--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগষ্টত আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টি-২০ শৃংখলাত বহু প্ৰত্যাশিত প্ৰত্যাৱৰ্তন কৰিব ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহে। ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা খেলপথাৰৰ পৰা আঁতৰি থকা ষ্টাৰ পেচাৰগৰাকীক অজিত আগৰকাৰৰ নেতৃত্বাধীন ছিনিয়ৰ পুৰুষৰ দল বাছনি সমিতিয়ে অধিনায়ক হিচাপে নিযুক্তি দিছে,ইতিমধ্যে বিচিচিআইয়ে ১৮ আগষ্টৰ পৰা ডাবলিনত আৰম্ভ হ’বলগীয়া ৩খন মেচৰ শৃংখলাৰ বাবে দল ঘোষণা কৰিছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সোমবাৰে আয়াৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া তিনিখন খেলৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ কথা ঘোষণা কৰে।ভাৰতীয় ক্ৰিকেট অনুৰাগী আৰু মেন ইন ব্লুৰ বাবে এক বৃহৎ খবৰৰ মতম বেগী বলাৰ যশপ্ৰীত বুমৰাহক দলত অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰায় ১০ মাহৰ ব্যৱধানৰ অন্তত তেওঁ পুনৰ জাতীয় দললৈ উভতি আহিছে।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা টি-২০ শৃংখলাত অংশগ্ৰহণ কৰাৰ পাছত বুমৰাহে কোনো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলা নাই।পিঠিৰ ষ্ট্ৰেছ ফ্ৰেক্টৰে তেতিয়াৰ পৰাই তেওঁক খেলপথাৰৰ পৰা আঁতৰাই ৰাখিছিল আৰু বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত তেওঁ পুনৰ সম্পূৰ্ণ ফিটনেছ লাভ কৰিবলৈ চেষ্টা কৰি আহিছে।

ইণ্ডিয়াৰ নিৰ্বাচিত স্কোৱাডঃ যশপ্ৰীত বুমৰাহ (অধিনায়ক), ঋতুৰাজ গাইকোৱাড (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, ৰিংকু সিং, সঞ্জু চেমচন (wk), জিতেশ শৰ্মা (wk), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, ৰবি বিষ্ণৌয়, প্ৰসিদ্ধ কৃষ্ণ , অৰ্শ্বদ্বীপ সিং, মুকেশ কুমাৰ আৰু আৱেশ খান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক