--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইজনৰ পাছত সিজন কংগ্ৰেছ বিধায়কৰ বিজেপি গমনৰ পাছত ৰাজ্যত কংগ্ৰেছ দলৰ স্থিতি ক্ৰমাৎ থৰক-বৰক হৈ আহিছে। কিন্তু ইমানতে দলটোৰ বিপৰ্যয় শেষ হোৱা নাই। এইবাৰ দলৰ বিধায়কে বিজেপিৰ সহযোগী দল অগপলৈ যোৱাৰ বাবেও প্ৰস্তুতি চলোৱা বুলি তুমুল চৰ্চা চলিছে। কংগ্ৰেছৰ দুগৰাকী বিধায়কে শীঘ্ৰেই কংগ্ৰেছ ত্যাগ শাসকীয় পক্ষৰ কাষ চপাৰ সম্ভাৱনাক লৈ ব্যাপক চৰ্চা চলিছে। বকো সমষ্টিৰ বিধায়ক নন্দিতা দাস আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে শীঘ্ৰেই কংগ্ৰেছ ত্যাগ কৰিব বুলি চৰ্চা চলিছে। কিন্তু তেওঁলোক পোনে পোনে বিজেপিলৈ যোৱাৰ পৰিৱৰ্তে অগপৰ হাতত ধৰিহে শাসকীয় পক্ষৰ কাষ চপাৰ পৰিকল্পনা কৰাৰ কথা জানিব পৰা গৈছে। সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ বেছি থকা সমষ্টি দুটাত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে যিহেতু জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ সেয়েহে বিজেপিৰ সহযোগী দলৰ সৈতে মিলি বিধায়ক দুগৰাকীয়ে শাসকৰ কাষ চপাৰ চেষ্টা কৰা বুলি চৰ্চা চলিছে।


বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি উপ-নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা নথকাৰ পৰিপ্ৰেক্ষিততে অগপৰ সৈতে চামিল হোৱাৰ পৰিকল্পনা বিধায়ক দুগৰাকীয়ে কৰিছে বুলি চৰ্চা চলিছে। মন কৰিবলগীয়া যে, অলপতে অগপ সভাপতি অতুল বৰাই দললৈ নতুন সদস্যৰ আগমনৰ ইংগিত দিছিল। এতিয়া এই নতুন সদস্য কংগ্ৰেছৰ এই নেতা দুগৰাকী হয় নে নহয় সেয়া লক্ষ্যণীয় হ’ব। অৱধাৰিতভাৱেই কংগ্ৰেছৰ দুই বিধায়তে এনে সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে আৰু এনেবোৰ চৰ্চা উৰা বাতৰি বুলি অভিহিত কৰিছে। কিন্তু কংগ্ৰেছৰ শেহতীয়া পৰিস্থিতি তথা দলটোৰ ইজনৰ পাছত সিজন নেতাই শাসকীয় দলৰ কাষ চপাৰ প্ৰতি লক্ষ্য ৰাখি এয়া উৰাবাতৰি হয় নে কোনো ভিত্তি আছে সেয়া ভাবিবলগীয়া কথা।


মন কৰিবলগীয়া যে, সুশান্ত বৰগোঁহাই, ৰূপজ্যোতি কুৰ্মীকে ধৰি বিভিন্নজন প্ৰভাৱশালী নেতাই ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হৈছে। ৰহাৰ বিধায়ক শশীকান্ত দাসেও প্ৰকাশ্যে বিজেপিৰ বশ্যতা স্বীকাৰ কৰিছে। তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগ নিদিলেও কংগ্ৰেছৰ পৰা দূৰত্ব বৰ্তাই ৰখাটো স্পষ্ট হৈ পৰিছে। তেওঁ আনকি দলে আহ্বান দিয়া বৈঠকতো উপস্থিত থকাৰ পৰা বিৰত আছে। এই কাৰ্যবোৰৰ ইংগিত স্পষ্ট। ইতিমধ্যে শশীকান্ত দাসৰ দৰে নেতাৰ ক্ষেত্ৰত কংগ্ৰেছে নিজৰ খোপনি হেৰুৱাইছে। এতিয়া যদিহে বকো আৰু ছয়গাঁৱৰ দৰে সমষ্টিতো ভাঙোন ধৰে তেন্তে কংগ্ৰেছৰ ভৰি থ’বলৈকে মাটি নাইকিয়া অৱস্থা হ’ব ৰাজ্যৰ ৰাজনীতিত। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো তেওঁলোকৰ স্থিতি অনুৰূপ। এনে পৰিপ্ৰেক্ষিতত কেৱল মাজুলী, যোৰহাট, তিতাবৰেই নহয় আৰু একাধিক সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো অৱশ্যম্ভাৱী হৈ পৰিব পাৰে। ইফালে, বিজেপিৰ বি টীম হিচাপে পৰিগণিত হোৱা অগপই এইক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ