--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বৰা ভাস্কৰ এতিয়াও সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ পৰিছে। স্বৰা ভাস্কৰৰ বিয়াকলৈ সমস্যাৰ সৃষ্টি হৈছে ধৰ্মকলৈ । ইছলামধৰ্মী যুৱকৰ সৈতে বিয়া হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত স্বৰাক বহুতে সুধিছে স্বৰাক এতিয়া কি লাগিব - চুটকেছ নে ফ্ৰীজ৷ শ্ৰদ্ধা হত্যাকাণ্ডই দেশ কঁপোৱাৰ সময়তে স্বৰাক সোদা এনে প্ৰশ্নৰ উত্তৰো এইবাৰ স্বৰাই নিজেই দিছে৷  

স্বৰা ভাস্কৰক এতিয়াও সামাজিক মাধ্যমত বহুতে  বিয়াকলৈয়েই উপহাস কৰি আছে । ইয়াৰ একমাত্ৰ কাৰণ হ'ল ফাহাদ আহমেদ ৷ ফাহাদৰ সৈতে স্বৰা ভাস্কৰে বিয়াত বহাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছেষ কাৰণ স্বৰা আৰু ফাহাদ  একে ধৰ্মৰ নহয়। স্বৰা-ফাহাদৰ বিয়া বিশেষ বিবাহ আইনৰ অধীনত সম্পন্ন হৈছে৷ কিন্তু তাৰ পাছতো ধৰ্মৰ বিতৰ্ক দূৰ হোৱা নাই৷শেহতীয়াকৈ স্বৰাৰ সৈতে জড়িত হৈ পৰিছে   দুটা শব্দ 'চুটকেচ' আৰু 'ফ্ৰীজ' ।বহুতে হয়তো বুজি পাইছে যে এই দুটা শব্দৰ আঁৰত কি ঘটনাৰ  ইংগিত লুকাই আছে। 

ইয়াত শ্ৰদ্ধা ৱাকাৰৰ ঘটনাৰ ইংগিত আছে । শ্ৰদ্ধাক তেওঁৰ লিভ-ইন সঙ্গী আফতাব পুনাৱালাই হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি ফ্ৰীজত সমুৱাই ৰাখিছিল৷  বহুলোকে স্বৰাকো তেনে ঘটনাৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি  উপহাস কৰিছিল। স্বৰাই ইমান দিনে কথাবোৰৰ  প্ৰতি বিশেষ মনোযোগ দিয়া নাছিল। কিন্তু এইবাৰ তেওঁ সামাজিক মাধ্যমত ইয়াৰ সঁহাৰি দিছে।স্বৰাই সমাজবাদী পাৰ্টিৰ নেতা ফাহাদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। বিশ্ব হিন্দু পৰিষদৰ বহুনেতাই তেওঁৰ বিবাহক সমালোচনা কৰিছে। অৱশ্যে কেৱল হিন্দু সম্প্ৰদায়ৰ লোকেই স্বৰাক   সমালোচনা কৰা নাই। আনকি মুছলমান সম্প্ৰদায়ৰ বহুতেও এই বিবাহ গ্ৰহণ কৰিব বিচৰা নাই। তেওঁলোকে কৈছেযে যদি এজন মুছলমানে মূৰ্তিৰ উপাসনা কৰা কাৰোবাক বিয়া কৰায়  তেন্তে সেই বিবাহ বৈধ নহয়। এনেবোৰ সমালোচনাৰ উত্তৰ দিবলৈ  স্বৰাই কেৱল এটা উপায় বাছি লৈছে। সেয়া হৈছে প্ৰেমৰ পথ। 

শেহতীয়াকৈ, স্বৰাই ছ'চিয়েল মিডিয়াত লিখিছে, "যেতিয়া মানুহে  ঘৃণা কৰে, তেওঁলোকে কৈ থাকে, 'চুটকেচ, ফ্ৰীজ, নিয়মৰ বিপৰীতে, ধৰ্মৰ পৰিৱৰ্তন... আৰু কত’, ইমানৰ পিছতো আমি প্ৰেমৰ পথকেই বিশ্বাস কৰো...' ৷ বহুতে সামাজিক মাধ্যমত স্বৰাৰ উত্তৰৰ প্ৰশংসা কৰিছে। তেওঁলোকৰ মতে, অভিনেত্ৰীগৰাকীয়ে উপযুক্ত প্ৰত্যুত্তৰ দিছে। ঈৰ্ষা আৰু ঘৃণাৰ একমাত্ৰ উত্তৰ হ'ব পাৰে প্ৰেম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু