--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটাত পুনৰ অঘটন সংঘটিত হৈছে৷ বহু শিক্ষাৰ্থীৰ আ্মহত্যাৰ পিছত এইবাৰ সন্ধানহীন হৈছে কেইবাগৰাকীও শিক্ষাৰ্থী৷ শেহতীয়াকৈ  পুনৰ কোটাৰ পৰা নাইকিয়া হৈছে তিনিজন ছাত্ৰ । তিনিজন শিক্ষাৰ্থী সাত দিনৰ ভিতৰত ৰাজস্থানৰ কোটা এটা প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা সন্ধানহীন হোৱাৰ কথা নিশ্চিত কৰা হৈছে৷ ইয়াৰ ভিতৰৰে উত্তৰ প্ৰদেশৰ পীয়ুষ কাপাছিয়াক ১৩ ফেব্ৰুৱাৰীৰ পৰা বিচাৰি পোৱা হোৱা নাই। 

তেওঁৰ ফোনটোও বন্ধ হৈ আছে।আৰক্ষী আৰু পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি, উত্তৰ প্ৰদেশৰ বাসিন্দা পীয়ুষ কাপাছিয়াই যুটীয়া প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। তেওঁ কোটাৰ ইন্দ্ৰ বিহাৰৰ এটা হোষ্টেলত বাস কৰিছিল। তেওঁ শেষবাৰৰ বাবে মঙলবাৰে পুৱা মাকৰ সৈতে ফোনত  কথা পাতিছিল। পীয়ুষৰ পিতৃ  মহেশ চন্দ্ৰই কয়  যে তেওঁৰ মাকৰ সৈতে কথা পতাৰ পিছত পীয়ুষে ঘৰৰ কাৰো ফোন গ্ৰহণ কৰা নাছিল। 

ছাত্ৰজনক সেইদিনাৰ পৰা বিচাৰি পোৱা হোৱা নাই৷ পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে।
ৰাজস্থানৰ কোটা এতিয়া সন্ত্ৰাসৰ আন এটা নাম হৈ পৰিছে! শিক্ষাৰ্থীৰ  আত্মহত্যাৰ লগতে ধৰ্ষণৰ অভিযোগো উত্থাপিত হৈছে। এইবাৰ, এজনৰ পিছত আনজন শিক্ষাৰ্থীৰ হঠাতে নিৰুদ্দেশ হোৱাৰ কথাই বহুতকে চিন্তিত কৰি তুলিছে৷ লক্ষণীয় কথাটো হ’ল  ১৮ বছৰীয়া যুৱৰাজে কোটাৰ পৰা এনইইটিৰ বাবে প্ৰস্তুতি চলাই আছিল। যুৱৰাজে শনিবাৰে পুৱা প্ৰায় ৭ বজাত হোষ্টেলৰ পৰা সন্ধানহীন হৈছে৷ তেওঁ তেওঁৰ হোষ্টেলৰ কোঠাত মোবাইল ফোনটো এৰি দিছিল।

এই ঘটনাটোৰ কেইদিনমান আগতে, আন এজন ছাত্ৰ সোমবাৰে কোটাৰ পৰা নিৰুদ্দেশ হৈছিল। ১৬ বছৰীয়া ৰচিত সন্ধ্যাই কোটাত জেইইৰ বাবে প্ৰস্তুতি চলাই আছিল। সেই ছাত্ৰ জনৰো এতিয়া কোনো সন্ধান নাই৷ 
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ