--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেৱ-দেৱীৰ বিৰুদ্ধে প্ৰাকৃতিক দুৰ্যোগ সৃষ্টি কৰাৰ বাবে ক্ষতিপূৰণ বিচাৰি অক্ষয় কুমাৰ-পৰেশ ৰাৱাল অভিনীত হিন্দী ছবি 'ওহ মাই গড' ছবিত  জাননীখন প্ৰেৰণ কৰা হৈছিল। এইবাৰ বাস্তৱত একেই ঘটনা ঘটিল৷ ঠিক  চিনেমাৰ দৰেই ঘটনা ঘটাইছে ৰে’ল বিভাগে৷

অভিযোগ অনুসৰি হনুমানৰ মন্দিৰ এটা  ৰে’ল বিভাগৰ ভূমিত নিৰ্মাণ কৰা হৈছে।সেইবাবেই  ৰে'ল বিভাগে ভগৱান ৰামৰ ভক্ত ভগৱান হনুমানলৈ ভূমি বেদখল কৰাৰ অভিযোগত জাননী প্ৰেৰণ কৰিছে। ঘটনাটো মধ্য প্ৰদেশৰ মোৰেনা জিলাৰ চাবলগড় চহৰত সংঘটিত হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰে'লৱেই 'বজৰংৱলী'ৰ নামত জাননী খন প্ৰেৰণ কৰিছিল। অৱশ্যে, তেওঁলোকৰ ভুল ধৰিব পৰাৰ পিছত জাননীখন প্ৰত্যাহাৰ কৰা হয়৷ 

অক্ষয় কুমাৰ-পৰেশ ৰাৱালে হিন্দী ছবি 'ওহ মাই গড'তো দেৱতাসকলৰ বিৰুদ্ধে প্ৰাকৃতিক দুৰ্যোগ সৃষ্টি কৰাৰ বাবে ক্ষতিপূৰণ বিচাৰি জাননী প্ৰেৰণ কৰা হৈছিল। সেই ছবিখনক লৈ বহুত হুলস্থুল  হৈছিল। এইবাৰো একেই ঘটনা ঘটিল।

ৰে'লৱে সূত্ৰৰ মতে জাননীখন ৮ ফেব্ৰুৱাৰীত জাৰি কৰা হৈছিল৷  জাননী প্ৰেণ কৰা লোক জনক  'বজৰংৱলী' বুলি সম্বোধন কৰা হৈছিল। জাননীখনত হনুমানক সাত দিনৰ ভিতৰত বেদখল কৰা ভূমিৰ পৰা আঁতৰি যাবলৈ  নিৰ্দেশ দিয়া হৈছিল। 

জাননীখনৰ ফটো ভাইৰেল হোৱাৰ পিছত হুলস্থূললাগিছে৷  ৰে'লৱেই পিছত ভুলটো  সংশোধন কৰি  মন্দিৰৰ পুৰোহিত হৰিশংকৰ শৰ্মাৰ নামত নতুন জাননী জাৰি কৰিছে ।ঝান্সি ৰে'ল বিভাগৰ জন জনসম্পৰ্কৰক্ষী  বিষয়া (পিআৰঅ') মনোজ মাথুৰে কয়, "প্ৰাৰম্ভিক জাননীখন ভুলবশতঃ প্ৰেৰণ কৰা হৈছিল। এতিয়া মন্দিৰৰ পুৰোহিতলৈ এখন নতুন জাননী প্ৰেৰণ কৰা হৈছে। ''

তেওঁ লগতে কয় যে শ্বেওপুৰ-গোৱালিয়ৰ ব্ৰড-গজ লাইন নিৰ্মাণৰ বাবে মন্দিৰটো  আঁতৰ কৰাৰ প্ৰয়োজন হৈছে । সেইকাৰণে এই জাননী প্ৰেৰণ কৰা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু