--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি এজন খাদ্যপ্ৰেমী, তেন্তে আপুনি নিশ্চয় ছ’চিয়েল মিডিয়াত খাদ্যৰ সৈতে জড়িত কিছুমান অদ্ভুত তথা ভাইৰেল ভিডিঅ’ দেখিছে। চিংৰা খাই প্ৰায় সকলো লোকেই ভালপায়। সন্ধিয়া সময়ত ইয়াৰ জুতি লোৱাৰ আমেজেই সুকীয়া কিন্তু আপুনি কেতিয়াবা কাৰোবাক দৈত্যকায় চিংৰা খাই থকা দেখিছেনে? এগৰাকী যুৱতী ব্লগাৰে এটা দৈত্যকায় চিংৰা খোৱাৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল, যিটো এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। কাৰণ... আপুনি আৰু মই যি চিংৰা খাওঁ তাৰ তুলনাত ই আছিল অতি বিশাল।

এই ভিডিঅ'টো Instagram handle chahat_anand ৰ পৰা শ্বেয়াৰ কৰা হৈছে। তেওঁ কেপচনত লিখিছিল – Tag samosa lover। এতিয়ালৈকে এই ভিডিঅ'টোৱে ২২ মিলিয়ন ভিউজ লাভ কৰিছে। এই ক্লিপটোত আমি দেখিবলৈ পাওঁ যে এগৰাকী যুৱতীয়ে ডাঙৰ কটাৰীৰে এটা বিশাল চিংৰা কাটি আছে। ইমান ডাঙৰ চিংৰা দেখি তেওঁ আচৰিত হোৱাৰ লগতে সুখীও হৈ পৰিছে। 




চিংৰাৰ লগতে ডাঙৰ দুটা বাটিত সেউজীয়া আৰু ৰঙা চাটনিও দেখিবলৈ পোৱা গৈছে। এই ‘দৈত্যকায় চিংৰা’ দেখি বহুতে স্তম্ভিত হোৱাৰ বিপৰীতে কিছুমান ব্যৱহাৰকাৰীয়ে ইয়াক কেক বুলি ভুল কৰিছিল, কিন্তু যেতিয়া ফুড ব্লগাৰগৰাকীয়ে ইয়াক কাটিলে, তেতিয়া তাত আলুৰ মাছালা দেখা গ’ল, যি আলু মাছালা সৰু আকাৰৰ চিংৰাতো ভৰাই থোৱা হয়। হাজাৰ হাজাৰ ইউজাৰ্চে এতিয়া এই সন্দৰ্ভত নিজৰ মতামত দিছে। উল্লেখ্য যে যুৱতী ব্লগাৰগৰাকীয়ে ভ্ৰমণৰ সময়ত দেখা যিকোনো আচৰিত আৰু অদ্ভুত বস্তুৰ ছবি,ভিডিঅ’ তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক