--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগষ্টত আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টি-২০ শৃংখলাত বহু প্ৰত্যাশিত প্ৰত্যাৱৰ্তন কৰিব ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহে। ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা খেলপথাৰৰ পৰা আঁতৰি থকা ষ্টাৰ পেচাৰগৰাকীক অজিত আগৰকাৰৰ নেতৃত্বাধীন ছিনিয়ৰ পুৰুষৰ দল বাছনি সমিতিয়ে অধিনায়ক হিচাপে নিযুক্তি দিছে,ইতিমধ্যে বিচিচিআইয়ে ১৮ আগষ্টৰ পৰা ডাবলিনত আৰম্ভ হ’বলগীয়া ৩খন মেচৰ শৃংখলাৰ বাবে দল ঘোষণা কৰিছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সোমবাৰে আয়াৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া তিনিখন খেলৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ কথা ঘোষণা কৰে।ভাৰতীয় ক্ৰিকেট অনুৰাগী আৰু মেন ইন ব্লুৰ বাবে এক বৃহৎ খবৰৰ মতম বেগী বলাৰ যশপ্ৰীত বুমৰাহক দলত অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। প্ৰায় ১০ মাহৰ ব্যৱধানৰ অন্তত তেওঁ পুনৰ জাতীয় দললৈ উভতি আহিছে।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা টি-২০ শৃংখলাত অংশগ্ৰহণ কৰাৰ পাছত বুমৰাহে কোনো প্ৰতিযোগিতামূলক ক্ৰিকেট খেলা নাই।পিঠিৰ ষ্ট্ৰেছ ফ্ৰেক্টৰে তেতিয়াৰ পৰাই তেওঁক খেলপথাৰৰ পৰা আঁতৰাই ৰাখিছিল আৰু বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত তেওঁ পুনৰ সম্পূৰ্ণ ফিটনেছ লাভ কৰিবলৈ চেষ্টা কৰি আহিছে।

ইণ্ডিয়াৰ নিৰ্বাচিত স্কোৱাডঃ যশপ্ৰীত বুমৰাহ (অধিনায়ক), ঋতুৰাজ গাইকোৱাড (উপ-অধিনায়ক), যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, ৰিংকু সিং, সঞ্জু চেমচন (wk), জিতেশ শৰ্মা (wk), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, ৰবি বিষ্ণৌয়, প্ৰসিদ্ধ কৃষ্ণ , অৰ্শ্বদ্বীপ সিং, মুকেশ কুমাৰ আৰু আৱেশ খান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক