--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰ্ণাটকৰ এজন লোকৰ পেটত এশৰো অধিক মুদ্ৰা উদ্ধাৰ কৰি আচৰিত হৈ পৰিল চিকিৎসকৰ এটা দল। হঠাৎ পেটৰ বিষ আৰম্ভ হোৱাৰ বাবে ৫৮ বছৰীয়া ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আল্ট্ৰাছাউণ্ড আৰু এক্স-ৰে ব্যৱহাৰ কৰি এণ্ড’স্কপি কৰাৰ পাছত ডাক্তৰসকল স্তম্ভিত হৈ পৰিল! ব্যক্তিজনৰ পেটত ১৮৭টা মুদ্ৰা উদ্ধাৰ কৰে।

 চিকিৎসকে জানিব পাৰিলে যে ব্যক্তিজন স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত। আৰু এই ৰোগৰ বাবে তেওঁ ভুলবশতঃ মুদ্ৰাবোৰ গিলি পেলায়। নামটোৱেই কোৱাৰ দৰে স্কিজ’ফ্ৰেনিয়া এক কঠিন ৰোগ। এই ৰোগ কম শব্দৰে বুজাবলৈ টান। কিন্তু সহজ ভাষাত ক’বলৈ গ’লে ই এনে এক ৰোগ, য’ত ৰোগীয়ে বাস্তৱক কল্পনাৰ সৈতে বিভ্ৰান্ত কৰে। এই ৰোগত আক্ৰান্ত হ’লে সাধাৰণতে ৰোগীক গোটেই জীৱন চিকিৎসাৰ প্ৰয়োজন হয়।

 লোকজনৰ পেটৰ তীব্ৰ বিষ হোৱাত শনিবাৰে বগলকোটৰ এছ নিজলিংগাপ্পা চিকিৎসা মহাবিদ্যালয়ৰ সৈতে জড়িত হাংগল শ্ৰী কুমাৰেশ্বৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসক ঈশ্বৰ কালাবুৰ্গীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ‘ব্যক্তিজন মানসিক ৰোগত আক্ৰান্ত আছিল।’ যোৱা দুই-তিনিমাহ ধৰি সি মুদ্ৰাবোৰ গিলি আছিল। পেটৰ তীব্ৰ বিষ আৰু বমিৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

 অস্ত্ৰোপচাৰৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম ওজনৰ মুঠ ১৮৭টা মুদ্ৰা উদ্ধাৰ কৰা হয়। এই মুদ্ৰাসমূহৰ ভিতৰত ৫৬টা পাঁচটকীয়া মুদ্ৰা, ৫১টা দুটকা আৰু ৮০টা একটকীয়া মুদ্ৰা আছিল। অস্ত্ৰোপচাৰৰ পাছত ৰোগীজনৰ অৱস্থা সুস্থ যদিও তেওঁ চিকিৎসকৰ পৰ্যবেক্ষণত আছে।

 স্কিজ’ফ্ৰেনিয়াৰ লক্ষণসমূহ কি কি?

এই ৰোগৰ এটা প্ৰধান লক্ষণ হ’ল বাস্তৱৰ ভুল ব্যাখ্যা। কিছুমান ক্ষেত্ৰত স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত লোকে ভাবে যে কোনোবাই তেওঁলোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিছে, কিছুমানৰ খ্যাতি, প্ৰেমৰ বিষয়ে ভ্ৰম হয়। কিছুমানে এনেকুৱা বস্তু দেখে যাৰ বাস্তৱ অস্তিত্ব একেবাৰেই নাই। কিছুমান ৰোগীৰ বাক সমস্যাও হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু