--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটিএম মেচিন সাধাৰণতে টকা-পইচাৰ লেনদেনতে ব্যৱহাৰ কৰা হয়। কিন্তু টকা-পইচা নহয়, হায়দৰাবাদত এনে এটা এটিএম মেচিন স্থাপন কৰা হৈছে য’ত সোণৰ মূদ্ৰা উলিয়াব পৰা যাব। ইয়াৰ দ্বাৰা দেশৰ প্ৰথমটো ৰিয়েল টাইম গল্ড এটিএম স্থাপন কৰা হৈছে।

হায়দৰাবাদৰ কোম্পানী Goldsikka Pvt Ltd এ Opencube Technologies ৰ সহায়ত এই ATM সংস্থাপন কৰিছে। গ্ৰাহকে ডেবিট বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি এটিএমৰ জৰিয়তে সোণৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব।

সোণ ক্ৰয়-বিক্ৰয়ৰ ব্যৱসায়ত জড়িত গোল্ডচিকাৰ চিইঅ’ চি তৰুজৰ মতে এই এটিএম ব্যৱহাৰ কৰি মানুহে ০.৫ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈকে সোণৰ মুদ্ৰা ক্ৰয় কৰিব পাৰিব। এই এটিএমত সোণৰ মূল্য লাইভ আপডেট কৰা হ'ব। ২৪ ঘণ্টাই উপলব্ধ হ’ব গোল্ড এটিএম সেৱা।

জানিব পৰা মতে,  কোম্পানীটোৱে অনাগত সময়ত পেড্ডাপল্লী, ৱাৰংগল আৰু কৰিমনগৰতো এনে গল্ড এটিএম খোলাৰ পৰিকল্পনা কৰিছে। আগন্তুক ২ বছৰত সমগ্ৰ ভাৰতত প্ৰায় ৩,০০০ টা Gold ATM খোলাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু