--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বৰা ভাস্কৰ এতিয়াও সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ পৰিছে। স্বৰা ভাস্কৰৰ বিয়াকলৈ সমস্যাৰ সৃষ্টি হৈছে ধৰ্মকলৈ । ইছলামধৰ্মী যুৱকৰ সৈতে বিয়া হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত স্বৰাক বহুতে সুধিছে স্বৰাক এতিয়া কি লাগিব - চুটকেছ নে ফ্ৰীজ৷ শ্ৰদ্ধা হত্যাকাণ্ডই দেশ কঁপোৱাৰ সময়তে স্বৰাক সোদা এনে প্ৰশ্নৰ উত্তৰো এইবাৰ স্বৰাই নিজেই দিছে৷  

স্বৰা ভাস্কৰক এতিয়াও সামাজিক মাধ্যমত বহুতে  বিয়াকলৈয়েই উপহাস কৰি আছে । ইয়াৰ একমাত্ৰ কাৰণ হ'ল ফাহাদ আহমেদ ৷ ফাহাদৰ সৈতে স্বৰা ভাস্কৰে বিয়াত বহাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছেষ কাৰণ স্বৰা আৰু ফাহাদ  একে ধৰ্মৰ নহয়। স্বৰা-ফাহাদৰ বিয়া বিশেষ বিবাহ আইনৰ অধীনত সম্পন্ন হৈছে৷ কিন্তু তাৰ পাছতো ধৰ্মৰ বিতৰ্ক দূৰ হোৱা নাই৷শেহতীয়াকৈ স্বৰাৰ সৈতে জড়িত হৈ পৰিছে   দুটা শব্দ 'চুটকেচ' আৰু 'ফ্ৰীজ' ।বহুতে হয়তো বুজি পাইছে যে এই দুটা শব্দৰ আঁৰত কি ঘটনাৰ  ইংগিত লুকাই আছে। 

ইয়াত শ্ৰদ্ধা ৱাকাৰৰ ঘটনাৰ ইংগিত আছে । শ্ৰদ্ধাক তেওঁৰ লিভ-ইন সঙ্গী আফতাব পুনাৱালাই হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি ফ্ৰীজত সমুৱাই ৰাখিছিল৷  বহুলোকে স্বৰাকো তেনে ঘটনাৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি  উপহাস কৰিছিল। স্বৰাই ইমান দিনে কথাবোৰৰ  প্ৰতি বিশেষ মনোযোগ দিয়া নাছিল। কিন্তু এইবাৰ তেওঁ সামাজিক মাধ্যমত ইয়াৰ সঁহাৰি দিছে।স্বৰাই সমাজবাদী পাৰ্টিৰ নেতা ফাহাদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। বিশ্ব হিন্দু পৰিষদৰ বহুনেতাই তেওঁৰ বিবাহক সমালোচনা কৰিছে। অৱশ্যে কেৱল হিন্দু সম্প্ৰদায়ৰ লোকেই স্বৰাক   সমালোচনা কৰা নাই। আনকি মুছলমান সম্প্ৰদায়ৰ বহুতেও এই বিবাহ গ্ৰহণ কৰিব বিচৰা নাই। তেওঁলোকে কৈছেযে যদি এজন মুছলমানে মূৰ্তিৰ উপাসনা কৰা কাৰোবাক বিয়া কৰায়  তেন্তে সেই বিবাহ বৈধ নহয়। এনেবোৰ সমালোচনাৰ উত্তৰ দিবলৈ  স্বৰাই কেৱল এটা উপায় বাছি লৈছে। সেয়া হৈছে প্ৰেমৰ পথ। 

শেহতীয়াকৈ, স্বৰাই ছ'চিয়েল মিডিয়াত লিখিছে, "যেতিয়া মানুহে  ঘৃণা কৰে, তেওঁলোকে কৈ থাকে, 'চুটকেচ, ফ্ৰীজ, নিয়মৰ বিপৰীতে, ধৰ্মৰ পৰিৱৰ্তন... আৰু কত’, ইমানৰ পিছতো আমি প্ৰেমৰ পথকেই বিশ্বাস কৰো...' ৷ বহুতে সামাজিক মাধ্যমত স্বৰাৰ উত্তৰৰ প্ৰশংসা কৰিছে। তেওঁলোকৰ মতে, অভিনেত্ৰীগৰাকীয়ে উপযুক্ত প্ৰত্যুত্তৰ দিছে। ঈৰ্ষা আৰু ঘৃণাৰ একমাত্ৰ উত্তৰ হ'ব পাৰে প্ৰেম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক