--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটিএম মেচিন সাধাৰণতে টকা-পইচাৰ লেনদেনতে ব্যৱহাৰ কৰা হয়। কিন্তু টকা-পইচা নহয়, হায়দৰাবাদত এনে এটা এটিএম মেচিন স্থাপন কৰা হৈছে য’ত সোণৰ মূদ্ৰা উলিয়াব পৰা যাব। ইয়াৰ দ্বাৰা দেশৰ প্ৰথমটো ৰিয়েল টাইম গল্ড এটিএম স্থাপন কৰা হৈছে।

হায়দৰাবাদৰ কোম্পানী Goldsikka Pvt Ltd এ Opencube Technologies ৰ সহায়ত এই ATM সংস্থাপন কৰিছে। গ্ৰাহকে ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি এটিএমৰ জৰিয়তে সোণৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব।

সোণ ক্ৰয়-বিক্ৰয়ৰ ব্যৱসায়ত জড়িত গোল্ডচিকাৰ চিইঅ’ চি তৰুজৰ মতে এই এটিএম ব্যৱহাৰ কৰি মানুহে ০.৫ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈকে সোণৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব। এই এটিএমত সোণৰ মূল্য লাইভ আপডেট কৰা হ'ব। ২৪ ঘণ্টাই উপলব্ধ হ’ব গোল্ড এটিএম সেৱা।

জানিব পৰা মতে,  কোম্পানীটোৱে অনাগত সময়ত পেড্ডাপল্লী, ৱাৰংগল আৰু কৰিমনগৰতো এনে গল্ড এটিএম খোলাৰ পৰিকল্পনা কৰিছে। আগন্তুক ২ বছৰত সমগ্ৰ ভাৰতত প্ৰায় ৩,০০০ টা Gold ATM খোলাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement