--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মুখৰ ঘাঁ হৈছে মুখত হোৱা এক প্ৰকাৰৰ আলচাৰ। এইবোৰ আপোনাৰ দাঁতৰ কোমল পৃষ্ঠত, জিভাত, গালৰ ভিতৰত , ওঁঠ বা তালুত দেখা দিয়ে। ইয়াৰ ৰং সাধাৰণতে হালধীয়া বা ৰঙা হয়। অত্যন্ত বেদনাদায়ক হ’লেও ইহঁত সংক্ৰামক নহয়। ঘাঁ বোৰ সংবেদনশীল হোৱাৰ বাবেই আক্ৰান্ত ব্যক্তিজনে গৰম বস্তু খাবলৈ অসুবিধা পায় । মুখৰ আলচাৰৰ আকাৰ বেলেগ বেলেগ আৰু মুখৰ আলচাৰৰ সঠিক লক্ষণসমূহ নিৰ্ভৰ কৰে এজন ব্যক্তিৰ কি ধৰণৰ আলচাৰ আছে তাৰ ওপৰত। সাধাৰণতে  এনে ঘাঁ ২ সপ্তাহৰ ভিতৰত ভাল হৈ পৰে। কিন্তু দীৰ্ঘদিন ধৰি এই ঘাঁ সমূহ অটল হৈ থকাটো জটিল ৰোগৰ লক্ষণ হ’ব পাৰে।

মুখত ঘাঁ বা আলচাৰ হোৱাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও বিভিন্ন কাৰণত হ’ব পাৰে। সাধাৰণতে হৰম’নৰ ভাৰসাম্যহীনতা, এচিডিটি, কোষ্ঠকাঠিন্য, ভিটামিন বি আৰু চিৰ অভাৱৰ লগতে আইৰণ আৰু অন্যান্য অপুষ্টিৰ ফলত এনে ঘাঁ সৃষ্টি হয়। তদুপৰি টেঙা খাদ্য, মানসিক চাপ, গৰ্ভাৱস্থা আৰু জিনীয় কাৰকৰ বাবেও এই ৰোগ হোৱা দেখা যায় । কিছুমান ঔষধে ইয়াৰ প্ৰভাৱ ৰোধ কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও কিছুমান ঘৰুৱা ঔষধ আছে যিয়ে আপোনাক এই বিষৰ পৰা উপশম দিবলৈ সক্ষম হয় । মুখত ফোহা ওলোৱাটো এই মাৰাত্মক ৰোগৰ লক্ষণ। মুখৰ আলচাৰে সকলো বয়সৰ লোকক আক্ৰান্ত কৰিব পাৰে। বেছিভাগ সময়তে মুখৰ ঘা বিপজ্জনক বুলি গণ্য কৰা নহয়। কিন্তু কিছুমান গুৰুতৰ ৰোগত মুখৰ ঘা এটা গুৰুত্বপূৰ্ণ লক্ষণ হিচাপে দেখা দিয়ে। এনে ৰোগ সমূহ হ'ল: ডায়েবিটিছ ,ইমিউন ডিছঅৰ্ডাৰ ,অন্ত্ৰৰ প্ৰদাহ ,চিলিয়াক ৰোগ, এইডছ (এইচ আই ভি) ইত্যাদি। এই ৰোগৰ বাবে কিছুমান ঘৰুৱা ঔষধৰ ব্যৱহাৰ সম্পৰ্কে জানো আহক :

১)তুলসী পাত : তুলসী পাত ঔষধি গুণৰ বাবে জনাজাত আৰু বহু যুগ ধৰি স্বাস্থ্যৰ বাবে এই তুলসী পাত ব্যৱহাৰ কৰি আহিছে। মুখৰ বিষ হ’লে সতেজ পাত কিছু চোবাই তাৰ লগত পানী অলপ খাব লাগে। প্ৰতিদিনে এনে কৰিলে ফোহাবোৰ ভাল হয়।

২) এলোভেৰাৰ ৰস : মুখৰ আলচাৰ হ’লে দিনটোৰ ভিতৰত সামান্য পৰিমাণে এলোভেৰাৰ ৰস খালে সকাহ পাব পাৰে। এলোভেৰাৰ প্ৰদাহ নিবাৰণকাৰী গুণো আছে আৰু পেটৰ আলচাৰৰ চিকিৎসাতো এলোভেৰাৰ ৰস উপকাৰী বুলি জনা যায়। 
৩) মৌ : পেটৰ সমস্যাৰ বাবে আৰু মুখৰ আলচাৰত লিকোৰাইছে সহায় কৰিব পাৰে। খোৱাপানীত মৌ মিহলাই খালে ই আপোনাৰ পেট পৰিষ্কাৰ কৰাত সহায় কৰে আৰু আলচাৰে সৃষ্টি কৰা বিষাক্ত পদাৰ্থবোৰ নাইকিয়া কৰে।

৪) টেঙা ফল: ভিটামিন চিৰ অভাৱত মুখত ঘাঁ হয়। কমলাৰ দৰে ভিটামিন চি সমৃদ্ধ ফল-মূল খোৱাটো শৰীৰত ভিটামিন চিৰ  পূৰ্ণতাৰ বাবে এটা ভাল বিকল্প হ’ব পাৰে।  আনহাতে দিনে দুটাকৈ নেমু খাইও পৰ্যাপ্ত পৰিমাণে ভিটামিন চি পাব পাৰে।

৫)দৈ: সাধাৰণতে পেটৰ গৰমৰ ফলত মুখৰ ঘা হয়। যিহেতু আলচাৰৰ ফলত জ্বলা-পোৰা হয়, সেয়ে সকলো ধৰণৰ মছলা আৰু গৰম খাদ্যৰ পৰা আঁতৰি থকাই ভাল। আলচাৰৰ পৰা উপশম পাবলৈ ঠাণ্ডা দৈ খাব পাৰে। দৈৰ গুণে এচিডিটিৰ সমস্যা কমাই পেটটো ঠাণ্ডা কৰি ৰাখে।

উক্ত ঘৰুৱা ঔষধৰ ব্যৱহাৰে আপোনাক এনে বিষৰ পৰা অলপ হ'লেও উপশম দিয়াব পাৰে কিন্তু অধিক বিৱৰণৰ বাবে বা দীৰ্ঘদিন ধৰি এই ঘাঁ সমূহ অটল হৈ থাকিলে জৰুৰীভাৱে এজন বিশেষজ্ঞৰ পৰামৰ্শ লোৱাতো নিতান্তই প্ৰয়োজনীয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ