--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কথাষাৰ সাধাৰণ দৃষ্টিত বৰ সহজ নাছিল।  এইচ.আই.ভি. পজিটিভ যুৱক-যুৱতী এহালৰ  বিয়াৰ কথা দুয়োটা পৰিয়ালে সহজভাবে  গ্ৰহণ কৰিব পৰা নাছিল। অৱশেষত সকলো বাধা অতিক্ৰম কৰি এইচ.আই.ভি. পজিটিভ যুৱক-যুৱতীহালে বিবাহপাশত আবদ্ধ হ’ল৷   

শাস্ত্ৰ অনুসৰি দুয়োৱে পুৰোহিতৰ ওচৰত  মন্ত্ৰ পঢ়ি মালা সলনি কৰিলে। বংগৰ সোণাৰপুৰৰ এটা স্বেচ্ছাসেৱী সংগঠনে এই সময়ছোৱাত  তেওঁলোকৰ কাষত থিয় দিছিল।যুৱতীগৰাকীৰ যুঁজখন বহু দিনৰ আগতে আৰম্ভ হৈছিল। তিনি বছৰ বয়সতযুৱতীগৰাকীয়ে  মাক-দেউতাকক হেৰুৱায় আৰু কলকাতা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ কাষৰে  গোবিন্দাপুৰৰ এটা ঘৰত থাকিবলৈ লয়৷  যুৱতীগৰাকীয়ে জনা নাছিল যে তেঁৱো এইচআইভি পজিটিভ । 

পিছত,কথাষাৰ জনাৰ পিছত  ছোৱালীজনীয়ে নিয়মীয়াকৈ কলকাতা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আহিবলগীয়া  হৈছিল। তাত তেওঁ উত্তৰ ২৪ পৰগণাৰ এজন যুৱকক লগ পাইছিল। চিকিৎসালয়তে তেওঁলোকৰ চিনাকী হৈছিল আৰু সেই চিনাকীয়েই প্ৰেমত পৰিণত হৈছিল৷  অৱশেষত দুয়োৱে বিয়াত বহাৰ  সিদ্ধান্ত লয়। যুৱকজনৰ পৰিয়ালে প্ৰথমে আপত্তি কৰিছিল যদিও পিছত সন্মতি দিছিল৷  এটা স্বেচ্ছাসেৱী সংগঠনো আগবাঢ়ি আহিছিল। তেওঁলোকে গোটেই অনুষ্ঠানটোৰ আয়োজন কৰিছিল। দেওবাৰে সন্ধিয়া সোণাৰপুৰত এইচ.আই.ভি.পজিটিভ  যুৱক-যুৱতীহালে যুগ্মজীৱন আৰম্ভ কৰে৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী