--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ মাৰ্ক জুকাৰবাৰ্গৰ সমালোচনাত মুখৰ হ’ল কংগনা ৰানাৱট। টুইটাৰৰ বছ ইলন মাস্কক জুকাৰবাৰ্গে নকল কৰিছে বুলি কংগনাই দাবী কৰিছে। সোমবাৰে টুইটযোগে এইদৰে কৈছে বলিউডৰ কুইনে।

যোৱা বছৰৰ অক্টোবৰ মাহত মাইক্ৰ’ব্লগিং চাইট টুইটাৰ ক্ৰয় কৰিছিল কোটিপতি ইলন মাস্কে। টুইটাৰ ক্ৰয় কৰাৰ পিছত তেওঁ ইয়াত কেইবাটাও পৰিৱৰ্তন কৰিছিল। টুইটাৰত গ্ৰাহকে নিৰ্দিষ্ট মূল্যত ‘ব্লু টিক’ ক্ৰয় কৰিব পাৰিব বুলিও জনোৱা হয়। ছ’চিয়েল মিডিয়াত ব্লু টিক ব্যৱহাৰ কৰি অসংখ্য একাউণ্টৰ মাজৰ পৰা নিৰ্দিষ্ট গ্ৰাহক বিচাৰি উলিয়াব পাৰি। স্পেচ এক্স কাৰ্টা মাস্কে ধনৰ বিনিময়ত সেই বৈশিষ্ট্য ‘বিক্ৰী’ কৰাৰ সিদ্ধান্ত লৈছিল। মাস্কৰ এই সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।

এইবাৰ ফেচবুকেও প্ৰায় একে ধৰণেৰে ‘ব্লু বেজ’ ফিচাৰ আনিলে। দেওবাৰে ফেচবুকত ‘মেটা ভেৰিফাইড’ৰ কথা কওঁতে ফেচবুকৰ বছ জুকাৰবাৰ্গে গ্ৰাহকে এই বিশেষ বেজটো কেনেকৈ অৰ্জন কৰিব পাৰে সেই বিষয়ে বুজাই দিয়ে। এই বেজৰ সৈতে চৰকাৰী আইডি দেখুৱাই লাভ কৰিব বুলি জুকাৰবাৰ্গে জনায়।

নেটিজেনসকলে বুজিবলৈ বেছি সময় নালাগিল যে টুইটাৰৰ ‘ব্লু টিক’ আৰু ফেচবুকৰ ‘ব্লু বেজ’ৰ মাজত বহু সাদৃশ্য আছে। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে এই বিষয়ে টুইট কৰিছিল। সেই টুইটৰ উত্তৰ দিলে কংগনাই।

অভিনেত্ৰীগৰাকীয়ে লিখিছে, “ইলন মাস্কে যেতিয়া এই পদ্ধতিৰ কথা কৈছিল, তেতিয়া তেওঁ সমগ্ৰ বিশ্বৰ সৈতে যুঁজিবলগীয়া হৈছিল, সংবাদ মাধ্যমে তেওঁক সমালোচনা কৰিছিল। আনকি বহুতে টুইটাৰ এৰি দিয়াৰ ভাবুকিও দিছিল। এতিয়া সকলোৱে তেওঁৰ পথ লৈছে। জিনিয়াছ হোৱাৰ সমস্যাটোৱেই সেইটোৱেই!''

যদিও ফেচবুকে মালিকৰ নাম উল্লেখ কৰা নাছিল, তথাপিও এই মন্তব্য যে তেওঁক লক্ষ্য কৰি লোৱা হৈছে সেয়া স্পষ্ট।

উল্লেখ্য যে ২০ মাহৰ নিষেধাজ্ঞাৰ অন্তত পুনৰ টুইটাৰলৈ ঘূৰি আহিছে কংগনা। যোৱা মাহত পুনৰ ছ’চিয়েল মিডিয়ালৈ ঘূৰি আহিছিল অভিনেত্ৰীগৰাকী। তেতিয়াৰ পৰাই পুনৰ এটাৰ পাছত এটাকৈ বিতৰ্ক আৰম্ভ কৰিছে কংগনাই।\

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক