--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বলীউডত এতিয়া জাহ্নৱী কাপুৰ আৰু  শিখৰ পাহাৰিয়াৰ  প্ৰেমকলৈ গৰম চৰ্চা চলিছে।  জাহ্নৱী আৰু শিখৰক প্ৰায়ে ৰাজহুৱাস্থানত  একেলগে দেখা গৈছে। মঙলবাৰে, জাহ্নৱীয়ে অজয় দেৱগন অভিনীত 'ময়দান'ৰ বিশেষ স্ক্ৰীণিঙত উপস্থিত আছিল । এনে সময়তে আকৌ এবাৰ, জাহ্নৱী শিখৰৰ প্ৰেমৰ  বিষয়ে আলোচনা  হৈছে । জাহ্নৱীয়ে পৰিধান কৰা  নেকলেছে  সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। 

মঙলবাৰে 'ময়দান' ছবিৰ এক স্ক্ৰীণিং অনুষ্ঠিত হয়, য'ত জাহ্নৱী কাপুৰে তেওঁৰ  পিতৃ বনি কাপুৰৰ সৈতে আছিল । এই অনুষ্ঠানটোত জাহ্নৱীয়ে পিন্ধা   বগা পোছাকে বাৰুকৈয়ে শুৱাইছিল । জাহ্নৱীৰ  পোছাকৰ উপৰি তেওঁৰ  নেকলেছৰ বিষয়েও আলোচনা হৈছে। 

'কফি উইথ কৰণ'ৰ এটা খণ্ডত  জাহ্নৱীক সোধা হৈছিল যে তেওঁৰ স্পীড ডায়েলত কোন থাকে? ইয়াৰ প্ৰত্যুত্তৰত তেওঁ তিনিজন লোকৰ নাম উল্লেখ কৰিছিল , "পাপা, খুচু আৰু শিকু।" 'শিকু'ৰ নাম লোৱাৰ লগে লগে, জাহ্নৱীক লাজকুৰীয়া দেখা গৈছিল আৰু তেওঁ  যে  ভুলবশতঃ 'শিকু'ৰ নামটো কৈছিল, সেয়া স্পষ্ট  হৈ পৰিছিল। যিটো নাম তেওঁ হয়তো ৰাজহুৱাকৈ ল'ব নিবিচাৰিছিল। অৱশ্যে, তেওঁ পিছত তেওঁৰ কথা স্পষ্ট কৰিছিল আৰু কৈছিল যে শিখৰ কেৱল তেওঁৰ ভাল বন্ধু। 

ইয়াৰ পিছত  তাত উপস্থিত সকলোৱে হাঁহিবলৈ ধৰিছিল । শিখৰ পাহাৰিয়া হৈছে সুশীল কুমাৰ চিন্দেৰ (মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী) নাতি। শেহতীয়াকৈ, জাহ্নৱী-শিখৰক তিৰুমালা মন্দিৰত একেলগে দেখা গৈছিল। জাহ্নৱীৰ জন্মদিন  উপলক্ষে শিখৰে ইনষ্টাগ্ৰামত কিছুমান ৰোমান্টিক ফটো শ্বেয়াৰ কৰিছিল, অনুৰাগীসকলে অনুমান কৰিছিল যে দুয়োৰে মাজত প্ৰেমৰ  সম্পৰ্ক আছে।জাহ্নৱী কাপুৰে শীঘ্ৰেই জুনিয়ৰ এনটিআৰৰ বিপৰীতে 'দেৱৰা: পাৰ্ট  ১'ৰ জৰিয়তে দক্ষিণৰ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিব। ইয়াৰ উপৰি জাহ্নৱীক ৰাজকুমাৰ ৰাওৰ সৈতে শ্ৰীযুত আৰু শ্ৰীমতী মাহীতো দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু