--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত প্ৰথমবাৰৰ বাবে কোনো এখন ৰাজ্যৰ বিধানসভাত ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰা হ’ল। দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাবে  উত্তৰাখণ্ড বিধানসভাত মঙলবাৰে   'জয় শ্ৰী ৰাম' ধ্বনিৰ মাজতে  ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰা হয়। 

মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিজেই বিধানসভাত বিধেয়কখন উত্থাপন কৰে। ইয়াৰ পূৰ্বে  উত্তৰাখণ্ড কেবিনেটে ইউনিফৰ্ম চিভিল কোড বিধেয়কত অনুমোদন জনাইছিল।  এনে অনুমোদনৰ পূৰ্বে  ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিধেয়কৰ খচৰা পাঁচ জনীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত গঠিত সমিতিখনে বিধেয়কখনকলৈ কেইবাটাও পৰামৰ্শ আগবঢ়াইছিল। জানিব পৰা মতে   সমিতিখনে বহুবিবাহ আৰু বাল্য বিবাহ নিষিদ্ধ কৰাৰো পৰামৰ্শ দিছে। লগতে, সকলো ধৰ্মৰ ছোৱালীৰ বাবে বিবাহৰ নূন্যতম  বয়স একে ৰাখিব লাগে বুলিও পৰামৰ্শ দিছিল । বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত  সকলো ধৰ্মই একেনিয়ম পালন কৰিব লাগে বুলিও সমিতিয়ে পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে। 

সকলো পৰামৰ্শ গ্ৰহণ কৰাৰ পিছত  উত্তৰাখণ্ড কেবিনেটে দেওবাৰে বিধেয়কখনত  সেউজ সংকেত প্ৰদান কৰিছিল । যদি বিধানসভাৰ বিশেষ অধিৱেশনত বিধেয়ক খন গৃহীত হয় তেন্তে ই  আইনত পৰিণত হোৱাত কোনো বাধা নাথাকিব। 

বিধানসভাৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে ধামীয়ে ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰে আৰু শাসকীয় দলৰ মন্ত্ৰী-বিধায়কসকলে  বন্দে মাতৰম আৰু জয় শ্ৰী ৰামৰ ধ্বনিৰে  সদনত কঁপাই তোলে। অৱশ্যে, বিধেয়কখন উত্থাপন হোৱাৰ পিছত দীঘলীয়া আলোচনা কৰা হোৱা নাছিল।  লগে লগে সদনখন  স্থগিত ৰখা হৈছিল। 
উল্লেখ্য  উত্তৰাখণ্ড। ৰাজ্য খনৰ  পুষ্কৰ সিং ধামী কেবিনেটে দেওবাৰে সন্ধিয়া এখন বৈঠকৰ পিছত ইউনিফৰ্ম চিভিল কোডৰ  খচৰাত অনুমোদন জনাইছিল  ।  উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত ইউচিচি খচৰা সমিতিয়ে শুকুৰবাৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ওচৰত খচৰা দাখিল কৰিছিল। ইউনিফৰ্ম চিভিল কোডৰ লক্ষ্য হৈছে ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰ বাবে সুসংগত নাগৰিক নিশ্চিত  স্থাপন কৰা।

ইউনিফৰ্ম চিভিল কোডৰ খচৰা প্ৰস্তুত কৰিবলৈ নিযুক্ত কমিটীয়ে শুকুৰবাৰে ডেৰাডুনত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক খচৰা দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত গঠিত পেনেলে মুখ্য সেৱক সদনত আয়োজিত এক কাৰ্যসূচীত ধামীলৈ ইউচিচিৰ খচৰা দাখিল কৰিছিল। উল্লেখ্য ২০২২ চনৰ মে’ মাহত ইউচিচিৰ খচৰা প্ৰস্তুত কৰিবলৈ ন্যায়াধীশ দেশাইৰ নেতৃত্বত পাঁচজনীয়া সমিতি গঠন কৰা হৈছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰমোদ কোহলী, সমাজ কৰ্মী মনু গৌৰ, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য সচিব শত্ৰুঘন সিং আৰু দুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুৰেখা ডাংৱাল  ইউনিফৰ্ম চিভিল কোডৰ খচৰা কমিটিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement