--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ মাৰ্ক জুকাৰবাৰ্গৰ সমালোচনাত মুখৰ হ’ল কংগনা ৰানাৱট। টুইটাৰৰ বছ ইলন মাস্কক জুকাৰবাৰ্গে নকল কৰিছে বুলি কংগনাই দাবী কৰিছে। সোমবাৰে টুইটযোগে এইদৰে কৈছে বলিউডৰ কুইনে।

যোৱা বছৰৰ অক্টোবৰ মাহত মাইক্ৰ’ব্লগিং চাইট টুইটাৰ ক্ৰয় কৰিছিল কোটিপতি ইলন মাস্কে। টুইটাৰ ক্ৰয় কৰাৰ পিছত তেওঁ ইয়াত কেইবাটাও পৰিৱৰ্তন কৰিছিল। টুইটাৰত গ্ৰাহকে নিৰ্দিষ্ট মূল্যত ‘ব্লু টিক’ ক্ৰয় কৰিব পাৰিব বুলিও জনোৱা হয়। ছ’চিয়েল মিডিয়াত ব্লু টিক ব্যৱহাৰ কৰি অসংখ্য একাউণ্টৰ মাজৰ পৰা নিৰ্দিষ্ট গ্ৰাহক বিচাৰি উলিয়াব পাৰি। স্পেচ এক্স কাৰ্টা মাস্কে ধনৰ বিনিময়ত সেই বৈশিষ্ট্য ‘বিক্ৰী’ কৰাৰ সিদ্ধান্ত লৈছিল। মাস্কৰ এই সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।

এইবাৰ ফেচবুকেও প্ৰায় একে ধৰণেৰে ‘ব্লু বেজ’ ফিচাৰ আনিলে। দেওবাৰে ফেচবুকত ‘মেটা ভেৰিফাইড’ৰ কথা কওঁতে ফেচবুকৰ বছ জুকাৰবাৰ্গে গ্ৰাহকে এই বিশেষ বেজটো কেনেকৈ অৰ্জন কৰিব পাৰে সেই বিষয়ে বুজাই দিয়ে। এই বেজৰ সৈতে চৰকাৰী আইডি দেখুৱাই লাভ কৰিব বুলি জুকাৰবাৰ্গে জনায়।

নেটিজেনসকলে বুজিবলৈ বেছি সময় নালাগিল যে টুইটাৰৰ ‘ব্লু টিক’ আৰু ফেচবুকৰ ‘ব্লু বেজ’ৰ মাজত বহু সাদৃশ্য আছে। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে এই বিষয়ে টুইট কৰিছিল। সেই টুইটৰ উত্তৰ দিলে কংগনাই।

অভিনেত্ৰীগৰাকীয়ে লিখিছে, “ইলন মাস্কে যেতিয়া এই পদ্ধতিৰ কথা কৈছিল, তেতিয়া তেওঁ সমগ্ৰ বিশ্বৰ সৈতে যুঁজিবলগীয়া হৈছিল, সংবাদ মাধ্যমে তেওঁক সমালোচনা কৰিছিল। আনকি বহুতে টুইটাৰ এৰি দিয়াৰ ভাবুকিও দিছিল। এতিয়া সকলোৱে তেওঁৰ পথ লৈছে। জিনিয়াছ হোৱাৰ সমস্যাটোৱেই সেইটোৱেই!''

যদিও ফেচবুকে মালিকৰ নাম উল্লেখ কৰা নাছিল, তথাপিও এই মন্তব্য যে তেওঁক লক্ষ্য কৰি লোৱা হৈছে সেয়া স্পষ্ট।

উল্লেখ্য যে ২০ মাহৰ নিষেধাজ্ঞাৰ অন্তত পুনৰ টুইটাৰলৈ ঘূৰি আহিছে কংগনা। যোৱা মাহত পুনৰ ছ’চিয়েল মিডিয়ালৈ ঘূৰি আহিছিল অভিনেত্ৰীগৰাকী। তেতিয়াৰ পৰাই পুনৰ এটাৰ পাছত এটাকৈ বিতৰ্ক আৰম্ভ কৰিছে কংগনাই।\

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা