--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোহিত সাগৰত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। দেওবাৰে আমেৰিকাই আত্মৰক্ষাৰ বাবে হাউথিৰ ওপৰত মিছাইল আক্ৰমণ চলাইছিল। একে সময়তে ইয়েমেনী উগ্ৰপন্থী সংগঠনটোৱে ইখনৰ পিছত সিখন  জাহাজত আক্ৰমণ চলাই গৈছে। 

যোৱা নৱেম্বৰৰ পৰা হাউথিয়ে  লোহিত সাগৰ আৰু এডেন উপসাগৰত কেইবাখনো  ব্যৱসায়িক জাহাজৰ ওপৰত নিৰন্তৰ আক্ৰমণ চলাই আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ মিত্ৰশক্তিৰ সৈতে হাউথিৰ বিৰুদ্ধে প্ৰতিশোধ লৈছে। ইয়াৰ পিছতে  প্ৰথমবাৰৰ বাবে হাউথিয়ে  পানীৰ তলত ড্ৰোন ব্যৱহাৰ কৰি জাহাজত  আক্ৰমণ কৰিছে। এই  আক্ৰমণৰ খবৰ পোৱাৰ পিছত আমেৰিকাই পাঁচটা মিছাইল নিক্ষেপ কৰে। পেন্টাগনে প্ৰকাশ কৰা মতে আক্ৰমণটো ইৰাণ সমৰ্থিত উগ্ৰপন্থীৰ বিৰুদ্ধে আত্মৰক্ষাৰ বাবেহে কৰা হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছাইল আক্ৰমণৰ পিছত  হাউথি বিদ্ৰোহীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷  উত্তৰ আমেৰিকাৰ বেলিজৰ পৰা এখন জাহাজ লোহিত সাগৰলৈ গৈ আছিল। হাউথিয়ে  পানীৰ তলৰ পৰা  ড্ৰোন আক্ৰমণ চলাই  মালবাহী জাহাজখনত বিস্ফোৰণ ঘটায়। ফলত জাহাজখনৰ এটা ডাঙৰ অংশ ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে  জাহাজখনত থকা নাবিকসকল পলাই যাবলৈ সক্ষম হয়৷ স্থানীয় সময় অনুসৰি সোমবাৰে পুৱতি নিশা সংঘটিত আক্ৰমণৰ পিছত ব্ৰিটিছ মালবাহী জাহাজতো হাউথিয়ে আক্ৰমণ চলোৱাৰ  খবৰ পোৱা গৈছে। অৱশ্যে ইয়েমেনী উগ্ৰপন্থী গোটে কোনো আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

হাউথিয়ে যোৱা বছৰৰ নৱেম্বৰৰ পৰা ব্যৱসায়িক জাহাজক লক্ষ্য কৰি লোহিত সাগৰত কমেও ২৭ টা আক্ৰমণ চলাইছে। এমাহ আগতে হাউথিয়ে এখন ভাৰতীয় ব্যৱসায়িক জাহাজৰ ওপৰত ড্ৰোন আক্ৰমণ চলাইছিল৷এনে আক্ৰমণৰ ঘটনাই  আন্তৰ্জাতিক বাণিজ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু