--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত প্ৰথমবাৰৰ বাবে কোনো এখন ৰাজ্যৰ বিধানসভাত ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰা হ’ল। দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাবে  উত্তৰাখণ্ড বিধানসভাত মঙলবাৰে   'জয় শ্ৰী ৰাম' ধ্বনিৰ মাজতে  ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰা হয়। 

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিজেই বিধানসভাত বিধেয়কখন উত্থাপন কৰে। ইয়াৰ পূৰ্বে  উত্তৰাখণ্ড কেবিনেটে ইউনিফৰ্ম চিভিল কোড বিধেয়কত অনুমোদন জনাইছিল।  এনে অনুমোদনৰ পূৰ্বে  ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিধেয়কৰ খচৰা পাঁচ জনীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত গঠিত সমিতিখনে বিধেয়কখনকলৈ কেইবাটাও পৰামৰ্শ আগবঢ়াইছিল। জানিব পৰা মতে   সমিতিখনে বহুবিবাহ আৰু বাল্য বিবাহ নিষিদ্ধ কৰাৰো পৰামৰ্শ দিছে। লগতে, সকলো ধৰ্মৰ ছোৱালীৰ বাবে বিবাহৰ নূন্যতম  বয়স একে ৰাখিব লাগে বুলিও পৰামৰ্শ দিছিল । বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত  সকলো ধৰ্মই একেনিয়ম পালন কৰিব লাগে বুলিও সমিতিয়ে পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে। 

সকলো পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত  উত্তৰাখণ্ড কেবিনেটে দেওবাৰে বিধেয়কখনত  সেউজ সংকেত প্ৰদান কৰিছিল । যদি বিধানসভাৰ বিশেষ অধিৱেশনত বিধেয়ক খন গৃহীত হয় তেন্তে ই  আইনত পৰিণত হোৱাত কোনো বাধা নাথাকিব। 

বিধানসভাৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে ধামীয়ে ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰে আৰু শাসকীয় দলৰ মন্ত্ৰী-বিধায়কসকলে  বন্দে মাতৰম আৰু জয় শ্ৰী ৰামৰ ধ্বনিৰে  সদনত কঁপাই তোলে। অৱশ্যে, বিধেয়কখন উত্থাপন হোৱাৰ পিছত দীঘলীয়া আলোচনা কৰা হোৱা নাছিল।  লগে লগে সদনখন  স্থগিত ৰখা হৈছিল। 
উল্লেখ্য  উত্তৰাখণ্ড। ৰাজ্য খনৰ  পুষ্কৰ সিং ধামী কেবিনেটে দেওবাৰে সন্ধিয়া এখন বৈঠকৰ পিছত ইউনিফৰ্ম চিভিল কোডৰ  খচৰাত অনুমোদন জনাইছিল  ।  উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত ইউচিচি খচৰা সমিতিয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ওচৰত খচৰা দাখিল কৰিছিল। ইউনিফৰ্ম চিভিল কোডৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰ বাবে সুসংগত নাগৰিক নিশ্চিত  স্থাপন কৰা।

ইউনিফৰ্ম চিভিল কোডৰ খচৰা প্ৰস্তুত কৰিবলৈ নিযুক্ত কমিটীয়ে শুকুৰবাৰে ডেৰাডুনত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক খচৰা দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত গঠিত পেনেলে মুখ্য সেৱক সদনত আয়োজিত এক কাৰ্যসূচীত ধামীলৈ ইউচিচিৰ খচৰা দাখিল কৰিছিল। উল্লেখ্য ২০২২ চনৰ মে’ মাহত ইউচিচিৰ খচৰা প্ৰস্তুত কৰিবলৈ ন্যায়াধীশ দেশাইৰ নেতৃত্বত পাঁচজনীয়া সমিতি গঠন কৰা হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰমোদ কোহলী, সমাজ কৰ্মী মনু গৌৰ, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য সচিব শত্ৰুঘন সিং আৰু দুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুৰেখা ডাংৱাল  ইউনিফৰ্ম চিভিল কোডৰ খচৰা কমিটিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু