--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মলদ্বাৰ আৰু মলদ্বাৰৰ শিৰাবোৰ ফুলি যোৱাৰ ফলত পাইলছ বা অৰ্শ ৰোগ হয়। এই ৰোগে  মলদ্বাৰৰ ভিতৰত আৰু চাৰিওফালে কলা বা কোষবোৰ বৃদ্ধি কৰি যথেষ্ট অস্বস্তিৰ সৃষ্টি কৰিব পাৰে। পাইলছ বৃদ্ধি, আকাৰ আৰু স্থান ভিন্ন হ’ব পাৰে।

পাইলছ হৈছে এক গুৰুতৰ ৰোগ। সমগ্ৰ ভাৰততে অগণন লোক এই ৰোগত আক্ৰান্ত হয়। এবাৰ এই ৰোগত আক্ৰান্ত হ’লে শৰীৰ ক্ষতিগ্ৰস্ত হোৱাটো  স্বাভাৱিক কথা। গতিকে প্ৰতিজন মানুহ এই ৰোগৰ প্ৰতি সচেতন হোৱাতো প্ৰয়োজনীয়।

পাইলছ ৰোগৰ  প্ৰসংগত কলকাতাৰ ঢকুৰীয়া আমৰি হাস্পতালৰ চিকিৎসা বিশেষজ্ঞ ডাঃ ৰুদ্ৰজিৎ পালে কয় যে পাইলছৰ পৰা বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। তেওঁৰ মতে আমাৰ মলদ্বাৰৰ ভিতৰত কেইদালমান  ৰক্তবাহী নলী থাকে। এই নলীয়েদি নিয়মিতভাৱে শৌচ কঠিন হ’লে পাইলছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। কাৰণ কঠিন শৌচে প্ৰথমতে এই ৰক্তবাহী নলীবোৰ ফুলাই দিয়ে। তাৰ  অলপ দিনৰ পাছতেই এই ৰক্তবাহী নলীবোৰ ফাটি তেজ ওলাবলৈ ধৰে। গতিকে এইবোৰ বিষয়ৰ প্ৰতি সকলো সচেতন হ’ব লাগিব।

অৰ্শ ৰোগ বা পাইলচৰ ক্ষেত্ৰত ৰক্তক্ষৰণৰ সমস্যা বেছি। এই অৱস্থাত কিছুমান মানুহৰ বিষৰ লগতে তেজো ওলায়। প্ৰতিজন লোকে এই তেজ আৰু বিষৰ  (Piles Symptoms)  সমস্যাৰ পৰা সোনকালে আঁতৰি যাব বিচাৰে। অৱশ্যে সেয়া সহজে সম্ভৱ নহয়। উল্লেখযোগ্য যে ঔষধৰ লগতে  দুই-এবিধ বিশেষ খাদ্য গ্ৰহণ কৰিলে এই সমস্যা কমি থাকে । এনে খাদ্য সমূহৰ বিষয়ে জানো আহক :-

২) ওটছ : ওটছ হৈছে উচ্চ আঁহযুক্ত খাদ্য। ইয়াত থকা আঁহে আমাৰ মল কোমল কৰে। ফলত পাইলছৰ সমস্যা কমি যায়। এই ক্ষেত্ৰত আপুনি ওটছ খাব পাৰে।  নিয়মিতভাৱে ওটছ খাবলৈ আৰম্ভ কৰিলে এনে সমস্যা বহু পৰিমাণে কমিব পাৰে। আনহাতে ডায়েবেটিছ ৰোগীৰ বাবে ওটছ অতি উপকাৰী। গতিকে নিশ্চিন্ত মনে সকলো ব্যক্তিয়ে এই আহাৰ গ্ৰহণ কৰিব পাৰে। 

2)  আটা : ডাঃ পালৰ মতে পাইলছৰ বাবে আমাৰ সকলোৰে ঘৰত থকা অন্যতম উত্তম খাদ্য হ'ল আটা‌। আটাতো প্ৰচুৰ পৰিমাণে আঁহ থাকে। এই আঁহ পেটৰ বাবে উপকাৰী। গতিকে আটা খাব পাৰি। কিন্তু আটা আৰু ময়দা একে নহয় ।আটাত পোৱা উক্ত গুণ সমূহ ময়দাত পোৱা নাযায়। গতিকে ময়দাৰ পৰা আঁতৰত থাকিবলৈ তেওঁ অনুৰোধ জনায়।

3) শাক-পাচলি : ডাঃ ৰুদ্ৰজিৎ পালে কৈছিল যে প্ৰতিজন মানুহে শাক-পাচলি খাব লাগে। শাক-পাচলিত বহু পৰিমাণে ভিটামিন আৰু মিনাৰেল থাকে। শাক-পাচলি নিয়মিতভাৱে খালে শৰীৰো ভালে থাকে। ইয়াৰ উপৰিও শাক-পাচলিত আটা আৰু ওটছৰ দৰে যথেষ্ট পৰিমাণৰ আঁহ থাকে আৰু এনে আঁহজাতিয় খাদ্য অৰ্শ ৰোগৰ বাবে অতি উত্তম।

4) ফল-মূল: সুস্থ জীৱন যাপনৰ বাবে ফল-মূল অন্যতম গুৰুত্বপূৰ্ণ খাদ্য। এই খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল থাকে। আনকি এই খাদ্যবোৰো এন্টিঅক্সিডেন্টেৰে ভৰি থাকে। তদুপৰি নাচপতি, কল আদি বহুতো ফলত প্ৰচুৰ পৰিমাণে আঁহ থাকে। গতিকে এনে ফলমূল গ্ৰহণ কৰি  পাইলছৰ সমস্যা সমাধান কৰাতো সম্ভৱ।

5) পানী খাওক : শৌচ কঠিন হ'লেই পাইলছৰ সমস্যাই দেখা দিয়ে ।আচলতে কোষ্ঠকাঠিন্যৰ অন্যতম কাৰণ হ'ল কম পৰিমাণৰ পানী সেৱন কৰা ।সঠিক সময়ত অলপকৈ হ'লেও পানী খোৱাৰ অভ্যাস কৰিব লাগে।  দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খাব পাৰিলে এনে সমস্যা সমাধান কৰাটো সম্ভৱ হৈ পৰে। পিয়াহ লাগিলেই পানী খাওক। আৰু নিজৰ সুৰক্ষিত ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ