--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ আংশিক প্ৰাৰ্থী তালিকা। বিজেপিৰ প্ৰথম তালিকা প্ৰকাশৰ পিছতে দেশৰ বিভিন্ন ৰাজ্যত এতিয়া প্ৰাৰ্থিত্ব লাভ কৰা প্ৰাৰ্থীসকলৰ মাজত আনন্দৰ লহৰ বৈ গৈছে।  আজি প্ৰকাশিত বিজেপিৰ প্ৰথম খন প্ৰাৰ্থী তালিকাত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি  বিজেপিৰ ১৯৫ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হয়।  আজি প্ৰকাশিত প্ৰথম খন প্ৰাৰ্থী তালিকাত তালিকাত ৩৪ গৰাকী বৰ্তমানৰ মন্ত্ৰীও আছে।

 কেন্দ্ৰীয় গৃহ মন্ত্ৰী  অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।আগন্তুক লোকসভা নিৰ্বাচনত ৩৭০ খন আসন জিকাৰ লক্ষ্যৰে অগ্ৰসৰ হোৱা  বিজেপিয়ে  শনিবাৰে প্ৰকাশ কৰা  প্ৰথম প্ৰাৰ্থী তালিকাত বহু কেইগৰাকী হেভৱেট প্ৰাৰ্থী আছে।লক্ষ্যণীয় কথাটো হ’ল  বিজেপিয়ে নিৰ্বাচনৰ তাৰিখ প্ৰকাশৰ  জাননী দিয়াৰ আগতেই ১৯৫ গৰাকী  প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে। 

তালিকাখনত তৃতীয়বাৰৰ বাবে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলগীয়া  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম আছে।  তালিকাত প্ৰায়  ৩৪ গৰাকী  মন্ত্ৰী আৰু দুগৰাকী  প্ৰাক্তন মুখ্যমন্ত্ৰীও আছে। বিজেপিয়ে আজি প্ৰকাশ কৰা প্ৰথম খন প্ৰাৰ্থী তালিকাত  ২৮ গৰাকী মহিলা প্ৰাৰ্থী, ৫০ বছৰৰ তলৰ ৪৭ গৰাকী প্ৰাৰ্থী  আৰু অ'বিচি সম্প্ৰদায়ৰ ৫৭ গৰাকী প্ৰাৰ্থী আছে।  

তালিকাত ৫১ গৰাকী  উত্তৰ প্ৰদেশৰ , ২০ গৰাকী  পশ্চিম বংগৰ আৰু পাঁচগৰাকী  দিল্লীৰ। দিল্লীত প্ৰবীণ খাণ্ডেলৱাল, মনোজ তিৱাৰী আৰু সুষমা স্বৰাজৰ কন্যা বনচুৰী স্বৰাজো  প্ৰাৰ্থীসকলৰ ভিতৰত আছে। ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হোৱা স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই গুজৰাটৰ পোৰবন্দৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী