--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাষাৰ সাধাৰণ দৃষ্টিত বৰ সহজ নাছিল।  এইচ.আই.ভি. পজিটিভ যুৱক-যুৱতী এহালৰ  বিয়াৰ কথা দুয়োটা পৰিয়ালে সহজভাবে  গ্ৰহণ কৰিব পৰা নাছিল। অৱশেষত সকলো বাধা অতিক্ৰম কৰি এইচ.আই.ভি. পজিটিভ যুৱক-যুৱতীহালে বিবাহপাশত আবদ্ধ হ’ল৷   

শাস্ত্ৰ অনুসৰি দুয়োৱে পুৰোহিতৰ ওচৰত  মন্ত্ৰ পঢ়ি মালা সলনি কৰিলে। বংগৰ সোণাৰপুৰৰ এটা স্বেচ্ছাসেৱী সংগঠনে এই সময়ছোৱাত  তেওঁলোকৰ কাষত থিয় দিছিল।যুৱতীগৰাকীৰ যুঁজখন বহু দিনৰ আগতে আৰম্ভ হৈছিল। তিনি বছৰ বয়সতযুৱতীগৰাকীয়ে  মাক-দেউতাকক হেৰুৱায় আৰু কলকাতা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ কাষৰে  গোবিন্দাপুৰৰ এটা ঘৰত থাকিবলৈ লয়৷  যুৱতীগৰাকীয়ে জনা নাছিল যে তেঁৱো এইচআইভি পজিটিভ । 

পিছত,কথাষাৰ জনাৰ পিছত  ছোৱালীজনীয়ে নিয়মীয়াকৈ কলকাতা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আহিবলগীয়া  হৈছিল। তাত তেওঁ উত্তৰ ২৪ পৰগণাৰ এজন যুৱকক লগ পাইছিল। চিকিৎসালয়তে তেওঁলোকৰ চিনাকী হৈছিল আৰু সেই চিনাকীয়েই প্ৰেমত পৰিণত হৈছিল৷  অৱশেষত দুয়োৱে বিয়াত বহাৰ  সিদ্ধান্ত লয়। যুৱকজনৰ পৰিয়ালে প্ৰথমে আপত্তি কৰিছিল যদিও পিছত সন্মতি দিছিল৷  এটা স্বেচ্ছাসেৱী সংগঠনো আগবাঢ়ি আহিছিল। তেওঁলোকে গোটেই অনুষ্ঠানটোৰ আয়োজন কৰিছিল। দেওবাৰে সন্ধিয়া সোণাৰপুৰত এইচ.আই.ভি.পজিটিভ  যুৱক-যুৱতীহালে যুগ্মজীৱন আৰম্ভ কৰে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক