--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পদিনা স্বাস্থ্যৰ বাবে অতি উপকাৰী। পদিনা অধিকাংশ লোকৰ ঘৰতে পোৱা যায়। টুথপেষ্ট, চুইংগাম, মাউথ ফ্ৰেচনাৰ, কেণ্ডি, ইনহেলাৰ আদিত পদিনা ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো পুদিনা ব্যৱহাৰ কৰা হয়। কিন্তু সকলো লোকৰ বাবে পুদিনা উপকাৰী নহয়।

কোনে কোনে পদিনা ব্যৱহাৰ কৰিব নালাগে জানি লওক

১. যিসকলৰ ছাল সংবেদনশীল, তেওঁলোকেও পুদিনা খোৱাৰ পৰা বিৰত থাকিব লাগে।

২. যদি আপুনি যকৃতৰ ৰোগী, তেন্তে ভুলতে পুদিনাৰ পিল বা পুদিনা নাখাব।

৩. পুদিনা অত্যাধিক ব্যৱহাৰে আপোনাৰ ডিঙিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৪. পুদিনা অত্যাধিক ব্যৱহাৰে বৃক্ক আৰু অন্ত্ৰৰো ক্ষতি কৰিব পাৰে।

৫. যদি আপুনি বৃক্কৰ ৰোগী, তেন্তে পুদিনা আপোনাৰ বাবে ভাল নহয়। পুদিনাৰ পৰা দূৰত থকাটোয়েই আপোনাৰ বাবে মংগল।

৬. পুদিনা বেছিকৈ খালে, ই শৰীৰত ৰক্ত শৰ্কৰা কমাই দিব পাৰে।

৭. পুদিনা ৭-৮ বছৰৰ কম বয়সৰ শিশুৰ বাবে উপযুক্ত নহয়।

৮. গৰ্ভধাৰণৰ সময়ত অত্যাধিক পুদিনা বা পুদিনাৰ চাহ খোৱাৰ ফলত গৰ্ভপাত হোৱাৰ আশংকা বহুগুণে বৃদ্ধি হয়। সেয়েহে মহিলাসকলে গৰ্ভধাৰণৰ সময়ত পুদিনা পৰিহাৰ কৰিব লাগে।

৯. গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স ৰোগত আক্ৰান্ত লোকসকলে পদিনা খোৱাৰ পৰা দূৰতে থাকিব লাগে।উল্লেখ্য, 'জিইআৰডি' অর্থাৎ গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স এবিধ হজম সম্বন্ধীয় ব্যাধি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু