ্ডৰ প্ৰাক্তন সদস্য শালভ  কুমাৰৰ বাসগৃহতো ইডিয়ে তালাচী চলায়। অৱশ্যে, ইডিয়ে এই  অভিযানৰ বিষয়ে সংবাদ মাধ্যমৰ আগত একো কথা প্ৰকাশ কৰা নাই। 


দিল্লীৰ কেইবাটাও অঞ্চলত ইডিয়ে অভিযান চলোৱাৰ পিছতে আপে  ইডিৰ বিৰুদ্ধে মাত মাতিছে। আপে  কৈছে  যে আপে  ইডিৰ প্ৰকৃত স্বৰূপ উন্মোচন  কৰিব। দিল্লীৰ মন্ত্ৰী আতিশীয়ে প্ৰকাশ কৰা মতে আপুৰ সকলোকে ভয় খুৱাবলৈ ইডিয়ে  অভিযান চলাই গৈছে। ইডি বিষয়াসকলে  তেওঁলোকক মিছা বিবৃতিত স্বাক্ষৰ কৰিবলৈ ভয় খুৱাইছে বুলিও আতিশীয়ে কয়। আতিশীয়ে  অভিযোগ কৰে যে   ইডিয়ে সাক্ষীসকলৰ অডিঅ' ৰেকৰ্ডো  বিলোপ কৰিছে।  আতিশীয়ে স্পষ্ট কৰি দিছে যে ইডিৰ অভিযানৰ সময়ত সংস্থাটোৱে কোনো আপত্তিজনক নথি-পত্ৰ অথবা ধন উদ্ধাৰ কৰিব পৰা নাই। 

উল্লেখ্য দিল্লীৰ আবকাৰী গোচৰত অভিযুক্ত হৈ  কেইবাজনো আপ নেতা কাৰাগাৰত আছে।কেজৰিৱালকো ইডিয়ে পাঁচবাৰ মাতি পঠিয়াইছে যদিও কেজৰিৱালে প্ৰতিবাৰেই ইডিৰ চমনৰ প্ৰতি সঁহাৰি জনোৱা নাই। আম আদমী পাৰ্টীয়ে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে যে কেজৰিৱালক কেৱল গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেহে বাৰে বাৰে মাতি থকা  হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো ভিত্তি নাই বুলিও আপে দাবী কৰি আহিছে। কেজৰিৱালে নিজেও কৈছে যে ইডিয়ে তেওঁক জাৰি কৰা চমন বৈধ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ