--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মোগলে ৩০০ বছৰ ভাৰতত শাসন কৰিছিল। কিন্তু সেই সময়ছোৱাত ভাৰতৰ আটাইতকৈ ভয়াৱহ সমস্যা আছিল দুৰ্ভিক্ষ। তেতিয়া ভাৰতৰ দুটা প্ৰতিচ্ছবি আছিল। এটা হ’ল সোণৰ কণী দিয়া চৰাই আছিল, য’ত ইউৰোপীয়সকলে সোণ, ৰূপ, ধন-সম্পত্তি আৰু ৰত্ন দেখি চকু থৰ লাগি ৰৈছিল আৰু আনটো আছিল ভোকত ভুগি থকা ভাৰত, য’ত কেৱল মানুহৰ হাড় আৰু মৃতদেহহে দেখা গৈছিল।

মোগল শাসনৰ এটা সময় আছিল, যেতিয়া মানুহৰ মৃতদেহৰ লানি আছিল। আনকি কিতাপত লিখা আছে যে পিতৃ-মাতৃসকলে সন্তানক হত্যা কৰি খাইছিল। ঔৰংজেৱৰ সময়ৰ ইটালীয় ভ্ৰমণকাৰী নিকোলো মানুচিৰ মতে ১৭০২-০৪ চনৰ ভিতৰত সংঘটিত হোৱা দুৰ্ভিক্ষত ২০ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছিল। পৰিস্থিতি এনে আছিল যে ভোকত ভুগি থকা পিতৃ-মাতৃয়ে আঠ অনাত সন্তানক বিক্ৰী কৰিছিল।

শ্বাহজাহানৰ ৰাজত্বকালত এক অতি ভয়ানক ছবি দেখা যায়। শ্বাহজাহানৰ অত্যধিক ব্যয় আৰু সামৰিক অভিযানৰ বাবে দুৰ্ভিক্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। গুজৰাট আৰু ডেক্কানত মানুহৰ মৃত্যু হ’বলৈ ধৰিলে। মৃত্যুৱে কমেও ৩০ লাখ লোকক কোলাত লৈ গ’ল।

 শ্বাহজাহানৰ সময়ত ইতিহাস ৰচনা কৰা উস্তাদ আহমদ লাহোৰীয়ে কয় যে মানুহে এখন ৰুটিৰ বাবে নিজৰ আত্মীয়ক হত্যা কৰিছিল। পৰিস্থিতি এনেকুৱা হৈ পৰিছিল যে ইজনে-সিজনক মাৰি খাবলৈ সাজু হৈছিল। বৰষুণো ইমান কম আছিল যে এটা শস্যও গজা নাছিল। মানুহৰ সমানে পশুধনৰো মৃত্যু হৈছিল। গাঁও, চহৰ আৰু পথাৰত মৃতদেহৰ দ’ম দেখা গৈছিল। চৌদিশে বিয়পি পৰিছিল দুৰ্গন্ধ।

অৱস্থা ইমানেই ভয়াৱহ হৈ পৰিছিল যে মানুহে নিজৰ পত্নী আৰু সন্তানক পৰিত্যাগ কৰিছিল। পিতৃ-মাতৃয়ে পৰিত্যাগ কৰা ল’ৰা-ছোৱালীবোৰে, নিজকে বিক্ৰী কৰিবলৈ ধৰিলে। পৰিয়ালৰ লোকে বিষ সেৱন কৰিছিল বা নদীত জঁপিয়াই আত্মহত্যা কৰিছিল। আনকি এগৰাকী ডাচ ভ্ৰমণকাৰী ভ্যান টুইষ্টে লিখিছে যে এগৰাকী মহিলাই কেৱল নিজৰ সন্তানক হত্যা কৰাই নহয়, নিজেই ৰান্ধি খাইছিল আৰু স্বামীকো খুৱাইছিল। শ্বাহজাহানৰ দিনত ১৬৩০ চনৰ পৰা ১৬৩২ চনৰ ভিতৰত আটাইতকৈ ভয়াৱহ দুৰ্ভিক্ষ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement