--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটাত পুনৰ অঘটন সংঘটিত হৈছে৷ বহু শিক্ষাৰ্থীৰ আ্মহত্যাৰ পিছত এইবাৰ সন্ধানহীন হৈছে কেইবাগৰাকীও শিক্ষাৰ্থী৷ শেহতীয়াকৈ  পুনৰ কোটাৰ পৰা নাইকিয়া হৈছে তিনিজন ছাত্ৰ । তিনিজন শিক্ষাৰ্থী সাত দিনৰ ভিতৰত ৰাজস্থানৰ কোটা এটা প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা সন্ধানহীন হোৱাৰ কথা নিশ্চিত কৰা হৈছে৷ ইয়াৰ ভিতৰৰে উত্তৰ প্ৰদেশৰ পীয়ুষ কাপাছিয়াক ১৩ ফেব্ৰুৱাৰীৰ পৰা বিচাৰি পোৱা হোৱা নাই। 

তেওঁৰ ফোনটোও বন্ধ হৈ আছে।আৰক্ষী আৰু পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি, উত্তৰ প্ৰদেশৰ বাসিন্দা পীয়ুষ কাপাছিয়াই যুটীয়া প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। তেওঁ কোটাৰ ইন্দ্ৰ বিহাৰৰ এটা হোষ্টেলত বাস কৰিছিল। তেওঁ শেষবাৰৰ বাবে মঙলবাৰে পুৱা মাকৰ সৈতে ফোনত  কথা পাতিছিল। পীয়ুষৰ পিতৃ  মহেশ চন্দ্ৰই কয়  যে তেওঁৰ মাকৰ সৈতে কথা পতাৰ পিছত পীয়ুষে ঘৰৰ কাৰো ফোন গ্ৰহণ কৰা নাছিল। 

ছাত্ৰজনক সেইদিনাৰ পৰা বিচাৰি পোৱা হোৱা নাই৷ পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে।
ৰাজস্থানৰ কোটা এতিয়া সন্ত্ৰাসৰ আন এটা নাম হৈ পৰিছে! শিক্ষাৰ্থীৰ  আত্মহত্যাৰ লগতে ধৰ্ষণৰ অভিযোগো উত্থাপিত হৈছে। এইবাৰ, এজনৰ পিছত আনজন শিক্ষাৰ্থীৰ হঠাতে নিৰুদ্দেশ হোৱাৰ কথাই বহুতকে চিন্তিত কৰি তুলিছে৷ লক্ষণীয় কথাটো হ’ল  ১৮ বছৰীয়া যুৱৰাজে কোটাৰ পৰা এনইইটিৰ বাবে প্ৰস্তুতি চলাই আছিল। যুৱৰাজে শনিবাৰে পুৱা প্ৰায় ৭ বজাত হোষ্টেলৰ পৰা সন্ধানহীন হৈছে৷ তেওঁ তেওঁৰ হোষ্টেলৰ কোঠাত মোবাইল ফোনটো এৰি দিছিল।

এই ঘটনাটোৰ কেইদিনমান আগতে, আন এজন ছাত্ৰ সোমবাৰে কোটাৰ পৰা নিৰুদ্দেশ হৈছিল। ১৬ বছৰীয়া ৰচিত সন্ধ্যাই কোটাত জেইইৰ বাবে প্ৰস্তুতি চলাই আছিল। সেই ছাত্ৰ জনৰো এতিয়া কোনো সন্ধান নাই৷ 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী