--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১১ এপ্ৰিলত সমগ্ৰ দেশৰে ছবিঘৰত মুক্তি পোৱাৰ কথা আছিল অজয় দেৱগনৰ 'ময়দান'। কিন্তু শেষ মুহূৰ্তত আদালতে ছবি খনৰ মুক্তিত স্থগিতাদেশ জাৰি কৰিছে। অজয়ৰ বিৰুদ্ধে উত্থাপন হৈছে চিত্ৰনাট্য চুৰিৰ অভিযোগ। দেশৰ ছবি  সমালোচকসকলে ইতিমধ্যে অজয় দেৱগনৰ 'ময়দান'ৰ বিশেষ প্ৰদৰ্শনৰ প্ৰশংসা কৰিছে। বলীউডৰ চিনেমা সমালোচকে ইতিমধ্যে তেওঁক 'ময়দান'  ছবিখনৰ বাবে ১০০ ৰ ভিতৰত ১০০ নম্বৰ  দিছে। অৱশ্যে, সকলো প্ৰশংসা স্বত্বেও  অজয়ৰ 'ময়দান'-এ  ১১  এপ্ৰিলত সমগ্ৰ দেশতে মুক্তি পোৱাৰ আগতে হঠাতে সমস্যাত পৰিছে।

 ছবিখনত অজয় দেৱগনৰ বিৰুদ্ধে চিত্ৰনাট্য চৌৰ্যবৃত্তিৰ অভিযোগ উত্থাপিত হৈছে । দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ এজন জনপ্ৰিয় চিত্ৰনাট্যকাৰ অনিল শৰ্মাই  অভিযোগ কৰা  কৰিছে। অনিল কুমাৰৰ অভিযোগ অনুসৰি, অজয়ৰ 'ময়দান' তেওঁৰ দ্বাৰা লিখা চিত্ৰনাট্যখন 2018 চনত প্ৰস্তুত কৰি নিৰ্মাণ কৰা হৈছিল। "মই ২০১৮ চনত এখন চিত্ৰনাট্য লিখিছিলো। সেই অনুসৰি, তেওঁ পূৰ্বে  এখন পোষ্টাৰ তৈয়াৰ কৰিছিলো আৰু লিংকডইনত শ্বেয়াৰ কৰিছিল ।

সেয়া দেখি তেওঁক   ময়দানৰ সহ-সঞ্চালক সুখদাস সূৰ্যবংশীয়ে মুম্বাইলৈ মাতি ছিল। শৰ্মাই কয়- মই  গোটেই চিত্ৰনাট্যখন সুখদাসক কৈছিলো। তেওঁ কৈছিল আমিৰ খানৰ প্ৰযোজনাত  ছবিখন নিৰ্মাণ কৰা হ'ব। আনকি মোৰ স্ক্ৰিপ্টখন স্ক্ৰীণ ৰাইটাৰ্ছ এছ'চিয়েচনৰ সৈতে পঞ্জীয়ন কৰা হৈছিল। অনিলে কয় , "হঠাতে, মই দেখিছিলো যে অজয়ৰ ময়দানৰ কাহিনীটো মই  লিখা চিত্ৰনাট্যৰ দৰেই  একে  । মই ১৯৫০ চনৰ একেটা কাহিনীৰ বিষয়ে এখন চিত্ৰনাট্যখনত  লিখিছিলো। মই পিছত গম পাইছিলো যে কাহিনীটো অলপ সলনি  কৰা হৈছিল। কিন্তু স্ক্ৰিপ্টখন একে। আনকি মোৰ চিনেমাখনৰ নাম পদণ্ডুকা আছিল। 

স্ক্ৰিপ্ট ৰাইটাৰ অনিল শৰ্মাই   কৰা  অভিযোগৰ  ভিত্তিত  মাইচুৰৰ আদালতত গোচৰ ৰুজু কৰিছে। মাইচুৰু আদালতে অনিলৰ অভিযোগৰ ভিত্তিত ছবিখনৰ মুক্তি স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে । ছবিখনত অজয় দেৱগণে ভাৰতীয় ফুটবল প্ৰশিক্ষক চিয়াইদ আব্দুল ৰহিম ওৰফে ৰহিম চাহিবৰ চৰিত্ৰত অভিনয় কৰিছে। স্বাধীনতাৰ পাঁচ বছৰ পিছত, ১৯৫২ চনত ভাৰতীয় ফুটবল দলে দ্বিতীয়বাৰৰ বাবে অলিম্পিকত খেলাৰ সুযোগ লাভ কৰিছিল। সেই বছৰৰ গ্ৰীষ্মকালীন অলিম্পিক ফিনলেণ্ডৰ হেলচিঙ্কিত অনুষ্ঠিত হৈছিল। ভাৰতৰ বিৰুদ্ধে খেলপথাৰত হাংগেৰীৰ নামিছিল। খেলৰ দিনা প্ৰচণ্ড বৰষুণ হৈছিল। গোটেই পথাৰখন তিতা। বোকা পথাৰত হাংগেৰিয়ান ফুটবলাৰসকলৰ ভৰিত স্পাইক জোতা। আনহাতে, ভাৰতীয় ফুটবলখেলুৱৈসকল খেলপথাৰত খালি ভৰিৰে নামিছিল । ছবি খনৰ কাহিনী এনেদৰেই আগবাঢ়িছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু