--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১১ এপ্ৰিলত সমগ্ৰ দেশৰে ছবিঘৰত মুক্তি পোৱাৰ কথা আছিল অজয় দেৱগনৰ 'ময়দান'। কিন্তু শেষ মুহূৰ্তত আদালতে ছবি খনৰ মুক্তিত স্থগিতাদেশ জাৰি কৰিছে। অজয়ৰ বিৰুদ্ধে উত্থাপন হৈছে চিত্ৰনাট্য চুৰিৰ অভিযোগ। দেশৰ ছবি  সমালোচকসকলে ইতিমধ্যে অজয় দেৱগনৰ 'ময়দান'ৰ বিশেষ প্ৰদৰ্শনৰ প্ৰশংসা কৰিছে। বলীউডৰ চিনেমা সমালোচকে ইতিমধ্যে তেওঁক 'ময়দান'  ছবিখনৰ বাবে ১০০ ৰ ভিতৰত ১০০ নম্বৰ  দিছে। অৱশ্যে, সকলো প্ৰশংসা স্বত্বেও  অজয়ৰ 'ময়দান'-এ  ১১  এপ্ৰিলত সমগ্ৰ দেশতে মুক্তি পোৱাৰ আগতে হঠাতে সমস্যাত পৰিছে।

 ছবিখনত অজয় দেৱগনৰ বিৰুদ্ধে চিত্ৰনাট্য চৌৰ্যবৃত্তিৰ অভিযোগ উত্থাপিত হৈছে । দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ এজন জনপ্ৰিয় চিত্ৰনাট্যকাৰ অনিল শৰ্মাই  অভিযোগ কৰা  কৰিছে। অনিল কুমাৰৰ অভিযোগ অনুসৰি, অজয়ৰ 'ময়দান' তেওঁৰ দ্বাৰা লিখা চিত্ৰনাট্যখন 2018 চনত প্ৰস্তুত কৰি নিৰ্মাণ কৰা হৈছিল। "মই ২০১৮ চনত এখন চিত্ৰনাট্য লিখিছিলো। সেই অনুসৰি, তেওঁ পূৰ্বে  এখন পোষ্টাৰ তৈয়াৰ কৰিছিলো আৰু লিংকডইনত শ্বেয়াৰ কৰিছিল ।

সেয়া দেখি তেওঁক   ময়দানৰ সহ-সঞ্চালক সুখদাস সূৰ্যবংশীয়ে মুম্বাইলৈ মাতি ছিল। শৰ্মাই কয়- মই  গোটেই চিত্ৰনাট্যখন সুখদাসক কৈছিলো। তেওঁ কৈছিল আমিৰ খানৰ প্ৰযোজনাত  ছবিখন নিৰ্মাণ কৰা হ'ব। আনকি মোৰ স্ক্ৰিপ্টখন স্ক্ৰীণ ৰাইটাৰ্ছ এছ'চিয়েচনৰ সৈতে পঞ্জীয়ন কৰা হৈছিল। অনিলে কয় , "হঠাতে, মই দেখিছিলো যে অজয়ৰ ময়দানৰ কাহিনীটো মই  লিখা চিত্ৰনাট্যৰ দৰেই  একে  । মই ১৯৫০ চনৰ একেটা কাহিনীৰ বিষয়ে এখন চিত্ৰনাট্যখনত  লিখিছিলো। মই পিছত গম পাইছিলো যে কাহিনীটো অলপ সলনি  কৰা হৈছিল। কিন্তু স্ক্ৰিপ্টখন একে। আনকি মোৰ চিনেমাখনৰ নাম পদণ্ডুকা আছিল। 

স্ক্ৰিপ্ট ৰাইটাৰ অনিল শৰ্মাই   কৰা  অভিযোগৰ  ভিত্তিত  মাইচুৰৰ আদালতত গোচৰ ৰুজু কৰিছে। মাইচুৰু আদালতে অনিলৰ অভিযোগৰ ভিত্তিত ছবিখনৰ মুক্তি স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে । ছবিখনত অজয় দেৱগণে ভাৰতীয় ফুটবল প্ৰশিক্ষক চিয়াইদ আব্দুল ৰহিম ওৰফে ৰহিম চাহিবৰ চৰিত্ৰত অভিনয় কৰিছে। স্বাধীনতাৰ পাঁচ বছৰ পিছত, ১৯৫২ চনত ভাৰতীয় ফুটবল দলে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত খেলাৰ সুযোগ লাভ কৰিছিল। সেই বছৰৰ গ্ৰীষ্মকালীন অলিম্পিক ফিনলেণ্ডৰ হেলচিঙ্কিত অনুষ্ঠিত হৈছিল। ভাৰতৰ বিৰুদ্ধে খেলপথাৰত হাংগেৰীৰ নামিছিল। খেলৰ দিনা প্ৰচণ্ড বৰষুণ হৈছিল। গোটেই পথাৰখন তিতা। বোকা পথাৰত হাংগেৰিয়ান ফুটবলাৰসকলৰ ভৰিত স্পাইক জোতা। আনহাতে, ভাৰতীয় ফুটবলখেলুৱৈসকল খেলপথাৰত খালি ভৰিৰে নামিছিল । ছবি খনৰ কাহিনী এনেদৰেই আগবাঢ়িছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক