--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ্ণাটকৰ এজন লোকৰ পেটত এশৰো অধিক মুদ্ৰা উদ্ধাৰ কৰি আচৰিত হৈ পৰিল চিকিৎসকৰ এটা দল। হঠাৎ পেটৰ বিষ আৰম্ভ হোৱাৰ বাবে ৫৮ বছৰীয়া ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আল্ট্ৰাছাউণ্ড আৰু এক্স-ৰে ব্যৱহাৰ কৰি এণ্ড’স্কপি কৰাৰ পাছত ডাক্তৰসকল স্তম্ভিত হৈ পৰিল! ব্যক্তিজনৰ পেটত ১৮৭টা মুদ্ৰা উদ্ধাৰ কৰে।

 চিকিৎসকে জানিব পাৰিলে যে ব্যক্তিজন স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত। আৰু এই ৰোগৰ বাবে তেওঁ ভুলবশতঃ মুদ্ৰাবোৰ গিলি পেলায়। নামটোৱেই কোৱাৰ দৰে স্কিজ’ফ্ৰেনিয়া এক কঠিন ৰোগ। এই ৰোগ কম শব্দৰে বুজাবলৈ টান। কিন্তু সহজ ভাষাত ক’বলৈ গ’লে ই এনে এক ৰোগ, য’ত ৰোগীয়ে বাস্তৱক কল্পনাৰ সৈতে বিভ্ৰান্ত কৰে। এই ৰোগত আক্ৰান্ত হ’লে সাধাৰণতে ৰোগীক গোটেই জীৱন চিকিৎসাৰ প্ৰয়োজন হয়।

 লোকজনৰ পেটৰ তীব্ৰ বিষ হোৱাত শনিবাৰে বগলকোটৰ এছ নিজলিংগাপ্পা চিকিৎসা মহাবিদ্যালয়ৰ সৈতে জড়িত হাংগল শ্ৰী কুমাৰেশ্বৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসক ঈশ্বৰ কালাবুৰ্গীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ‘ব্যক্তিজন মানসিক ৰোগত আক্ৰান্ত আছিল।’ যোৱা দুই-তিনিমাহ ধৰি সি মুদ্ৰাবোৰ গিলি আছিল। পেটৰ তীব্ৰ বিষ আৰু বমিৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

 অস্ত্ৰোপচাৰৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ মুঠ ১৮৭টা মুদ্ৰা উদ্ধাৰ কৰা হয়। এই মুদ্ৰাসমূহৰ ভিতৰত ৫৬টা পাঁচটকীয়া মুদ্ৰা, ৫১টা দুটকা আৰু ৮০টা একটকীয়া মুদ্ৰা আছিল। অস্ত্ৰোপচাৰৰ পাছত ৰোগীজনৰ অৱস্থা সুস্থ যদিও তেওঁ চিকিৎসকৰ পৰ্যবেক্ষণত আছে।

 স্কিজ’ফ্ৰেনিয়াৰ লক্ষণসমূহ কি কি?

এই ৰোগৰ এটা প্ৰধান লক্ষণ হ’ল বাস্তৱৰ ভুল ব্যাখ্যা। কিছুমান ক্ষেত্ৰত স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত লোকে ভাবে যে কোনোবাই তেওঁলোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিছে, কিছুমানৰ খ্যাতি, প্ৰেমৰ বিষয়ে ভ্ৰম হয়। কিছুমানে এনেকুৱা বস্তু দেখে যাৰ বাস্তৱ অস্তিত্ব একেবাৰেই নাই। কিছুমান ৰোগীৰ বাক সমস্যাও হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক