--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইজনৰ পাছত সিজন কংগ্ৰেছ বিধায়কৰ বিজেপি গমনৰ পাছত ৰাজ্যত কংগ্ৰেছ দলৰ স্থিতি ক্ৰমাৎ থৰক-বৰক হৈ আহিছে। কিন্তু ইমানতে দলটোৰ বিপৰ্যয় শেষ হোৱা নাই। এইবাৰ দলৰ বিধায়কে বিজেপিৰ সহযোগী দল অগপলৈ যোৱাৰ বাবেও প্ৰস্তুতি চলোৱা বুলি তুমুল চৰ্চা চলিছে। কংগ্ৰেছৰ দুগৰাকী বিধায়কে শীঘ্ৰেই কংগ্ৰেছ ত্যাগ শাসকীয় পক্ষৰ কাষ চপাৰ সম্ভাৱনাক লৈ ব্যাপক চৰ্চা চলিছে। বকো সমষ্টিৰ বিধায়ক নন্দিতা দাস আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে শীঘ্ৰেই কংগ্ৰেছ ত্যাগ কৰিব বুলি চৰ্চা চলিছে। কিন্তু তেওঁলোক পোনে পোনে বিজেপিলৈ যোৱাৰ পৰিৱৰ্তে অগপৰ হাতত ধৰিহে শাসকীয় পক্ষৰ কাষ চপাৰ পৰিকল্পনা কৰাৰ কথা জানিব পৰা গৈছে। সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ বেছি থকা সমষ্টি দুটাত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে যিহেতু জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ সেয়েহে বিজেপিৰ সহযোগী দলৰ সৈতে মিলি বিধায়ক দুগৰাকীয়ে শাসকৰ কাষ চপাৰ চেষ্টা কৰা বুলি চৰ্চা চলিছে।


বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি উপ-নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা নথকাৰ পৰিপ্ৰেক্ষিততে অগপৰ সৈতে চামিল হোৱাৰ পৰিকল্পনা বিধায়ক দুগৰাকীয়ে কৰিছে বুলি চৰ্চা চলিছে। মন কৰিবলগীয়া যে, অলপতে অগপ সভাপতি অতুল বৰাই দললৈ নতুন সদস্যৰ আগমনৰ ইংগিত দিছিল। এতিয়া এই নতুন সদস্য কংগ্ৰেছৰ এই নেতা দুগৰাকী হয় নে নহয় সেয়া লক্ষ্যণীয় হ’ব। অৱধাৰিতভাৱেই কংগ্ৰেছৰ দুই বিধায়তে এনে সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে আৰু এনেবোৰ চৰ্চা উৰা বাতৰি বুলি অভিহিত কৰিছে। কিন্তু কংগ্ৰেছৰ শেহতীয়া পৰিস্থিতি তথা দলটোৰ ইজনৰ পাছত সিজন নেতাই শাসকীয় দলৰ কাষ চপাৰ প্ৰতি লক্ষ্য ৰাখি এয়া উৰাবাতৰি হয় নে কোনো ভিত্তি আছে সেয়া ভাবিবলগীয়া কথা।


মন কৰিবলগীয়া যে, সুশান্ত বৰগোঁহাই, ৰূপজ্যোতি কুৰ্মীকে ধৰি বিভিন্নজন প্ৰভাৱশালী নেতাই ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হৈছে। ৰহাৰ বিধায়ক শশীকান্ত দাসেও প্ৰকাশ্যে বিজেপিৰ বশ্যতা স্বীকাৰ কৰিছে। তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগ নিদিলেও কংগ্ৰেছৰ পৰা দূৰত্ব বৰ্তাই ৰখাটো স্পষ্ট হৈ পৰিছে। তেওঁ আনকি দলে আহ্বান দিয়া বৈঠকতো উপস্থিত থকাৰ পৰা বিৰত আছে। এই কাৰ্যবোৰৰ ইংগিত স্পষ্ট। ইতিমধ্যে শশীকান্ত দাসৰ দৰে নেতাৰ ক্ষেত্ৰত কংগ্ৰেছে নিজৰ খোপনি হেৰুৱাইছে। এতিয়া যদিহে বকো আৰু ছয়গাঁৱৰ দৰে সমষ্টিতো ভাঙোন ধৰে তেন্তে কংগ্ৰেছৰ ভৰি থ’বলৈকে মাটি নাইকিয়া অৱস্থা হ’ব ৰাজ্যৰ ৰাজনীতিত। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো তেওঁলোকৰ স্থিতি অনুৰূপ। এনে পৰিপ্ৰেক্ষিতত কেৱল মাজুলী, যোৰহাট, তিতাবৰেই নহয় আৰু একাধিক সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো অৱশ্যম্ভাৱী হৈ পৰিব পাৰে। ইফালে, বিজেপিৰ বি টীম হিচাপে পৰিগণিত হোৱা অগপই এইক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু