--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মোগলে ৩০০ বছৰ ভাৰতত শাসন কৰিছিল। কিন্তু সেই সময়ছোৱাত ভাৰতৰ আটাইতকৈ ভয়াৱহ সমস্যা আছিল দুৰ্ভিক্ষ। তেতিয়া ভাৰতৰ দুটা প্ৰতিচ্ছবি আছিল। এটা হ’ল সোণৰ কণী দিয়া চৰাই আছিল, য’ত ইউৰোপীয়সকলে সোণ, ৰূপ, ধন-সম্পত্তি আৰু ৰত্ন দেখি চকু থৰ লাগি ৰৈছিল আৰু আনটো আছিল ভোকত ভুগি থকা ভাৰত, য’ত কেৱল মানুহৰ হাড় আৰু মৃতদেহহে দেখা গৈছিল।

মোগল শাসনৰ এটা সময় আছিল, যেতিয়া মানুহৰ মৃতদেহৰ লানি আছিল। আনকি কিতাপত লিখা আছে যে পিতৃ-মাতৃসকলে সন্তানক হত্যা কৰি খাইছিল। ঔৰংজেৱৰ সময়ৰ ইটালীয় ভ্ৰমণকাৰী নিকোলো মানুচিৰ মতে ১৭০২-০৪ চনৰ ভিতৰত সংঘটিত হোৱা দুৰ্ভিক্ষত ২০ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছিল। পৰিস্থিতি এনে আছিল যে ভোকত ভুগি থকা পিতৃ-মাতৃয়ে আঠ অনাত সন্তানক বিক্ৰী কৰিছিল।

শ্বাহজাহানৰ ৰাজত্বকালত এক অতি ভয়ানক ছবি দেখা যায়। শ্বাহজাহানৰ অত্যধিক ব্যয় আৰু সামৰিক অভিযানৰ বাবে দুৰ্ভিক্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল। গুজৰাট আৰু ডেক্কানত মানুহৰ মৃত্যু হ’বলৈ ধৰিলে। মৃত্যুৱে কমেও ৩০ লাখ লোকক কোলাত লৈ গ’ল।

 শ্বাহজাহানৰ সময়ত ইতিহাস ৰচনা কৰা উস্তাদ আহমদ লাহোৰীয়ে কয় যে মানুহে এখন ৰুটিৰ বাবে নিজৰ আত্মীয়ক হত্যা কৰিছিল। পৰিস্থিতি এনেকুৱা হৈ পৰিছিল যে ইজনে-সিজনক মাৰি খাবলৈ সাজু হৈছিল। বৰষুণো ইমান কম আছিল যে এটা শস্যও গজা নাছিল। মানুহৰ সমানে পশুধনৰো মৃত্যু হৈছিল। গাঁও, চহৰ আৰু পথাৰত মৃতদেহৰ দ’ম দেখা গৈছিল। চৌদিশে বিয়পি পৰিছিল দুৰ্গন্ধ।

অৱস্থা ইমানেই ভয়াৱহ হৈ পৰিছিল যে মানুহে নিজৰ পত্নী আৰু সন্তানক পৰিত্যাগ কৰিছিল। পিতৃ-মাতৃয়ে পৰিত্যাগ কৰা ল’ৰা-ছোৱালীবোৰে, নিজকে বিক্ৰী কৰিবলৈ ধৰিলে। পৰিয়ালৰ লোকে বিষ সেৱন কৰিছিল বা নদীত জঁপিয়াই আত্মহত্যা কৰিছিল। আনকি এগৰাকী ডাচ ভ্ৰমণকাৰী ভ্যান টুইষ্টে লিখিছে যে এগৰাকী মহিলাই কেৱল নিজৰ সন্তানক হত্যা কৰাই নহয়, নিজেই ৰান্ধি খাইছিল আৰু স্বামীকো খুৱাইছিল। শ্বাহজাহানৰ দিনত ১৬৩০ চনৰ পৰা ১৬৩২ চনৰ ভিতৰত আটাইতকৈ ভয়াৱহ দুৰ্ভিক্ষ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু