--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেৱ-দেৱীৰ বিৰুদ্ধে প্ৰাকৃতিক দুৰ্যোগ সৃষ্টি কৰাৰ বাবে ক্ষতিপূৰণ বিচাৰি অক্ষয় কুমাৰ-পৰেশ ৰাৱাল অভিনীত হিন্দী ছবি 'ওহ মাই গড' ছবিত  জাননীখন প্ৰেৰণ কৰা হৈছিল। এইবাৰ বাস্তৱত একেই ঘটনা ঘটিল৷ ঠিক  চিনেমাৰ দৰেই ঘটনা ঘটাইছে ৰে’ল বিভাগে৷

অভিযোগ অনুসৰি হনুমানৰ মন্দিৰ এটা  ৰে’ল বিভাগৰ ভূমিত নিৰ্মাণ কৰা হৈছে।সেইবাবেই  ৰে'ল বিভাগে ভগৱান ৰামৰ ভক্ত ভগৱান হনুমানলৈ ভূমি বেদখল কৰাৰ অভিযোগত জাননী প্ৰেৰণ কৰিছে। ঘটনাটো মধ্য প্ৰদেশৰ মোৰেনা জিলাৰ চাবলগড় চহৰত সংঘটিত হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰে'লৱেই 'বজৰংৱলী'ৰ নামত জাননী খন প্ৰেৰণ কৰিছিল। অৱশ্যে, তেওঁলোকৰ ভুল ধৰিব পৰাৰ পিছত জাননীখন প্ৰত্যাহাৰ কৰা হয়৷ 

অক্ষয় কুমাৰ-পৰেশ ৰাৱালে হিন্দী ছবি 'ওহ মাই গড'তো দেৱতাসকলৰ বিৰুদ্ধে প্ৰাকৃতিক দুৰ্যোগ সৃষ্টি কৰাৰ বাবে ক্ষতিপূৰণ বিচাৰি জাননী প্ৰেৰণ কৰা হৈছিল। সেই ছবিখনক লৈ বহুত হুলস্থুল  হৈছিল। এইবাৰো একেই ঘটনা ঘটিল।

ৰে'লৱে সূত্ৰৰ মতে জাননীখন ৮ ফেব্ৰুৱাৰীত জাৰি কৰা হৈছিল৷  জাননী প্ৰেণ কৰা লোক জনক  'বজৰংৱলী' বুলি সম্বোধন কৰা হৈছিল। জাননীখনত হনুমানক সাত দিনৰ ভিতৰত বেদখল কৰা ভূমিৰ পৰা আঁতৰি যাবলৈ  নিৰ্দেশ দিয়া হৈছিল। 

জাননীখনৰ ফটো ভাইৰেল হোৱাৰ পিছত হুলস্থূললাগিছে৷  ৰে'লৱেই পিছত ভুলটো  সংশোধন কৰি  মন্দিৰৰ পুৰোহিত হৰিশংকৰ শৰ্মাৰ নামত নতুন জাননী জাৰি কৰিছে ।ঝান্সি ৰে'ল বিভাগৰ জন জনসম্পৰ্কৰক্ষী  বিষয়া (পিআৰঅ') মনোজ মাথুৰে কয়, "প্ৰাৰম্ভিক জাননীখন ভুলবশতঃ প্ৰেৰণ কৰা হৈছিল। এতিয়া মন্দিৰৰ পুৰোহিতলৈ এখন নতুন জাননী প্ৰেৰণ কৰা হৈছে। ''

তেওঁ লগতে কয় যে শ্বেওপুৰ-গোৱালিয়ৰ ব্ৰড-গজ লাইন নিৰ্মাণৰ বাবে মন্দিৰটো  আঁতৰ কৰাৰ প্ৰয়োজন হৈছে । সেইকাৰণে এই জাননী প্ৰেৰণ কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক