--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা  ৰাহুল গান্ধীয়ে কেতিয়া তেওঁৰ দাড়ি খুৰাব ? এই প্ৰশ্নই এতিয়া বহুতৰে মনত দোলা দিছে৷ ভাৰত জোড়ো যাত্ৰাৰ সময়ৰে পৰাই ৰাহুল গান্ধীয়ে দাড়ি কটা নাই৷ সেয়ে দাড়িয়ে-গোঁফে ভৰি পৰিছে ৰাহুল গান্ধীৰ মুখ৷ এনে সময়তে আনকি সাংবাদিকেও ৰাহুলে দাড়ি কেতিয়া কাটিব বুলি বহুতকে প্ৰশ্ন কৰিছে৷ 

শেহতীয়াকৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতা পৱন খেৰাই কৈছে  যে তেওঁক সাংবাদিকে প্ৰায়ে সুধি আছে ৰাবুল গান্ধীয়ে দাড়ি কেতিয়া কাটিব৷  খেৰাই কয়  "ৰাহুল গান্ধী , আপোনাৰ ওচৰত মহাত্মা গান্ধীৰ সৰলতা আৰু নেহৰুৰ গভীৰতা আছে," ।  খেৰাই  ৰাহুল গান্ধীৰ দাড়িৰ বিষয়ত মন্তব্য কৰি কয় যে "ৰাহুল গান্ধীয়ে কেতিয়া দাড়ি কাটিব বুলি সাংবাদিকে মোক  সুধিছে । ৰাহুল গান্ধী , আপোনাৰ দাড়িত ভাৰত জোড়ো যাত্ৰাৰ সময়ত আপোনাক লগ পোৱা হাজাৰ হাজাৰ লোকৰ কাহিনী জড়িত হৈ  আছে। আপোনাৰ দাড়িৰ অৰ্থ হৈছে আমি প্ৰত্যক্ষ কৰা যাত্ৰাৰ চিন । ৰাহুল গান্ধীয়ে  কৈছিল যে তেওঁ ভাৰত জোডো যাত্ৰাৰ সময়ত দাড়ি নকটাৰ সিদ্ধান্ত লৈছিল। এতিয়া যাত্ৰা সমাপ্ত হোৱাৰ পিছতো  তেওঁ এতিয়াও সিদ্ধান্ত লোৱা নাই যে তেওঁ তেওঁৰ বৰ্তমানৰ চেহেৰাটো সলনি কৰিব  নে নাই।" 

উল্লেখ্য  দিল্লীৰ বিমানবন্দৰত মোদীক 'গৌতমদাস' বুলি কৈ  গ্ৰেপ্তাৰ হোৱাৰ পিছত পূৰ্ণাংগ অধিৱেশনত বক্তব্য ৰাখি পৱন খেৰাই কয় যে তেওঁ এনেবোৰ কথাত গুৰুত্ব নিদিয়ে।খেৰাই কয়  "মই ভয় নকৰোঁ, কাৰণ মই কেতিয়াও মোৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকো ভয় খোৱা দেখা নাই" ৷ খেৰাই লগতে কয় যে ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ নেতা-কৰ্মীসকলক শিকাইছে যে পৰিস্থিতি যিমানেই কঠিন নহওঁক কিয় মূল্যবোধৰ ক্ষেত্ৰত কোনো আপোচ কৰিব নালাগে৷ ৰাহুল গান্ধীয়ে  বিভাজনৰ ৰাজনীতি বন্ধ কৰিবলৈ ভাৰত জোড়ো  যাত্ৰা আৰম্ভ কৰিছিল বুলিও  পৱন খেৰাই কয়। উল্লেখ্য ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ দাড়িৰ উপৰি তেওঁৰ টি-চাৰ্টৰ প্ৰসংগও  চৰ্চিত বিষয় হৈ আছিল৷ কিয়নো তেওঁ উত্তৰ ভাৰতৰ প্ৰচণ্ড  ঠাণ্ডাৰ মাজতো খোজকাঢ়ি গৈ  কাশ্মীৰ পাইছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক