--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বলীউডত এতিয়া জাহ্নৱী কাপুৰ আৰু  শিখৰ পাহাৰিয়াৰ  প্ৰেমকলৈ গৰম চৰ্চা চলিছে।  জাহ্নৱী আৰু শিখৰক প্ৰায়ে ৰাজহুৱাস্থানত  একেলগে দেখা গৈছে। মঙলবাৰে, জাহ্নৱীয়ে অজয় দেৱগন অভিনীত 'ময়দান'ৰ বিশেষ স্ক্ৰীণিঙত উপস্থিত আছিল । এনে সময়তে আকৌ এবাৰ, জাহ্নৱী শিখৰৰ প্ৰেমৰ  বিষয়ে আলোচনা  হৈছে । জাহ্নৱীয়ে পৰিধান কৰা  নেকলেছে  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। 

মঙলবাৰে 'ময়দান' ছবিৰ এক স্ক্ৰীণিং অনুষ্ঠিত হয়, য'ত জাহ্নৱী কাপুৰে তেওঁৰ  পিতৃ বনি কাপুৰৰ সৈতে আছিল । এই অনুষ্ঠানটোত জাহ্নৱীয়ে পিন্ধা   বগা পোছাকে বাৰুকৈয়ে শুৱাইছিল । জাহ্নৱীৰ  পোছাকৰ উপৰি তেওঁৰ  নেকলেছৰ বিষয়েও আলোচনা হৈছে। 

'কফি উইথ কৰণ'ৰ এটা খণ্ডত  জাহ্নৱীক সোধা হৈছিল যে তেওঁৰ স্পীড ডায়েলত কোন থাকে? ইয়াৰ প্ৰত্যুত্তৰত তেওঁ তিনিজন লোকৰ নাম উল্লেখ কৰিছিল , "পাপা, খুচু আৰু শিকু।" 'শিকু'ৰ নাম লোৱাৰ লগে লগে, জাহ্নৱীক লাজকুৰীয়া দেখা গৈছিল আৰু তেওঁ  যে  ভুলবশতঃ 'শিকু'ৰ নামটো কৈছিল, সেয়া স্পষ্ট  হৈ পৰিছিল। যিটো নাম তেওঁ হয়তো ৰাজহুৱাকৈ ল'ব নিবিচাৰিছিল। অৱশ্যে, তেওঁ পিছত তেওঁৰ কথা স্পষ্ট কৰিছিল আৰু কৈছিল যে শিখৰ কেৱল তেওঁৰ ভাল বন্ধু। 

ইয়াৰ পিছত  তাত উপস্থিত সকলোৱে হাঁহিবলৈ ধৰিছিল । শিখৰ পাহাৰিয়া হৈছে সুশীল কুমাৰ চিন্দেৰ (মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী) নাতি। শেহতীয়াকৈ, জাহ্নৱী-শিখৰক তিৰুমালা মন্দিৰত একেলগে দেখা গৈছিল। জাহ্নৱীৰ জন্মদিন  উপলক্ষে শিখৰে ইনষ্টাগ্ৰামত কিছুমান ৰোমান্টিক ফটো শ্বেয়াৰ কৰিছিল, অনুৰাগীসকলে অনুমান কৰিছিল যে দুয়োৰে মাজত প্ৰেমৰ  সম্পৰ্ক আছে।জাহ্নৱী কাপুৰে শীঘ্ৰেই জুনিয়ৰ এনটিআৰৰ বিপৰীতে 'দেৱৰা: পাৰ্ট  ১'ৰ জৰিয়তে দক্ষিণৰ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিব। ইয়াৰ উপৰি জাহ্নৱীক ৰাজকুমাৰ ৰাওৰ সৈতে শ্ৰীযুত আৰু শ্ৰীমতী মাহীতো দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ