--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে মহেন্দ্ৰ সিং ধোনীয়ে এখন বিলাসী ৰ’লছ ৰয়েচ গাড়ী লৈ ৰাঁচীৰ ৰাজপথলৈ ওলাই আহিছিল। আকৌ তেওঁক এখন পুৰণি গাড়ী লৈ ওলাই যোৱা দেখা গ’ল। ধোনীয়ে গাড়ী চলোৱাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰিছে।

ধোনীয়ে চলোৱা গাড়ীখন ১৯৭৩ চনৰ পণ্টিয়াক ট্ৰেন্স-এম। ধুনীয়া ৰঙা গাড়ীখন চলাই থকা দেখা গ’ল ধোনীক। গাড়ীত তেওঁ অকলে আছে। পিন্ধিছে ছানগ্লাছ আৰু হাতৰ আঁচল নথকা টি-চাৰ্ট। ধোনীৰ স’তে এই গাড়ীখন আগতে কোনেও দেখা নাই।

কিছুদিন পূৰ্বে ৰাঁচীৰ ঘাইপথত নীলা ৰঙৰ ৰ’লছ ৰয়ছ গাড়ী চলাই থকা দেখা গৈছিল ধোনীক। এজন অনুৰাগীয়ে দাবী কৰিছে যে গাড়ীখন ১৯৮০ চনৰ। এই মডেলৰ ৰ’লছ ৰয়েচ আজি উপলব্ধ নহয়।

উল্লেখ্য যে পুৰণি গাড়ী আৰু বাইক সংগ্ৰহ কৰাটো ধোনীৰ এটা চখ। ধোনিৰ সংগ্ৰহত ৫০খনতকৈও অধিক বাইক আছে। ইয়াৰ ভিতৰত হাৰ্লি-ডেভিডছন, কাৱাছাকি নিঞ্জা, ডুকাটি আদি কোম্পানীৰ বাইক অন্যতম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক