--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোহিত সাগৰত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। দেওবাৰে আমেৰিকাই আত্মৰক্ষাৰ বাবে হাউথিৰ ওপৰত মিছাইল আক্ৰমণ চলাইছিল। একে সময়তে ইয়েমেনী উগ্ৰপন্থী সংগঠনটোৱে ইখনৰ পিছত সিখন  জাহাজত আক্ৰমণ চলাই গৈছে। 

যোৱা নৱেম্বৰৰ পৰা হাউথিয়ে  লোহিত সাগৰ আৰু এডেন উপসাগৰত কেইবাখনো  ব্যৱসায়িক জাহাজৰ ওপৰত নিৰন্তৰ আক্ৰমণ চলাই আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ মিত্ৰশক্তিৰ সৈতে হাউথিৰ বিৰুদ্ধে প্ৰতিশোধ লৈছে। ইয়াৰ পিছতে  প্ৰথমবাৰৰ বাবে হাউথিয়ে  পানীৰ তলত ড্ৰোন ব্যৱহাৰ কৰি জাহাজত  আক্ৰমণ কৰিছে। এই  আক্ৰমণৰ খবৰ পোৱাৰ পিছত আমেৰিকাই পাঁচটা মিছাইল নিক্ষেপ কৰে। পেন্টাগনে প্ৰকাশ কৰা মতে আক্ৰমণটো ইৰাণ সমৰ্থিত উগ্ৰপন্থীৰ বিৰুদ্ধে আত্মৰক্ষাৰ বাবেহে কৰা হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছাইল আক্ৰমণৰ পিছত  হাউথি বিদ্ৰোহীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷  উত্তৰ আমেৰিকাৰ বেলিজৰ পৰা এখন জাহাজ লোহিত সাগৰলৈ গৈ আছিল। হাউথিয়ে  পানীৰ তলৰ পৰা  ড্ৰোন আক্ৰমণ চলাই  মালবাহী জাহাজখনত বিস্ফোৰণ ঘটায়। ফলত জাহাজখনৰ এটা ডাঙৰ অংশ ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে  জাহাজখনত থকা নাবিকসকল পলাই যাবলৈ সক্ষম হয়৷ স্থানীয় সময় অনুসৰি সোমবাৰে পুৱতি নিশা সংঘটিত আক্ৰমণৰ পিছত ব্ৰিটিছ মালবাহী জাহাজতো হাউথিয়ে আক্ৰমণ চলোৱাৰ  খবৰ পোৱা গৈছে। অৱশ্যে ইয়েমেনী উগ্ৰপন্থী গোটে কোনো আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

হাউথিয়ে যোৱা বছৰৰ নৱেম্বৰৰ পৰা ব্যৱসায়িক জাহাজক লক্ষ্য কৰি লোহিত সাগৰত কমেও ২৭ টা আক্ৰমণ চলাইছে। এমাহ আগতে হাউথিয়ে এখন ভাৰতীয় ব্যৱসায়িক জাহাজৰ ওপৰত ড্ৰোন আক্ৰমণ চলাইছিল৷এনে আক্ৰমণৰ ঘটনাই  আন্তৰ্জাতিক বাণিজ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement