--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গৰ্ভত থকা সন্তানৰ স্বাস্থ্য ভাল নহয়, সেয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা গৰ্ভপাতৰ অনুমতি পালে এগৰাকী অন্তঃসত্বা মহিলাই। ২৬ বছৰ বয়সীয়া মহিলাগৰাকী ৩৩ সপ্তাহৰ গৰ্ভৱতী আছিল।

কিন্তু গৰ্ভধাৰণৰ পৰীক্ষা কৰাৰ পাছত জানিব পৰা গৈছিল যে সন্তানটোৰ ভ্ৰুণৰ মস্তিষ্কৰ কাৰ্যকলাপ স্বাভাৱিক নহয়। সেইবাবেই গৰ্ভপাতৰ অনুমতি বিচাৰিছিল। আবেদনকাৰী অন্তঃসত্বা মহিলাগৰাকীৰ উপৰিও তেওঁৰ স্বামী আৰু চিকিৎসকসকলেও আদালতত বক্তব্য দিছিল।


দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি প্ৰতিভা এম সিংহই এই অনুমতি প্ৰদান কৰিছে। বিচাৰপতিগৰাকীয়ে কয়- “বিষয়টো বিবেচনা কৰাৰ পাছত আদালতে এই সিদ্ধান্ত লৈছে যে এইক্ষেত্ৰত মাকৰ সিদ্ধান্তই চূড়ান্ত। সেইবাবেই গৰ্ভপাতৰ অনুমতি দিয়া হৈছে। আবেদনকাৰীয়ে তেওঁৰ পছন্দৰ যিকোনো হস্পিতালত সোনকালেই গৰ্ভপাত কৰিব পাৰিব।”

উল্লেখ্য যে ছেপ্টেম্বৰ মাহত চুপ্ৰীম কোৰ্টে গৰ্ভপাত সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল। কৈছিল যে দেশৰ সকলো নাৰীয়েই নিৰাপদভাৱে গৰ্ভপাত কৰাব পাৰিব। গৰ্ভপাতৰ ক্ষেত্ৰত বিবাহিত আৰু অবিবাহিত সকলো নাৰীকে চুপ্ৰীম কোৰ্টে সামৰি লৈছে। ২০ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত অবিবাহিত মহিলাসকলেও গৰ্ভপাত কৰাব পাৰিব। ইয়াৰ পাছত গৰ্ভপাত কৰিলে আদালতৰ অনুমতি ল’ব লাগিব বুলি কোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু