--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ বিৰুদ্ধে হৰ্ছ ট্ৰেডিঙৰ অভিযোগ কৰি দিল্লীৰ অপৰাধ শাখাৰ ৰোষত পৰিছে কেজৰিৱাল। এনে সময়তে  মানি লণ্ডাৰিং গোচৰত অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবৰ বাসগৃহত অভিযান চলালে ইডিয়ে। ইডিয়ে  আপৰ এজন  সাংসদৰ ঘৰতো  তালাচী চলায়। জানিব পৰা মতে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে দিল্লী জল বোৰ্ডৰ  বিত্তীয় অনিয়ম সন্দৰ্ভত তালাচী চলায় ।ইডিৰ এনে অভিযানৰ পিছতে আপে কৈছে  যে ইডিক কেন্দ্ৰই নিজৰ সুবিধাৰ অৰ্থে ব্যৱহাৰ কৰিছে। ইডিয়ে মঙলবাৰে পুৱাৰে  পৰা দিল্লীৰ ১২ টা অঞ্চলত তালাচী আৰম্ভ কৰে।

  কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰৰ বাসগৃহতো আজি পুৱাৰে পৰা ইডিৰ তালাচী চলে।  ইডিৰ বিষয়াসকলে আপৰ ৰাজ্যসভাৰ সাংসদ এন ডি গুপ্তাৰ বাসগৃহতো তালাচী চলায়। দিল্লী জল বোৰ্ডৰ প্ৰাক্তন সদস্য শালভ  কুমাৰৰ বাসগৃহতো ইডিয়ে তালাচী চলায়। অৱশ্যে, ইডিয়ে এই  অভিযানৰ বিষয়ে সংবাদ মাধ্যমৰ আগত একো কথা প্ৰকাশ কৰা নাই। 


দিল্লীৰ কেইবাটাও অঞ্চলত ইডিয়ে অভিযান চলোৱাৰ পিছতে আপে  ইডিৰ বিৰুদ্ধে মাত মাতিছে। আপে  কৈছে  যে আপে  ইডিৰ প্ৰকৃত স্বৰূপ উন্মোচন  কৰিব। দিল্লীৰ মন্ত্ৰী আতিশীয়ে প্ৰকাশ কৰা মতে আপুৰ সকলোকে ভয় খুৱাবলৈ ইডিয়ে  অভিযান চলাই গৈছে। ইডি বিষয়াসকলে  তেওঁলোকক মিছা বিবৃতিত স্বাক্ষৰ কৰিবলৈ ভয় খুৱাইছে বুলিও আতিশীয়ে কয়। আতিশীয়ে  অভিযোগ কৰে যে   ইডিয়ে সাক্ষীসকলৰ অডিঅ' ৰেকৰ্ডো  বিলোপ কৰিছে।  আতিশীয়ে স্পষ্ট কৰি দিছে যে ইডিৰ অভিযানৰ সময়ত সংস্থাটোৱে কোনো আপত্তিজনক নথি-পত্ৰ অথবা ধন উদ্ধাৰ কৰিব পৰা নাই। 

উল্লেখ্য দিল্লীৰ আবকাৰী গোচৰত অভিযুক্ত হৈ  কেইবাজনো আপ নেতা কাৰাগাৰত আছে।কেজৰিৱালকো ইডিয়ে পাঁচবাৰ মাতি পঠিয়াইছে যদিও কেজৰিৱালে প্ৰতিবাৰেই ইডিৰ চমনৰ প্ৰতি সঁহাৰি জনোৱা নাই। আম আদমী পাৰ্টীয়ে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে যে কেজৰিৱালক কেৱল গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেহে বাৰে বাৰে মাতি থকা  হৈছে। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো ভিত্তি নাই বুলিও আপে দাবী কৰি আহিছে। কেজৰিৱালে নিজেও কৈছে যে ইডিয়ে তেওঁক জাৰি কৰা চমন বৈধ নহয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা